ডিজিটেল ডেস্কঃ এটা শৰীৰ… দুটা জীৱন। দুটা শৰীৰ সংলগ্ন হৈ থকা এই যমজ ভাতৃৰ নাম চোহনা সিং আৰু মোহনা সিং। চোহনা আৰু মোহনাৰ জন্ম হৈছিল ২০০৩ চনৰ ১৪ জুনত দিল্লীৰ সুচেতা কৃপালানী চিকিৎসালয়ত। এওঁলোক পঞ্জাৱ অমৃতসৰৰ বাসিন্দা। দুই যমজ সন্তানৰ শৰীৰটো লগ লাগি থকা দেখি পিতৃ-মাতৃৱে খুব ভয় খায়। চিকিৎসকসকলে তেওঁলোকৰ এজনকো পৃথক কৰাৰ সিদ্ধান্ত লোৱা নাছিল কিয়নো তেনে কৰিলে তেওঁলোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। এনে সন্তানক লগত ৰাখিব নোৱাৰি বুলি ত্যাগ কৰে পিতৃ-মাতৃৱে।

নানা সংগ্ৰামৰ মাজেৰে দুয়ো জীয়াই থাকিল। চোহনা সিং আৰু মোহনা সিঙক পঞ্জাৱ চৰকাৰে এটা বৰ ডাঙৰ উপহাৰ দিলে বৰদিনৰ আগে আগে। অমৃতসৰৰ পঞ্জাৱ ৰাজ্যিক বিদ্যুৎ নিগমত চোহনা আৰু মোহনাক চাকৰি দিয়ে পঞ্জাৱ চৰকাৰে। যমজ ভাতৃ চোহনা আৰু মোহনাই ২০ ডিচেম্বৰত চাকৰিত যোগদান কৰে। তেওঁলোকে ২০,০০০ টকাৰ দৰমহা পাব।
দুয়োৰে জীৱনে এক ডাঙৰ অনুপ্ৰেৰণা হৈ সমাজক দেখুৱাইছে যে শাৰীৰিক দুৰ্বলতাই এজন ব্যক্তিক তেওঁৰ উদ্দেশ্য পূৰণ কৰাত বাধা দিব নোৱাৰে। পঞ্জাৱ ৰাজ্যিক বিদ্যুৎ নিগমৰ ছাবষ্টেচন জুনিয়ৰ ইঞ্জিনিয়াৰ ৰবীন্দ্ৰ কুমাৰে কয়, "চোহনা-মোহনাই আমাক ইয়াত বৈদ্যুতিক সঁজুলিৰ যত্ন লোৱাত সহায় কৰিব। পঞ্জাৱ চৰকাৰে তেওঁলোকক নিয়োগ কৰিছে। চোহনাই চাকৰিটো পাইছে আৰু মোহনাই তেওঁক কাম কৰাত সহায় কৰিব। তেওঁলোকৰ কামৰ অভিজ্ঞতাও ভাল।

চাকৰি এটা পোৱাত চোহনা আৰু মোহনা সুখী হৈ পৰিছে। তেওঁলোকে পঞ্জাৱ চৰকাৰক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। চোহনা আৰু মোহনাৰ আইটিআইত ইলেক্ট্ৰিচিয়ানৰ ডিপ্লোমা আছে। বিদ্যুৎ বিভাগে তেওঁলোকক বিদ্যুৎ উপ-কেন্দ্ৰত চাকৰি দিছে। তেওঁলোকে তাত বিদ্যুৎ যোগানৰ নিয়ন্ত্ৰণ কক্ষত কাম কৰি আছে। চোহনা-মোহনাৰ জীৱনৰ এই সফলতাত সুখী হৈ পৰিছে তেওঁলোকৰ শুভাকাংক্ষীসকল।
আৰু পঢ়কঃ অ’মিক্ৰনঃ উত্তৰ প্ৰদেশ,মধ্য প্ৰদেশত নাইট কাৰ্ফিউ জাৰি; অসম বাচিব কেনেকৈ?