--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ হেণ্ডচাম হৃতিক ৰোশনে ছাবা আজাদৰ লগত ডেটিং কৰি থকাৰ খবৰ হয়তো সকলোৰে জানে।  দুয়োজনেই নিজৰ সম্পৰ্কক লৈ যথেষ্ট উৎসাহী আৰু প্ৰায়ে দুয়োকে একেলগে দেখা যায়। কিন্তু এই সময়ত এনে কিছুমান ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিবোৰ দেখি মানুহে হৃতিক আৰু ছাবাৰ সম্পৰ্কক লৈ বহু প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। ভাইৰেল ফটোবোৰ দেখাৰ পাছত মানুহে আচৰিত হোৱাৰ বিপৰীতে আনফালে বহুতে এই বিষয়ে অভিনেতাজনক তীব্ৰভাৱে ট্ৰ’ল কৰে।

আচলতে ভাইৰেল ছবিসমূহত হৃতিকক দেখা গৈছে ছাবা আদাজৰ বাহিৰে পাকিস্তানী অভিনেত্ৰী মহিৰা খানৰ সৈতে। ক’লা চুট পিন্ধি অভিনেতাগৰাকীক সদায়ৰ দৰেই ধুনীয়া দেখা গৈছিল, আনহাতে সোণালী ৰঙৰ গাউন পিন্ধা মহিৰাকো দেখাত অপ্সৰাতকৈ কম লগা নাছিল ।  একেখন টেবুলতে বহি দুয়োজন শিল্পীয়ে ইজনে সিজনৰ লগত হাঁহি হাঁহি কথা পতাৰ এই ছবি ভাইৰেল হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত এক বেলেগ বিতৰ্কৰ সূচনা হয় । কেৱল এয়াই নহয়, আনকি এই সন্দৰ্ভত হৃতিক আৰু সাবাৰ সম্পৰ্কক লৈও একাংশই প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে।

ছবিসমূহৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ছাবাৰ সৈতে তেওঁৰ বিচ্ছেদ হৈছে নেকি?’ আনজনে লিখিলে, ‘আজি তেওঁৰ জীয়ৰী ক’ত?’। তৃতীয়জনে লিখিছে, ‘সাবা আজাদৰ সলনি মহিৰা খান থাকিলে ভাল আছিল।’ এই সকলোবোৰৰ বাহিৰে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'দুয়োকে একেলগে বহুত ভাল লাগিছে, হৃতিক জীয়েকৰ বয়সৰ ছোৱালীজনীৰ বাহিৰে আন বিকল্প চাব লাগে।' 

সঁচাকৈয়ে ঋত্বিক ৰোশন-মহিৰা খান ডেটত গৈছিল নেকি?
হৃতিক আৰু মহিৰাক একেলগে দেখাৰ পাছত অভিনেতাজনৰ বিচ্ছেদ আৰু মহিৰাৰ সৈতে তেওঁৰ নতুন সম্পৰ্কক লৈ ৰাইজে জল্পনা-কল্পনা কৰিছে। অৱশ্যে এনেধৰণৰ কিবা এটা চিন্তা কৰাৰ আগতে কওঁ যে এই ছবিবোৰ চৌদি আৰৱত আয়োজিত লোহিত সাগৰৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ। এই মহোৎসৱত হৃতিক আৰু মহিৰাৰ উপৰিও ভাৰতৰ লগতে বিদেশৰ বহু শিল্পীয়েও অংশগ্ৰহণ কৰে।

যদি আমি দুয়োৰে ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁ, তেন্তে পাকিস্তানী অভিনেত্ৰী মহিৰা খানে বৰ্তমান তেওঁৰ ছবি ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ৰ বাবে শিৰোনাম দখল কৰিছে। মুক্তিৰ পাছত এই ছবিখন অবিৰতভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। একে সময়তে দীপিকা পাডুকনৰ সৈতে ‘ফাইটাৰ’ত পুনৰ এবাৰ দেখা যাব হৃতিক ৰোশনক।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক