--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ অশান্তজৰ্জৰ আফগানিস্তান। যুদ্ধ-বিধ্বস্ত আফগানভূমিত আঁতৰা নাই আতংকৰ কলীয়া ডাৱৰ। দীৰ্ঘ সংঘৰ্ষৰ অন্তত তালিবানক ৰুধিব নোৱাৰিলে মাছুদ বাহিনীয়ে। শেহতীয়াকৈ তালিবানে আফগানিস্তানৰ অন্তিমটো দুৰ্গ পঞ্জশীৰক নিজৰ নিয়ন্ত্ৰণলৈ আনিছে বুলি প্ৰকাশ পাইছে। দীৰ্ঘদিন ধৰি পঞ্জশীৰ প্ৰদেশক সুৰক্ষা দি থকা নৰ্দান এলায়েঞ্চ বাহিনী অৱশেষত পৰাভূত হয় তালিবানৰ হাতত। পৰাজয়ৰ পাছতে নৰ্দান এলায়েঞ্চৰ কমাণ্ডাৰ আহমেদ মাছুদে আফগানভূমি ত্যাগ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

শেহতীয়াকৈ আহমদ মাছুদে আফগানিস্তানৰ পৰা তুৰস্কলৈ পলায়ন কৰা বুলি তালিবানে সদৰী কৰিছে। ইয়াৰ পূৰ্বে প্ৰতিৰোধ বাহিনীৰ অন্যতম নেতা তথা স্ব-ঘোষিত আফগান উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে তালিবানৰ দ্বাৰা পঞ্জশীৰ দখল কৰাৰ পাছত দেশত্যাগ কৰিছিল। তালিবানৰ মতে, চালেহে দেশত্যাগৰ পাছত তাজিকিস্তানত আশ্ৰয় লৈছে। অৱশ্যে, আমৰুল্লাহ চালেহৰ পৰা এই বিষয়ে কোনো মন্তব্য এতিয়ালৈকে পোৱা নাই। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মাছুদ আহমেদে দেওবাৰে নিশা পঞ্জশীৰত সংঘৰ্ষ বন্ধ কৰিবলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত তালিবানে পুৱা সমগ্ৰ পঞ্জশীৰ দখলৰ দাবী জনাইছিল। তাৰ পাছত আমৰুল্লাহ চালেহ আৰু আহমেদ মাছুদে দেশ এৰি যোৱাৰ খবৰ বিয়পি পৰিছিল। ইয়াৰ পূৰ্বেও আমৰুল্লাহ চালেহে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মাধ্যমত দেশত্যাগ কৰিছিল বুলিও প্ৰকাশ পাইছিল। কিন্তু পৰৱ্ৰতী সময়ত ইয়াক উৰাবাতৰি বুলি প্ৰত্যাখ্যান কৰিছিল খুদ চালেহেই


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান