--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৬ নৱেম্বৰত এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হয় বি টাউনৰ মৰমলগা দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট। কাপুৰ দম্পতীৰ কন্যাৰ নাম ৰাহা। অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৰাহাৰ মুখখন চাবলৈ। এনে সময়তে ৰণবীৰ কাপুৰে পিতৃ হোৱাৰ পাছত তেওঁৰ অভিজ্ঞতাৰ কথা  ব্যক্ত কৰিছে। এই নতুন যাত্ৰাৰ কৰ্তব্য পালনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ সাজু ৰণবীৰ কাপুৰ। ৰেড ছী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত উপস্থিত আছিল ৰণবীৰ কাপুৰ। 

ইয়াত তেওঁ পিতৃ হোৱাৰ পিছত তেওঁৰ জীৱন আৰু ভৱিষ্যতৰ পৰিকল্পনা কি সেই কথা জনালে। কন্যা ৰাহাৰ আগমনত ৰণবীৰ কাপুৰ ইমানেই সুখী যে তেওঁ কয় যে তেওঁ বহু আগতেই পিতৃ হোৱাৰ সিদ্ধান্ত ল’ব লাগিছিল। ইয়াৰ লগতে তেওঁ এটা কথা কয় যে পিতৃ হোৱাৰ পাছত তেওঁ এটা কথাত বহুত ভয় খাইছে। কিয় ভয় খাইছে ৰণবীৰ কাপুৰে।

নিজৰ ভয়ৰ কথা উল্লেখ কৰি অভিনেতাজনে কয় যে যেতিয়া তেওঁৰ সন্তানৰ বয়স ২০ বছৰ হ’ব তেতিয়া তেওঁৰ বয়স হ’ব ৬০ বছৰ। সেই সময়ত তেওঁ নিজৰ সন্তানৰ লগত ফুটবল খেলিব পাৰিব নে দৌৰিব পাৰিব? অভিনেতাগৰাকীৰ মতে, পিতৃ হোৱাটোত ইমানেই আনন্দ যে যিটো আনন্দ তেওঁ আগতে কেতিয়াও অনুভৱ কৰা নাছিল। ৰণবীৰে কয় যে তেওঁ আৰু আলিয়াই প্ৰায়ে তেওঁলোকৰ সন্তানক দিব বিচৰা মূল্যবোধৰ ব্যৱস্থাৰ বিষয়ে কথা পাতে।

২০২২ চনটো ৰণবীৰ কাপুৰৰ বাবে আটাইতকৈ বিশেষ বছৰ। আলিয়া ভাটক বিয়া কৰাই পিতৃ হোৱালৈকে এইবাৰ জীৱনৰ আটাইতকৈ ডাঙৰ আনন্দ লাভ কৰিছে অভিনেতাগৰাকীয়ে। তেওঁৰ অনুৰাগীৰ অপেক্ষাও অতি সোনকালে শেষ হ’ব কাৰণ ৰশ্মিকা মান্দানাৰ সৈতে এনিমেল ছবিত দেখা যাব ৰণবীৰক। ইয়াৰ উপৰিও শ্ৰদ্ধা কাপুৰৰ সৈতে এখন ছবিতো দেখা যাব ৰণবীৰ কাপুৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু