--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টিকু টালছানিয়া। তেওঁ এজন জনপ্ৰিয় অভিনেতা। ২৫০ খনতকৈও অধিক ছবিত তেওঁ কাম কৰিছে। নব্বৈৰ দশকৰ প্ৰায়বোৰ জনপ্ৰিয় চিনেমাতে তেওঁ অভিনয় কৰিছে।। 'আন্দজ আপনা আপনা', 'কভি হা কভি না', 'আতিশ', 'সুহাগ', 'কুলি নং ১', 'ৰাজা', 'খিলাড়ীয় কা খিলাড়ী', 'ৰাজা হিন্দুস্তানী', 'জুড়ৱা', 'হিৰো নম্বৰ ১', আৰু 'ইস্ক' তেওঁৰ কিছুমান জনপ্ৰিয় ছবিৰ নাম। হিন্দী চিনেমাত ইমান কাম কৰাৰ পিছতো তেওঁৰ বৰ্তমান কোনো কাম নাই। 

শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ নিজকে নিবনুৱা বুলি কয়। টিকুৱে কয় ''চিনেমাৰ এতিয়া সকলোবোৰ সলনি হৈছে। এতিয়া কাহিনীটোক গুৰুত্ব দিয়া হয়। বৰ্তমান মই অলপ নিবনুৱা হৈ পৰিছো। মই কাম কৰিব বিচাৰো কিন্তু সঠিক ভূমিকা মোৰ বাটলৈ অহা নাই। প্ৰতিদিনে কাম বিচাৰি আছো। মোৰ নিজা এজেণ্ট আছে, এটা দল যিয়ে কাহিনী আৰু নাটক বিচাৰি থাকে। তেওঁলোকে গম পাই মোক জনাই দিয়ে আৰু যদি অডিচনৰ প্ৰয়োজন হয় তেন্তে মই গৈ অডিচন দিওঁ। সময়ৰ লগে লগে কথাবোৰ সলনি হৈছে যদিও ধৈৰ্য্য ধৰিব লাগিব। Covid-19ৰ পিছত কৰ্মসূচীৰ অৱনতি ঘটিছে। এতিয়া মানুহ প্ৰগতিশীল হৈ পৰিছে। সকলো ধুনীয়া হৈ পৰিছে। আমি কামটোৰ কাষ চাপিবলৈ কেনেকৈ আৰম্ভ কৰিছো সেয়া মোৰ ভাল লাগে। মানুহে মোক ফোন কৰিব বুলি অপেক্ষা কৰি আছো। মই এজন অভিনেতা, এতিয়া কামৰ প্ৰয়োজন। যদি সঠিক ভূমিকা পাওঁ তেন্তে মই নিশ্চয় কৰিব বিচাৰিম।''

টিকু তালছানিয়াই লগতে কয় যে তেওঁ মাজে মাজে ছবি কৰে। তাৰ বাহিৰে বাকী শক্তি আৰু সময় তেওঁ নাটকৰ বাবে উচৰ্গা কৰে। টিকুৱে কয় যে তেওঁ দীৰ্ঘদিন ধৰি গুজৰাটী থিয়েটাৰ কৰি আহিছে। তাৰ পৰাই তেওঁ নিজৰ কেৰিয়াৰো আৰম্ভ কৰিছিল। তেওঁৰ গুজৰাটী ৱেব ছিৰিজ What The Fafda বৰ্তমান চলি আছে। ইয়াৰ খণ্ডসমূহ ShemarooMe ৰ ইউটিউব চেনেলত মুকলি কৰা হ’ব। টিকুৰ উপৰিও প্ৰতীক গান্ধী, ভামিনী ওজা গান্ধী, বিৰাজ ঘেলানী, প্ৰেম গাধৱীৰ দৰে অভিনেতাইও এই ধাৰাবাহিকখনত কাম কৰি আহিছে।

টিকু এগৰাকী জ্যেষ্ঠ শিল্পী। ৬৯ বছৰ বয়সত ২৫০খন চিনেমা কৰাৰ পিছত ভাল কাম বিচাৰিব লগা হৈছে। কমেডীৰ বাহিৰেও তেওঁ অন্য শক্তিশালী ভূমিকাত অভিনয় কৰিব পাৰিব বুলি আশাবাদী টিকুৰ অনুৰাগীসকল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু