--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ তালিবানে পঞ্জশীৰ দখল কৰাৰ কথা ঘোষণা কৰাৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰে। আবেলি প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকখনত দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালেও অংশগ্ৰহণ কৰে। সোমবাৰে বৈঠকখনত আফগানিস্তানৰ সমকালীন পৰিস্থিতিৰ ওপৰত পৰ্যালোচনা কৰা হয়। অৱশ্যে, আফগানিস্তানৰ কি বিষয়ক লৈ আলোচনা কৰা হৈছে, সেয়া এতিয়াও জানিবলৈ পোৱা নাই।

আফগানিস্তানৰ পৰিস্থিতিৰ লগতে বৈঠকত অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোকপাত কৰা হয় বুলি জানিব পৰা গৈছে। বিগত সপ্তাহতো আফগানিস্তানৰ পৰিস্থিতিক কেন্দ্ৰ কৰি বৈঠকৰ আয়োজন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। উক্ত বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু এন এছ এৰ অজিত ডোভালো উপস্থিত আছিল।


ইয়াৰোপৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ আফগানিস্তানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ এখন উচ্চ-পৰ্যায়ৰ সমিতিও গঠন কৰিছে। সমিতিখনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলৰ সৈতে গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চ পৰ্যায়ৰ সমিতিখনত ভাৰতবিৰোধী কাৰ্য-কলাপৰ বাবে আফগানিস্তানৰ মাটি যাতে ব্যৱহাৰ কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। সমিতিখনে আফগানিস্তানৰ প্ৰতি বিশ্বৰ আন দেশসমূহৰ মনোভাৱো নিৰীক্ষণ কৰিব বুলি প্ৰকাশ পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক