--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা শৰীৰ… দুটা জীৱন। দুটা শৰীৰ সংলগ্ন হৈ থকা এই যমজ ভাতৃৰ নাম চোহনা সিং আৰু মোহনা সিং। চোহনা আৰু মোহনাৰ জন্ম হৈছিল ২০০৩ চনৰ ১৪ জুনত দিল্লীৰ সুচেতা কৃপালানী চিকিৎসালয়ত। এওঁলোক পঞ্জাৱ অমৃতসৰৰ বাসিন্দা। দুই যমজ সন্তানৰ শৰীৰটো লগ লাগি থকা দেখি পিতৃ-মাতৃৱে খুব ভয় খায়। চিকিৎসকসকলে তেওঁলোকৰ এজনকো পৃথক কৰাৰ সিদ্ধান্ত লোৱা নাছিল কিয়নো তেনে কৰিলে তেওঁলোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা আছিল। এনে সন্তানক লগত ৰাখিব নোৱাৰি বুলি ত্যাগ কৰে পিতৃ-মাতৃৱে।

নানা সংগ্ৰামৰ মাজেৰে দুয়ো জীয়াই থাকিল। চোহনা সিং আৰু মোহনা সিঙক পঞ্জাৱ চৰকাৰে এটা বৰ ডাঙৰ উপহাৰ দিলে বৰদিনৰ আগে আগে। অমৃতসৰৰ পঞ্জাৱ ৰাজ্যিক বিদ্যুৎ নিগমত চোহনা আৰু মোহনাক চাকৰি দিয়ে পঞ্জাৱ চৰকাৰে। যমজ ভাতৃ চোহনা আৰু মোহনাই ২০ ডিচেম্বৰত চাকৰিত যোগদান কৰে। তেওঁলোকে ২০,০০০ টকাৰ দৰমহা পাব।

দুয়োৰে জীৱনে এক ডাঙৰ অনুপ্ৰেৰণা হৈ সমাজক দেখুৱাইছে যে শাৰীৰিক দুৰ্বলতাই এজন ব্যক্তিক তেওঁৰ উদ্দেশ্য পূৰণ কৰাত বাধা দিব নোৱাৰে। পঞ্জাৱ ৰাজ্যিক বিদ্যুৎ নিগমৰ ছাবষ্টেচন জুনিয়ৰ ইঞ্জিনিয়াৰ ৰবীন্দ্ৰ কুমাৰে কয়, "চোহনা-মোহনাই আমাক ইয়াত বৈদ্যুতিক সঁজুলিৰ যত্ন লোৱাত সহায় কৰিব। পঞ্জাৱ চৰকাৰে তেওঁলোকক নিয়োগ কৰিছে। চোহনাই চাকৰিটো পাইছে আৰু মোহনাই তেওঁক কাম কৰাত সহায় কৰিব। তেওঁলোকৰ কামৰ অভিজ্ঞতাও ভাল।

চাকৰি এটা পোৱাত চোহনা আৰু মোহনা সুখী হৈ পৰিছে। তেওঁলোকে পঞ্জাৱ চৰকাৰক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। চোহনা আৰু মোহনাৰ আইটিআইত ইলেক্ট্ৰিচিয়ানৰ ডিপ্লোমা আছে। বিদ্যুৎ বিভাগে তেওঁলোকক বিদ্যুৎ উপ-কেন্দ্ৰত চাকৰি দিছে। তেওঁলোকে তাত বিদ্যুৎ যোগানৰ নিয়ন্ত্ৰণ কক্ষত কাম কৰি আছে। চোহনা-মোহনাৰ জীৱনৰ এই সফলতাত সুখী হৈ পৰিছে তেওঁলোকৰ শুভাকাংক্ষীসকল।

আৰু পঢ়কঃ অ’মিক্ৰনঃ উত্তৰ প্ৰদেশ,মধ্য প্ৰদেশত নাইট কাৰ্ফিউ জাৰি; অসম বাচিব কেনেকৈ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন