--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ ইতিমধ্যে অ’মিক্ৰনে পশ্চিমীয়া দেশকেইখনত সন্ত্ৰাস আৰম্ভ কৰিছে৷ সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰন ৰ। ভাৰততো অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৩০০ ৰ ঘৰ অতিক্ৰম কৰিলে৷ ইফালে অ’মিক্ৰনৰ সমান্তৰালকৈ ক’ভিডৰ তৃতীয় লহৰৰ আশংকাই উদ্বিগ্ন কৰি তুলিছে কেন্দ্ৰক। নৱবৰ্ষ সমাগত, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশেষভাৱে সাজু হৈ পৰিছে দেশৰ সকলো ৰাজ্য৷ কৰ’নাৰ দৰে মাৰত্মক অ’মিক্ৰনৰ সন্ত্ৰাস ৰুধিবলৈ ৰাজ্যসমূহে গ্ৰহণ কৰিছে কেতবোৰ জনহিতকৰ পদক্ষেপ।

মহাৰাষ্ট্ৰ চৰকাৰে দিয়া নতুন নিৰ্দেশনা অনুসৰি-

১)মুম্বাই পৌৰ নিগমে (বিএমচি) ক’ভিড-১৯ পৰিস্থিতিৰ বাবে মুম্বাইৰ সকলো মুকলি বা বন্ধ স্থানত অনুষ্ঠান উদযাপনৰ কাৰ্যসূচী নিষিদ্ধ কৰিছে।
২)ৰাজ্যজুৰি ৰাজহুৱা স্থানত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ ৫ জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰিছে৷
৩) বিবাহ অনুষ্ঠানত মাত্ৰ ১০০ জন লোকক উপস্থিত অনুমতি দিয়া হৈছে৷
৪) জিম, স্পা, হোটেল, থিয়েটাৰ আৰু চিনেমা হলৰ বাবে ৫০% লোকৰ অনুমতি

কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশেষভাৱে সাজু হৈ পৰিছে দিল্লী চৰকাৰ। কৰ’নাৰ দৰে মাৰন ভাইৰাছ বিধক ৰুধিবলৈ গ্ৰহণ কৰিছে জনহিতকৰ কেতবোৰ পদক্ষেপ। ইতিমধ্যে, দিল্লীত কেজৰিৱাল চৰকাৰে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষত জন সমাৱেশ নিষিদ্ধ কৰিছে। সকলো জিলা দণ্ডাধীশে তেওঁলোকৰ অন্তৰ্গত অঞ্চলসমূহত চোকা দৃষ্টি ৰখাৰ কথাকে সদৰী কৰিছে।

তদুপৰি, হাৰিয়ানা চৰকাৰে ১ জানুৱাৰী ২০২২ ৰ পৰা ক’ভিড-১৯ টিকাকৰণৰ দ্বিতীয়টো পালি বাধ্যতামূলক কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনকি ৰাজ্য চৰকাৰসমূহেও নতুন বছৰৰ পৰা সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিকহে ৰাজহুৱা স্থানত থকাৰ অনুমতি প্ৰদানৰ লগতে পৰিবহনৰ দিশটোতো গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। ক’ভিডৰ সম্পূৰ্ণ ভেকচিন ল’লেহে বাছ আৰু ৰেল যাত্ৰা কৰিবলৈ অনুমতি দিব বুলিও সদৰী কৰে৷

ইফালে, পঞ্জাৱ চৰকাৰেও অনুৰূপ কাৰ্যব্যৱস্থা হাতত লোৱা দেখা গৈছে। চৰকাৰী কৰ্মচাৰীসকলক টিকাকৰণ কৰাটো বাধ্যতামূলক কৰিছে পঞ্জাৱ চৰকাৰে৷ যদি কোনো লোকে টিকাকৰণ নকৰে তেন্তে তেওঁলোকক দৰমহা আদায় দিয়া নহ’ব বুলি বুধবাৰে ৰাজ্য চৰকাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ ‌দিয়ে।

অ’মিক্ৰনৰ শংকাৰ মাজতে ৰাজ্যখনৰ লোকসকলক টিকাকৰণৰ বাবে হেঁচা দিয়াৰ উদ্দেশ্য, পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ‘নো ভেকচিন, নো জ’ব, নো দৰমহা’ নীতি আৰোপ কৰিছে৷ পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক তেওঁলোকৰ দৰমহা নিয়মীয়াকৈ লাভ কৰিব বিচাৰিলে ক’ভিড-১৯ ভেকছিনৰ প্ৰমাণপত্ৰ চৰকাৰী পৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনাইছে এক বিবৃতিযোগে।

ইফালে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ বাবে চীনৰ বহুটো অঞ্চলত লকডাউনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰশাসনে৷

প্ৰণিধানযোগ্য যে, ভাৰত চৰকাৰেও অ’মিক্ৰনৰ সন্ত্ৰাস ৰুধিবলৈ বহুতো পদক্ষেপ হাতত লৈছে৷ আন্তৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত বহুতো নিষেধাজ্ঞ আৰোপ কৰিছে ভাৰত চৰকাৰে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা সকলো যাত্ৰীকে সতৰ্ক কৰি দিয়া হৈছে। উছাহৰ আনন্দৰ মাজতে যাতে সাধাৰণ জীৱন-জীৱিকাত মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰদিন আৰু নৱবৰ্ষ সৰ্তকতাৰে পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ