--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৮ চনত এখন ছবিয়ে মুক্তি লাভ কৰে। নামটো আছিল ‘জানে তু ইয়া জানে না’। চিনেমাখনত আমিৰ খানৰ ভতিজা অভিনেতা ইমৰাণ খান আৰু জেনেলিয়া দেশমুখে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া ১৬ বছৰৰ পাছত আকৌ এখন চিনেমা আহিব। আমিৰ খানৰ কামবেক ছবি। নাম হ’ব ‘ছিতাৰে জমীন পৰ’। এই ছবিখনতো মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিব জেনেলিয়া দেশমুখে।

ছবিখনত আমিৰ খানৰ সৈতে ৰোমাঞ্চ কৰা দেখা যাব জেনেলিয়াক। প্ৰকল্পটোৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, "আমীৰ খানে অনুভৱ কৰিছে যে জেনেলিয়া এই ভূমিকাত একেবাৰে ফিট হ'ব।" এগৰাকী শক্তিশালী স্বাধীন নাৰী। ছবিখনৰ পৰিচালকৰ সৈতে বহু কথা-বতৰাৰ অন্তত আমিৰে ছবিখনৰ বাবে জেনেলিয়াক বাছনি কৰিছে। জেনেলিয়া হৈ পৰিব আমিৰৰ প্ৰেমৰ আকৰ্ষণ। 

সূত্ৰই জনোৱা মতে, "আমিৰে ইয়াৰ আগতেও জেনেলিয়াৰ সৈতে কাম কৰিছে। তেওঁ আছিল ‘জানে তু ইয়া জানে না’ৰ প্ৰযোজক। আমিৰৰ সৈতে কাম কৰাৰ বাবেও উৎফুল্লিত জেনেলিয়া। 

দুয়োগৰাকীয়ে ছবিখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। দুয়োকে সম্পূৰ্ণ বেলেগ ৰূপত দেখা যাব। এইখন হ’ব এখন লঘু-কমেডী নাটকীয় ছবি। এক সাক্ষাৎকাৰত আমিৰে অভিনয়ৰ পৰা অৱসৰ ল’ব বিচৰা বুলি কৈছিল। আমিৰে কৈছিল যে ডেৰ-দুবছৰ আগতে তেওঁ ছবি এৰিব বিচাৰে। তেওঁ উপলব্ধি কৰিলে যে তেওঁ ৩৫ বছৰ ধৰি কেৱল কামত ব্যস্ত আছিল। তেওঁ কয় যে কোনো সময়তে তেওঁ পৰিয়ালক উপযুক্ত সময় দিব নোৱাৰিলে। এই কাৰণেই তেওঁ চিনেমা এৰিব বিচাৰিছিল।

কোৱা হৈছে যে আমিৰৰ এই কামবেক ছবিখন হ’ব স্পেনিছ চিনেমা দ্য কেম্পিয়নেছৰ হিন্দী ৰিমেক। ইয়াৰ পূৰ্বে আমিৰে এই ছবিখন ছলমান খানক অফাৰ দিছিল। বহুদিন দুয়োৰে মাজত কথা-বতৰা চলি থাকিল। কিবা কাৰণত ছলমানে এই ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়াই খবৰ আহিল যে আমিৰে এই কাহিনীটো ৰণবীৰ কাপুৰক আগবঢ়াবলৈ ওলাইছে। এইটোও নহ’ল। শেষত আমিৰে নিজেই চিনেমাখনৰ নায়ক হোৱাৰ সিদ্ধান্ত লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক