--°C
Loading...
Listen to Article
2 min read
80%

হিমাচল প্ৰদেশ : কৰ’নাৰ বিৰুদ্ধে ভাৰতবৰ্ষই চলাই থকা যুদ্ধত হিমাচল প্ৰদেশে সৃষ্টি কৰিছে এটা প্ৰশংসনীয় অভিলেখ। প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে ভেকচিন লাভ কৰা প্ৰথমখন ৰাজ্যত পৰিণত হৈছে হিমাচল প্ৰদেশ। হিমাচলৰ জনসংখ্যাৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিয়ে এটাকৈ হ’লেও কৰ’না ভেকচিন লাভ কৰিছে।

বৰ্তমানলৈ ১০০ শতাংশ টিকাকৰণ হৈছে ৰাজ্যখনত। হিমাচল প্ৰদেশৰ স্বাস্থ্য সচিবে অৱগত কৰা মতে ৰাজ্যখনত ৬৫ লাখ ৪৩ হাজাৰ ৪৭৪ গৰাকী লোকক প্ৰদান কৰা হৈছে কৰ’না ভেকচিনৰ প্ৰথমটো পালি। ১৮ লাখ লোকক প্ৰদান কৰা হৈছে দুয়োটা পালি। নৱেম্বৰ মাহলৈকে হিমাচলৰ প্ৰতিগৰাকী যোগ্য ব্যক্তিক কৰ’না ভেকচিনৰ দুয়োটা পালি প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে হিমাচল প্ৰদেশ চৰকাৰে।

ইফালে, হিমাচলৰ এই কৃতিত্বক লৈ অভিভূত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰী মোদীয়ে হিমাচলক কৰ’নাৰ বিৰুদ্ধে যুদ্ধৰ চেম্পিয়ন আখ্যা দিয়ে। সোমবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ স্বাস্থ্যকৰ্মীসকলৰ সৈতে ভাৰ্চুৱেল বাৰ্তালাপ কৰি সকলোৰে শলাগ লয়। ভাৰ্চুৱেল বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ আদিবাসী অধ্যুষিত আৰু দুৰ্গম এলেকাত কৰ্তব্য পালন কৰা চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে ভাব বিনিময় কৰে। কোনো অন্ধবিশ্বাস, অপপ্ৰচাৰলৈ কাণ নিদি হিমাচলবাসীয়ে ভেকচিন ল’বলৈ সমন্বিতভাৱে আগবাঢ়ি অহাৰ বাবেও প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক সাধুবাদ দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান