--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ নৱেম্বৰত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হয় বি টাউনৰ মৰমলগা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। কাপুৰ দম্পতীৰ কন্যাৰ নাম ৰাহা। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰাহাৰ মুখখন চাবলৈ। এনে সময়তে ৰণবীৰ কাপুৰে পিতৃ হোৱাৰ পাছত তেওঁৰ অভিজ্ঞতাৰ কথা  ব্যক্ত কৰিছে। এই নতুন যাত্ৰাৰ কৰ্তব্য পালনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু ৰণবীৰ কাপুৰ। ৰেড ছী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত উপস্থিত আছিল ৰণবীৰ কাপুৰ। 

ইয়াত তেওঁ পিতৃ হোৱাৰ পিছত তেওঁৰ জীৱন আৰু ভৱিষ্যতৰ পৰিকল্পনা কি সেই কথা জনালে। কন্যা ৰাহাৰ আগমনত ৰণবীৰ কাপুৰ ইমানেই সুখী যে তেওঁ কয় যে তেওঁ বহু আগতেই পিতৃ হোৱাৰ সিদ্ধান্ত ল’ব লাগিছিল। ইয়াৰ লগতে তেওঁ এটা কথা কয় যে পিতৃ হোৱাৰ পাছত তেওঁ এটা কথাত বহুত ভয় খাইছে। কিয় ভয় খাইছে ৰণবীৰ কাপুৰে।

নিজৰ ভয়ৰ কথা উল্লেখ কৰি অভিনেতাজনে কয় যে যেতিয়া তেওঁৰ সন্তানৰ বয়স ২০ বছৰ হ’ব তেতিয়া তেওঁৰ বয়স হ’ব ৬০ বছৰ। সেই সময়ত তেওঁ নিজৰ সন্তানৰ লগত ফুটবল খেলিব পাৰিব নে দৌৰিব পাৰিব? অভিনেতাগৰাকীৰ মতে, পিতৃ হোৱাটোত ইমানেই আনন্দ যে যিটো আনন্দ তেওঁ আগতে কেতিয়াও অনুভৱ কৰা নাছিল। ৰণবীৰে কয় যে তেওঁ আৰু আলিয়াই প্ৰায়ে তেওঁলোকৰ সন্তানক দিব বিচৰা মূল্যবোধৰ ব্যৱস্থাৰ বিষয়ে কথা পাতে।

২০২২ চনটো ৰণবীৰ কাপুৰৰ বাবে আটাইতকৈ বিশেষ বছৰ। আলিয়া ভাটক বিয়া কৰাই পিতৃ হোৱালৈকে এইবাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দ লাভ কৰিছে অভিনেতাগৰাকীয়ে। তেওঁৰ অনুৰাগীৰ অপেক্ষাও অতি সোনকালে শেষ হ’ব কাৰণ ৰশ্মিকা মান্দানাৰ সৈতে এনিমেল ছবিত দেখা যাব ৰণবীৰক। ইয়াৰ উপৰিও শ্ৰদ্ধা কাপুৰৰ সৈতে এখন ছবিতো দেখা যাব ৰণবীৰ কাপুৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক