--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০০৮ চনত এখন ছবিয়ে মুক্তি লাভ কৰে। নামটো আছিল ‘জানে তু ইয়া জানে না’। চিনেমাখনত আমিৰ খানৰ ভতিজা অভিনেতা ইমৰাণ খান আৰু জেনেলিয়া দেশমুখে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এতিয়া ১৬ বছৰৰ পাছত আকৌ এখন চিনেমা আহিব। আমিৰ খানৰ কামবেক ছবি। নাম হ’ব ‘ছিতাৰে জমীন পৰ’। এই ছবিখনতো মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিব জেনেলিয়া দেশমুখে।

ছবিখনত আমিৰ খানৰ সৈতে ৰোমাঞ্চ কৰা দেখা যাব জেনেলিয়াক। প্ৰকল্পটোৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, "আমীৰ খানে অনুভৱ কৰিছে যে জেনেলিয়া এই ভূমিকাত একেবাৰে ফিট হ'ব।" এগৰাকী শক্তিশালী স্বাধীন নাৰী। ছবিখনৰ পৰিচালকৰ সৈতে বহু কথা-বতৰাৰ অন্তত আমিৰে ছবিখনৰ বাবে জেনেলিয়াক বাছনি কৰিছে। জেনেলিয়া হৈ পৰিব আমিৰৰ প্ৰেমৰ আকৰ্ষণ। 

সূত্ৰই জনোৱা মতে, "আমিৰে ইয়াৰ আগতেও জেনেলিয়াৰ সৈতে কাম কৰিছে। তেওঁ আছিল ‘জানে তু ইয়া জানে না’ৰ প্ৰযোজক। আমিৰৰ সৈতে কাম কৰাৰ বাবেও উৎফুল্লিত জেনেলিয়া। 

দুয়োগৰাকীয়ে ছবিখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। দুয়োকে সম্পূৰ্ণ বেলেগ ৰূপত দেখা যাব। এইখন হ’ব এখন লঘু-কমেডী নাটকীয় ছবি। এক সাক্ষাৎকাৰত আমিৰে অভিনয়ৰ পৰা অৱসৰ ল’ব বিচৰা বুলি কৈছিল। আমিৰে কৈছিল যে ডেৰ-দুবছৰ আগতে তেওঁ ছবি এৰিব বিচাৰে। তেওঁ উপলব্ধি কৰিলে যে তেওঁ ৩৫ বছৰ ধৰি কেৱল কামত ব্যস্ত আছিল। তেওঁ কয় যে কোনো সময়তে তেওঁ পৰিয়ালক উপযুক্ত সময় দিব নোৱাৰিলে। এই কাৰণেই তেওঁ চিনেমা এৰিব বিচাৰিছিল।

কোৱা হৈছে যে আমিৰৰ এই কামবেক ছবিখন হ’ব স্পেনিছ চিনেমা দ্য কেম্পিয়নেছৰ হিন্দী ৰিমেক। ইয়াৰ পূৰ্বে আমিৰে এই ছবিখন ছলমান খানক অফাৰ দিছিল। বহুদিন দুয়োৰে মাজত কথা-বতৰা চলি থাকিল। কিবা কাৰণত ছলমানে এই ছবিখন কৰিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়াই খবৰ আহিল যে আমিৰে এই কাহিনীটো ৰণবীৰ কাপুৰক আগবঢ়াবলৈ ওলাইছে। এইটোও নহ’ল। শেষত আমিৰে নিজেই চিনেমাখনৰ নায়ক হোৱাৰ সিদ্ধান্ত লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু