--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰত। কিন্তু নিৰাপত্তা নহয়, ভাৰতে বাবৰ আজমৰ বিৰুদ্ধে খেলিবলৈ ভয় কৰে বাবেহে পাকিস্তানলৈ যাব নিবিচাৰে। এই মন্তব্য কৰিছে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰ ইমৰাণ নাজিৰে।

নাজিৰে অনুভৱ কৰে যে হৰাৰ ভয়তে ৰোহিতবাহিনীয়ে এছিয়া কাপ খেলিব নিবিচাৰে। নাজিৰে কয়- ‘‘নিৰাপত্তাক লৈ ভয় কৰাৰ কোনো কাৰণ নাই। এই সকলোবোৰ অজুহাত। পাকিস্তানত বহুত দলে খেলিবলৈ আহি আছে৷ অষ্ট্ৰেলিয়াই আহি খেলি গৈছে। ভাৰত আচলতে হৰাৰ ভয়ৰ বাবেই এছিয়া কাপ খেলিবলৈ পাকিস্তানলৈ আহিব বিচৰা নাই।’’

নাজিৰে ভাৰতক দেশখনলৈ নিমন্ত্ৰণো জনায়৷ কয়- ‘‘আহা ভাৰত খেলাহি! এবাৰ ৰাজনীতিৰ সৈতে খেলিবলৈ আৰম্ভ কৰিলে  ঘূৰি যোৱাৰ কোনো উপায় নাথাকে৷’’

উল্লেখ্য যে পাকিস্তানৰ হৈ নাজিৰে ৮ খন টেষ্ট, ৭৯ খন এদিনীয়া মেচ আৰু ২৫ খন টি-২০ খেলিছিল। ১৯৯৯ চনত তেওঁ অভিষেক ঘটায়। ২০১২ চনত খেলিছিল শেষৰখন মেচ। ২০০৭ চনৰ টি-২০ বিশ্বকাপতো নাজিৰ পাকিস্তান দলত আছিল।

আনহাতে, এইবাৰ এছিয়া কাপ হ’ব পাকিস্তানত। কিন্তু ভাৰত তালৈ নাযায়। নিৰপেক্ষ দেশত খেলিব ভাৰতে। ২০১৬ চনত পাকিস্তানে ভাৰতলৈ আহিছিল টি-২০ বিশ্বকাপ খেলিবলৈ। এইবাৰ ৫০ অভাৰৰ বিশ্বকাপ খেলিবলৈও আহিব পাৰে। কিন্তু ভাৰত কোনো প্ৰকাৰে পাকিস্তানলৈ যাবলৈ ইচ্ছুক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ