--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ২০০৮ চনত আৰম্ভ হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। তাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে আই পি এলৰ নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট লীগ হিচাপে পৰিগণিত হৈছে। এইবাৰ আই পি এলৰ ১৭ সংখ্যক ছিজন। সমগ্ৰ বিশ্বতে আই পি এলৰ কোটি কোটি দৰ্শক। এছিয়া, ইউৰোপ, আমেৰিকা আৰু আৰব দেশৰ সকলো ঠাইতে দেখা যায় আই পি এল।

কিন্তু ইয়াৰ পিছতো আফগানিস্তানত আই পি এলৰ টেলিকাষ্ট হোৱা নাই। বৰ্তমান আফগানিস্তানত তালিবান চৰকাৰ। আফগানিস্তানত আই পি এলত নিষেধাজ্ঞা আৰোপ কৰিছে তালিবান চৰকাৰে। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।

২০২১ চনত তালিবানে আশ্ৰাফ ঘানীৰ চৰকাৰক অপসাৰণ কৰি আফগানিস্তানত নিজাকৈ চৰকাৰ গঠন কৰিছিল। তেতিয়াৰ পৰাই আফগানিস্তানত বহু পৰিৱৰ্তন ঘটিছে। বৰ্তমান আফগানিস্তানৰ ক্ষমতা তালিবানৰ মতে চলি আছে। আফগানিস্তানত তালিবানে আই পি এল দেখুৱাবলৈ নিষেধাজ্ঞা আৰোপ কৰিছে।

তালিবানে আইপিএল নিষিদ্ধ কৰাৰ কাৰণটো হ’ল আই পি এলত চিয়াৰ লিডাৰে নাচ কৰে। ষ্টেডিয়ামত উপস্থিত থাকে মহিলা দৰ্শক। সেয়ে তালিবান চৰকাৰে আফগানিস্তানত আই পি এলৰ টেলিকাষ্টত নিষেধাজ্ঞা আৰোপ কৰিছে।

যদিও আফগানিস্তানৰ তালিবান চৰকাৰে আই পি এলৰ টেলিকাষ্টত নিষেধাজ্ঞা আৰোপ কৰিছিল। কিন্তু আই পি এলৰ সৈতে আফগানিস্তানৰ সম্পৰ্ক সম্পূৰ্ণৰূপে বিচ্ছিন্ন হোৱা নাই। আফগানিস্তানৰ বহু খেলুৱৈ আই পি এলৰ অংশ আৰু যোৱা কেইবছৰমানৰ পৰা ইয়াৰ ধাৰাবাহিকতা বৃদ্ধি পাইছে। আফগানিস্তানৰ মুঠ ৮ গৰাকী খেলুৱৈয়ে আই পি এল ২০২৪ ছিজনত খেলি আছে। য’ত আফগানিস্তানৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানকো অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু