--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ হেণ্ডচাম হৃতিক ৰোশনে ছাবা আজাদৰ লগত ডেটিং কৰি থকাৰ খবৰ হয়তো সকলোৰে জানে।  দুয়োজনেই নিজৰ সম্পৰ্কক লৈ যথেষ্ট উৎসাহী আৰু প্ৰায়ে দুয়োকে একেলগে দেখা যায়। কিন্তু এই সময়ত এনে কিছুমান ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিবোৰ দেখি মানুহে হৃতিক আৰু ছাবাৰ সম্পৰ্কক লৈ বহু প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে। ভাইৰেল ফটোবোৰ দেখাৰ পাছত মানুহে আচৰিত হোৱাৰ বিপৰীতে আনফালে বহুতে এই বিষয়ে অভিনেতাজনক তীব্ৰভাৱে ট্ৰ’ল কৰে।

আচলতে ভাইৰেল ছবিসমূহত হৃতিকক দেখা গৈছে ছাবা আদাজৰ বাহিৰে পাকিস্তানী অভিনেত্ৰী মহিৰা খানৰ সৈতে। ক’লা চুট পিন্ধি অভিনেতাগৰাকীক সদায়ৰ দৰেই ধুনীয়া দেখা গৈছিল, আনহাতে সোণালী ৰঙৰ গাউন পিন্ধা মহিৰাকো দেখাত অপ্সৰাতকৈ কম লগা নাছিল ।  একেখন টেবুলতে বহি দুয়োজন শিল্পীয়ে ইজনে সিজনৰ লগত হাঁহি হাঁহি কথা পতাৰ এই ছবি ভাইৰেল হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত এক বেলেগ বিতৰ্কৰ সূচনা হয় । কেৱল এয়াই নহয়, আনকি এই সন্দৰ্ভত হৃতিক আৰু সাবাৰ সম্পৰ্কক লৈও একাংশই প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে।

ছবিসমূহৰ ওপৰত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ছাবাৰ সৈতে তেওঁৰ বিচ্ছেদ হৈছে নেকি?’ আনজনে লিখিলে, ‘আজি তেওঁৰ জীয়ৰী ক’ত?’। তৃতীয়জনে লিখিছে, ‘সাবা আজাদৰ সলনি মহিৰা খান থাকিলে ভাল আছিল।’ এই সকলোবোৰৰ বাহিৰে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, 'দুয়োকে একেলগে বহুত ভাল লাগিছে, হৃতিক জীয়েকৰ বয়সৰ ছোৱালীজনীৰ বাহিৰে আন বিকল্প চাব লাগে।' 

সঁচাকৈয়ে ঋত্বিক ৰোশন-মহিৰা খান ডেটত গৈছিল নেকি?
হৃতিক আৰু মহিৰাক একেলগে দেখাৰ পাছত অভিনেতাজনৰ বিচ্ছেদ আৰু মহিৰাৰ সৈতে তেওঁৰ নতুন সম্পৰ্কক লৈ ৰাইজে জল্পনা-কল্পনা কৰিছে। অৱশ্যে এনেধৰণৰ কিবা এটা চিন্তা কৰাৰ আগতে কওঁ যে এই ছবিবোৰ চৌদি আৰৱত আয়োজিত লোহিত সাগৰৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ। এই মহোৎসৱত হৃতিক আৰু মহিৰাৰ উপৰিও ভাৰতৰ লগতে বিদেশৰ বহু শিল্পীয়েও অংশগ্ৰহণ কৰে।

যদি আমি দুয়োৰে ৱৰ্ক ফ্ৰণ্টৰ কথা কওঁ, তেন্তে পাকিস্তানী অভিনেত্ৰী মহিৰা খানে বৰ্তমান তেওঁৰ ছবি ‘দ্য লিজেণ্ড অৱ মৌলা জাট’ৰ বাবে শিৰোনাম দখল কৰিছে। মুক্তিৰ পাছত এই ছবিখন অবিৰতভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। একে সময়তে দীপিকা পাডুকনৰ সৈতে ‘ফাইটাৰ’ত পুনৰ এবাৰ দেখা যাব হৃতিক ৰোশনক।













FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু