--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ২০০৮ চনত আৰম্ভ হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। তাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে আই পি এলৰ নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ হিচাপে পৰিগণিত হৈছে। এইবাৰ আই পি এলৰ ১৭ সংখ্যক ছিজন। সমগ্ৰ বিশ্বতে আই পি এলৰ কোটি কোটি দৰ্শক। এছিয়া, ইউৰোপ, আমেৰিকা আৰু আৰব দেশৰ সকলো ঠাইতে দেখা যায় আই পি এল।

কিন্তু ইয়াৰ পিছতো আফগানিস্তানত আই পি এলৰ টেলিকাষ্ট হোৱা নাই। বৰ্তমান আফগানিস্তানত তালিবান চৰকাৰ। আফগানিস্তানত আই পি এলত নিষেধাজ্ঞা আৰোপ কৰিছে তালিবান চৰকাৰে। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।

২০২১ চনত তালিবানে আশ্ৰাফ ঘানীৰ চৰকাৰক অপসাৰণ কৰি আফগানিস্তানত নিজাকৈ চৰকাৰ গঠন কৰিছিল। তেতিয়াৰ পৰাই আফগানিস্তানত বহু পৰিৱৰ্তন ঘটিছে। বৰ্তমান আফগানিস্তানৰ ক্ষমতা তালিবানৰ মতে চলি আছে। আফগানিস্তানত তালিবানে আই পি এল দেখুৱাবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে।

তালিবানে আইপিএল নিষিদ্ধ কৰাৰ কাৰণটো হ’ল আই পি এলত চিয়াৰ লিডাৰে নাচ কৰে। ষ্টেডিয়ামত উপস্থিত থাকে মহিলা দৰ্শক। সেয়ে তালিবান চৰকাৰে আফগানিস্তানত আই পি এলৰ টেলিকাষ্টত নিষেধাজ্ঞা আৰোপ কৰিছে।

যদিও আফগানিস্তানৰ তালিবান চৰকাৰে আই পি এলৰ টেলিকাষ্টত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু আই পি এলৰ সৈতে আফগানিস্তানৰ সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হোৱা নাই। আফগানিস্তানৰ বহু খেলুৱৈ আই পি এলৰ অংশ আৰু যোৱা কেইবছৰমানৰ পৰা ইয়াৰ ধাৰাবাহিকতা বৃদ্ধি পাইছে। আফগানিস্তানৰ মুঠ ৮ গৰাকী খেলুৱৈয়ে আই পি এল ২০২৪ ছিজনত খেলি আছে। য’ত আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানকো অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement