--°C
Loading...
Listen to Article
2 min read
80%

হিমাচল প্ৰদেশ : কৰ’নাৰ বিৰুদ্ধে ভাৰতবৰ্ষই চলাই থকা যুদ্ধত হিমাচল প্ৰদেশে সৃষ্টি কৰিছে এটা প্ৰশংসনীয় অভিলেখ। প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে ভেকচিন লাভ কৰা প্ৰথমখন ৰাজ্যত পৰিণত হৈছে হিমাচল প্ৰদেশ। হিমাচলৰ জনসংখ্যাৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে এটাকৈ হ’লেও কৰ’না ভেকচিন লাভ কৰিছে।

বৰ্তমানলৈ ১০০ শতাংশ টিকাকৰণ হৈছে ৰাজ্যখনত। হিমাচল প্ৰদেশৰ স্বাস্থ্য সচিবে অৱগত কৰা মতে ৰাজ্যখনত ৬৫ লাখ ৪৩ হাজাৰ ৪৭৪ গৰাকী লোকক প্ৰদান কৰা হৈছে কৰ’না ভেকচিনৰ প্ৰথমটো পালি। ১৮ লাখ লোকক প্ৰদান কৰা হৈছে দুয়োটা পালি। নৱেম্বৰ মাহলৈকে হিমাচলৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক কৰ’না ভেকচিনৰ দুয়োটা পালি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে হিমাচল প্ৰদেশ চৰকাৰে।

ইফালে, হিমাচলৰ এই কৃতিত্বক লৈ অভিভূত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী মোদীয়ে হিমাচলক কৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ চেম্পিয়ন আখ্যা দিয়ে। সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ স্বাস্থ্যকৰ্মীসকলৰ সৈতে ভাৰ্চুৱেল বাৰ্তালাপ কৰি সকলোৰে শলাগ লয়। ভাৰ্চুৱেল বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ আদিবাসী অধ্যুষিত আৰু দুৰ্গম এলেকাত কৰ্তব্য পালন কৰা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে ভাব বিনিময় কৰে। কোনো অন্ধবিশ্বাস, অপপ্ৰচাৰলৈ কাণ নিদি হিমাচলবাসীয়ে ভেকচিন ল’বলৈ সমন্বিতভাৱে আগবাঢ়ি অহাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক সাধুবাদ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক