--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'পুষ্পা ২’,দেশজুৰি আলোড়ণৰ সৃষ্টি কৰা দক্ষিণ ভাৰতৰ এই ছবি খনৰ দ্বিতীয় সংস্কৰণ নিৰ্মাণৰ কাম আৰম্ভ হৈছে৷ চলচ্চিত্ৰখনৰ প্ৰথম অংশই ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল৷ বিশেষকৈ ছবি খনৰ গীত মানুহৰ মুখে মুখে বাগৰি গৈছিল৷ ছবি অনুৰাগীসকলে এতিয়া  'পুষ্পা ’ৰ দ্বিতীয় অংশটোক লৈ উৎসাহিত হৈ পৰিছে। খবৰ  অনুসৰি আন এগৰাকী  দক্ষিণৰ তাৰকাই এইবাৰ 'পুষ্পা: দ্য ৰুল' বোলছবিখনত অভিনয় কৰিব৷ 

ছবি খনৰ প্ৰথম অংশটো মুকলি হোৱাৰ পিছত বক্স অফিচত ধুমুহাৰ সৃষ্টি হৈছিল৷'পুষ্পা: ' ছবি খনে  মহামাৰী আৰু লকডাউনৰ পিছত বিধ্বস্ত হৈ পৰা  বজাৰতো বক্স অফিচত প্ৰায় ৪০০ কোটি টকাৰ ব্যৱসায় কৰিছিল। চলচ্চিত্ৰখনৰ সফলতাৰ পিছত দ্বিতীয় অংশটো নিৰ্মাণৰ কথা চিন্তা কৰা হয়। 'পুষ্পা: দ্য ৰুল'ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। 

এইবাৰ জনা গৈছে যে আন এগৰাকী দক্ষিণ ভাৰতৰ  তাৰকা অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিব৷ শুনা গৈছে যে অভিনেত্ৰী সাই পল্লৱীক 'পুষ্পা'ৰ দ্বিতীয় অংশত দেখা যাব।
অভিনেত্ৰী ৰশ্মিকা মান্দন্নাক 'পুষ্পা'ত আল্লু অৰ্জুনৰ বিপৰীতে দেখা গৈছিল। আনহাতে,এক গুৰুত্বপূৰ্ণ চৰিত্ৰত আন এজন দক্ষিণ তাৰকা ফাহাদ ফাচিল আছিল। 'পুষ্পা: দ্য ৰুল'ত ফাহাদ ফাচিলৰ বিপৰীতে দেখা যাব অভিনেত্ৰী সাই পল্লৱী। শুনা গৈছে যে অভিনেত্ৰীগৰাকীয়ে অহা কেইদিনমানৰ ভিতৰত ছবিখনৰ দৃশ্যগ্ৰহণতভাগ ল’ব । 

তেওঁ এসপ্তাহৰ ভিতৰত তেওঁৰ চৰিত্ৰটো শেষ কৰিব। বহুলোকে ভাবে যে সাই পল্লৱীক সামান্থাৰ ঠাইত এটা গানত নৃত্য কৰা দেখা যাব পাৰে। অৱশ্যে, চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে এতিয়ালৈকে এই বিষয়ে মুখ খুলিব বিচৰা নাই।

'পুষ্পা' ফ্ৰেঞ্চাইজিৰ দ্বিতীয় খন চলচ্চিত্ৰ 'পুষ্পা: দ্য ৰুল'ৰ দৃশ্যগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। বিশাখাপত্তনমৰ পিছত, বৰ্তমান হায়দৰাবাদত শ্বুটিং  চলি আছে।  শ্বুটিঙৰ উপৰি আল্লু অৰ্জুনে চৰিত্ৰটোৰ বাবে বাকী সময় জিমত কটাইছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক