--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ বাহিৰতো এতিয়া বলীউডৰ অভিনেত্ৰী  দীপিকা পাডুকন জনপ্ৰিয়৷ সফলতাৰ লগে লগে  দীপিকাৰ মাননিও  কিমান বৃদ্ধি পাইছে৷ দীপিকা পাডুকনে যদি কেতিয়াবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মুখ উজ্জ্বল কৰিছে  কেতিয়াবা আকৌ  তেওঁ বিদেশী ব্ৰেণ্ডৰ প্ৰচাৰক হৈছে, তেওঁক বিশ্বকাপৰ মঞ্চতো দেখা গৈছে। 

দীপিকা অস্কাৰৰ অন্যতম বঁটা বিতৰক হিচাবেও মনোনীত হৈছে। এক কথাত ক'বলৈ গ'লে দীপিকা এই মুহূৰ্তত এগৰাকী আন্তৰ্জাতিক তাৰকা। এইবাৰ তেওঁ তেলেগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। তেওঁৰ  বিপৰীতে অভিনয় কৰিব প্ৰভাসৰ দৰে এগৰাকী তাৰকাই। দীপিকাই ইতিমধ্যে ছবি খনৰ  শ্বুটিং আৰম্ভ কৰিছে। ছবিখনৰ নাম হৈছে 'প্ৰজেক্ট কে'। দীপিকাই এই ছবিখনৰ বাবে কিমান টকা লাভ কৰিছে শুনি আচৰিত হ'ব পাৰে আপুনি।

জানিব পৰা মতে দীপিকাক তেওঁৰ প্ৰথম তেলেগু ছবি খনৰ বাবে ১০ কোটিতকৈও অধিক টকা দিয়া হৈছে। প্ৰজেক্ট কে' এখন বিজ্ঞান কল্পকাহিনীৰ চলচ্চিত্ৰ। খবৰ অনুসৰি নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত ছবি খনৰ চিত্ৰনাট্য ভাৰতীয় মহাকাব্য মহাভাৰত আৰু তৃতীয় বিশ্বযুদ্ধৰ আধাৰত  প্ৰস্তুত কৰা  হৈছে। অমিতাভ বচ্চনক ছবিখনত অশ্বত্থামাৰ দৰে চৰিত্ৰত দেখা যাব। প্ৰভাসে কৰ্ণৰ  চৰিত্ৰত অভিনয় কৰিব। অৱশ্যে, ছবিখনৰ নিৰ্মাতাসকলে এতিয়ালৈকে দীপিকাৰ চৰিত্ৰ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু