--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পুষ্পা ২’,দেশজুৰি আলোড়ণৰ সৃষ্টি কৰা দক্ষিণ ভাৰতৰ এই ছবি খনৰ দ্বিতীয় সংস্কৰণ নিৰ্মাণৰ কাম আৰম্ভ হৈছে৷ চলচ্চিত্ৰখনৰ প্ৰথম অংশই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ বিশেষকৈ ছবি খনৰ গীত মানুহৰ মুখে মুখে বাগৰি গৈছিল৷ ছবি অনুৰাগীসকলে এতিয়া  'পুষ্পা ’ৰ দ্বিতীয় অংশটোক লৈ উৎসাহিত হৈ পৰিছে। খবৰ  অনুসৰি আন এগৰাকী  দক্ষিণৰ তাৰকাই এইবাৰ 'পুষ্পা: দ্য ৰুল' বোলছবিখনত অভিনয় কৰিব৷ 

ছবি খনৰ প্ৰথম অংশটো মুকলি হোৱাৰ পিছত বক্স অফিচত ধুমুহাৰ সৃষ্টি হৈছিল৷'পুষ্পা: ' ছবি খনে  মহামাৰী আৰু লকডাউনৰ পিছত বিধ্বস্ত হৈ পৰা  বজাৰতো বক্স অফিচত প্ৰায় ৪০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। চলচ্চিত্ৰখনৰ সফলতাৰ পিছত দ্বিতীয় অংশটো নিৰ্মাণৰ কথা চিন্তা কৰা হয়। 'পুষ্পা: দ্য ৰুল'ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। 

এইবাৰ জনা গৈছে যে আন এগৰাকী দক্ষিণ ভাৰতৰ  তাৰকা অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিব৷ শুনা গৈছে যে অভিনেত্ৰী সাই পল্লৱীক 'পুষ্পা'ৰ দ্বিতীয় অংশত দেখা যাব।
অভিনেত্ৰী ৰশ্মিকা মান্দন্নাক 'পুষ্পা'ত আল্লু অৰ্জুনৰ বিপৰীতে দেখা গৈছিল। আনহাতে,এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আন এজন দক্ষিণ তাৰকা ফাহাদ ফাচিল আছিল। 'পুষ্পা: দ্য ৰুল'ত ফাহাদ ফাচিলৰ বিপৰীতে দেখা যাব অভিনেত্ৰী সাই পল্লৱী। শুনা গৈছে যে অভিনেত্ৰীগৰাকীয়ে অহা কেইদিনমানৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণতভাগ ল’ব । 

তেওঁ এসপ্তাহৰ ভিতৰত তেওঁৰ চৰিত্ৰটো শেষ কৰিব। বহুলোকে ভাবে যে সাই পল্লৱীক সামান্থাৰ ঠাইত এটা গানত নৃত্য কৰা দেখা যাব পাৰে। অৱশ্যে, চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে এতিয়ালৈকে এই বিষয়ে মুখ খুলিব বিচৰা নাই।

'পুষ্পা' ফ্ৰেঞ্চাইজিৰ দ্বিতীয় খন চলচ্চিত্ৰ 'পুষ্পা: দ্য ৰুল'ৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। বিশাখাপত্তনমৰ পিছত, বৰ্তমান হায়দৰাবাদত শ্বুটিং  চলি আছে।  শ্বুটিঙৰ উপৰি আল্লু অৰ্জুনে চৰিত্ৰটোৰ বাবে বাকী সময় জিমত কটাইছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু