--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ অশান্তজৰ্জৰ আফগানিস্তান। যুদ্ধ-বিধ্বস্ত আফগানভূমিত আঁতৰা নাই আতংকৰ কলীয়া ডাৱৰ। দীৰ্ঘ সংঘৰ্ষৰ অন্তত তালিবানক ৰুধিব নোৱাৰিলে মাছুদ বাহিনীয়ে। শেহতীয়াকৈ তালিবানে আফগানিস্তানৰ অন্তিমটো দুৰ্গ পঞ্জশীৰক নিজৰ নিয়ন্ত্ৰণলৈ আনিছে বুলি প্ৰকাশ পাইছে। দীৰ্ঘদিন ধৰি পঞ্জশীৰ প্ৰদেশক সুৰক্ষা দি থকা নৰ্দান এলায়েঞ্চ বাহিনী অৱশেষত পৰাভূত হয় তালিবানৰ হাতত। পৰাজয়ৰ পাছতে নৰ্দান এলায়েঞ্চৰ কমাণ্ডাৰ আহমেদ মাছুদে আফগানভূমি ত্যাগ কৰিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

শেহতীয়াকৈ আহমদ মাছুদে আফগানিস্তানৰ পৰা তুৰস্কলৈ পলায়ন কৰা বুলি তালিবানে সদৰী কৰিছে। ইয়াৰ পূৰ্বে প্ৰতিৰোধ বাহিনীৰ অন্যতম নেতা তথা স্ব-ঘোষিত আফগান উপ-ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহে তালিবানৰ দ্বাৰা পঞ্জশীৰ দখল কৰাৰ পাছত দেশত্যাগ কৰিছিল। তালিবানৰ মতে, চালেহে দেশত্যাগৰ পাছত তাজিকিস্তানত আশ্ৰয় লৈছে। অৱশ্যে, আমৰুল্লাহ চালেহৰ পৰা এই বিষয়ে কোনো মন্তব্য এতিয়ালৈকে পোৱা নাই। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মাছুদ আহমেদে দেওবাৰে নিশা পঞ্জশীৰত সংঘৰ্ষ বন্ধ কৰিবলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত তালিবানে পুৱা সমগ্ৰ পঞ্জশীৰ দখলৰ দাবী জনাইছিল। তাৰ পাছত আমৰুল্লাহ চালেহ আৰু আহমেদ মাছুদে দেশ এৰি যোৱাৰ খবৰ বিয়পি পৰিছিল। ইয়াৰ পূৰ্বেও আমৰুল্লাহ চালেহে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মাধ্যমত দেশত্যাগ কৰিছিল বুলিও প্ৰকাশ পাইছিল। কিন্তু পৰৱ্ৰতী সময়ত ইয়াক উৰাবাতৰি বুলি প্ৰত্যাখ্যান কৰিছিল খুদ চালেহেই


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক