--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ক্ৰমাৎ আগ্ৰাসীৰূপ ধাৰণ কৰিছে অ’মিক্ৰনে৷ ইতিমধ্যে অ’মিক্ৰনে পশ্চিমীয়া দেশকেইখনত সন্ত্ৰাস আৰম্ভ কৰিছে৷ সংখ্যাতত্ত্বৰ সকলো হিচাপক চেৰাই গৈ দ্ৰুত হাৰত বিয়পিছে কৰ’না ভাইৰাছৰ নতুন প্ৰজাতি অ’মিক্ৰন ৰ। ভাৰততো অ’মিক্ৰনত আক্ৰান্তৰ সংখ্যা ৩০০ ৰ ঘৰ অতিক্ৰম কৰিলে৷ ইফালে অ’মিক্ৰনৰ সমান্তৰালকৈ ক’ভিডৰ তৃতীয় লহৰৰ আশংকাই উদ্বিগ্ন কৰি তুলিছে কেন্দ্ৰক। নৱবৰ্ষ সমাগত, ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশেষভাৱে সাজু হৈ পৰিছে দেশৰ সকলো ৰাজ্য৷ কৰ’নাৰ দৰে মাৰত্মক অ’মিক্ৰনৰ সন্ত্ৰাস ৰুধিবলৈ ৰাজ্যসমূহে গ্ৰহণ কৰিছে কেতবোৰ জনহিতকৰ পদক্ষেপ।

মহাৰাষ্ট্ৰ চৰকাৰে দিয়া নতুন নিৰ্দেশনা অনুসৰি-

১)মুম্বাই পৌৰ নিগমে (বিএমচি) ক’ভিড-১৯ পৰিস্থিতিৰ বাবে মুম্বাইৰ সকলো মুকলি বা বন্ধ স্থানত অনুষ্ঠান উদযাপনৰ কাৰ্যসূচী নিষিদ্ধ কৰিছে।
২)ৰাজ্যজুৰি ৰাজহুৱা স্থানত নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈ ৫ জনতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰিছে৷
৩) বিবাহ অনুষ্ঠানত মাত্ৰ ১০০ জন লোকক উপস্থিত অনুমতি দিয়া হৈছে৷
৪) জিম, স্পা, হোটেল, থিয়েটাৰ আৰু চিনেমা হলৰ বাবে ৫০% লোকৰ অনুমতি

কৰ’না সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই বিশেষভাৱে সাজু হৈ পৰিছে দিল্লী চৰকাৰ। কৰ’নাৰ দৰে মাৰন ভাইৰাছ বিধক ৰুধিবলৈ গ্ৰহণ কৰিছে জনহিতকৰ কেতবোৰ পদক্ষেপ। ইতিমধ্যে, দিল্লীত কেজৰিৱাল চৰকাৰে খ্ৰীষ্টমাছ আৰু নৱবৰ্ষত জন সমাৱেশ নিষিদ্ধ কৰিছে। সকলো জিলা দণ্ডাধীশে তেওঁলোকৰ অন্তৰ্গত অঞ্চলসমূহত চোকা দৃষ্টি ৰখাৰ কথাকে সদৰী কৰিছে।

তদুপৰি, হাৰিয়ানা চৰকাৰে ১ জানুৱাৰী ২০২২ ৰ পৰা ক’ভিড-১৯ টিকাকৰণৰ দ্বিতীয়টো পালি বাধ্যতামূলক কৰা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আনকি ৰাজ্য চৰকাৰসমূহেও নতুন বছৰৰ পৰা সম্পূৰ্ণ টিকাকৰণ কৰা ব্যক্তিকহে ৰাজহুৱা স্থানত থকাৰ অনুমতি প্ৰদানৰ লগতে পৰিবহনৰ দিশটোতো গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। ক’ভিডৰ সম্পূৰ্ণ ভেকচিন ল’লেহে বাছ আৰু ৰেল যাত্ৰা কৰিবলৈ অনুমতি দিব বুলিও সদৰী কৰে৷

ইফালে, পঞ্জাৱ চৰকাৰেও অনুৰূপ কাৰ্যব্যৱস্থা হাতত লোৱা দেখা গৈছে। চৰকাৰী কৰ্মচাৰীসকলক টিকাকৰণ কৰাটো বাধ্যতামূলক কৰিছে পঞ্জাৱ চৰকাৰে৷ যদি কোনো লোকে টিকাকৰণ নকৰে তেন্তে তেওঁলোকক দৰমহা আদায় দিয়া নহ’ব বুলি বুধবাৰে ৰাজ্য চৰকাৰে সংবাদ মাধ্যমৰ আগত জানিবলৈ ‌দিয়ে।

অ’মিক্ৰনৰ শংকাৰ মাজতে ৰাজ্যখনৰ লোকসকলক টিকাকৰণৰ বাবে হেঁচা দিয়াৰ উদ্দেশ্য, পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ‘নো ভেকচিন, নো জ’ব, নো দৰমহা’ নীতি আৰোপ কৰিছে৷ পঞ্জাৱ চৰকাৰে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীক তেওঁলোকৰ দৰমহা নিয়মীয়াকৈ লাভ কৰিব বিচাৰিলে ক’ভিড-১৯ ভেকছিনৰ প্ৰমাণপত্ৰ চৰকাৰী পৰ্টেলত আপলোড কৰিবলৈ আহ্বান জনাইছে এক বিবৃতিযোগে।

ইফালে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ বাবে চীনৰ বহুটো অঞ্চলত লকডাউনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰশাসনে৷

প্ৰণিধানযোগ্য যে, ভাৰত চৰকাৰেও অ’মিক্ৰনৰ সন্ত্ৰাস ৰুধিবলৈ বহুতো পদক্ষেপ হাতত লৈছে৷ আন্তৰাষ্ট্ৰীয় ভ্ৰমণৰ ক্ষেত্ৰত বহুতো নিষেধাজ্ঞ আৰোপ কৰিছে ভাৰত চৰকাৰে৷ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা সকলো যাত্ৰীকে সতৰ্ক কৰি দিয়া হৈছে। উছাহৰ আনন্দৰ মাজতে যাতে সাধাৰণ জীৱন-জীৱিকাত মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বৰদিন আৰু নৱবৰ্ষ সৰ্তকতাৰে পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক