--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ বাহিৰতো এতিয়া বলীউডৰ অভিনেত্ৰী  দীপিকা পাডুকন জনপ্ৰিয়৷ সফলতাৰ লগে লগে  দীপিকাৰ মাননিও  কিমান বৃদ্ধি পাইছে৷ দীপিকা পাডুকনে যদি কেতিয়াবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ মুখ উজ্জ্বল কৰিছে  কেতিয়াবা আকৌ  তেওঁ বিদেশী ব্ৰেণ্ডৰ প্ৰচাৰক হৈছে, তেওঁক বিশ্বকাপৰ মঞ্চতো দেখা গৈছে। 

দীপিকা অস্কাৰৰ অন্যতম বঁটা বিতৰক হিচাবেও মনোনীত হৈছে। এক কথাত ক'বলৈ গ'লে দীপিকা এই মুহূৰ্তত এগৰাকী আন্তৰ্জাতিক তাৰকা। এইবাৰ তেওঁ তেলেগু চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিবলৈ ওলাইছে। তেওঁৰ  বিপৰীতে অভিনয় কৰিব প্ৰভাসৰ দৰে এগৰাকী তাৰকাই। দীপিকাই ইতিমধ্যে ছবি খনৰ  শ্বুটিং আৰম্ভ কৰিছে। ছবিখনৰ নাম হৈছে 'প্ৰজেক্ট কে'। দীপিকাই এই ছবিখনৰ বাবে কিমান টকা লাভ কৰিছে শুনি আচৰিত হ'ব পাৰে আপুনি।

জানিব পৰা মতে দীপিকাক তেওঁৰ প্ৰথম তেলেগু ছবি খনৰ বাবে ১০ কোটিতকৈও অধিক টকা দিয়া হৈছে। প্ৰজেক্ট কে' এখন বিজ্ঞান কল্পকাহিনীৰ চলচ্চিত্ৰ। খবৰ অনুসৰি নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত ছবি খনৰ চিত্ৰনাট্য ভাৰতীয় মহাকাব্য মহাভাৰত আৰু তৃতীয় বিশ্বযুদ্ধৰ আধাৰত  প্ৰস্তুত কৰা  হৈছে। অমিতাভ বচ্চনক ছবিখনত অশ্বত্থামাৰ দৰে চৰিত্ৰত দেখা যাব। প্ৰভাসে কৰ্ণৰ  চৰিত্ৰত অভিনয় কৰিব। অৱশ্যে, ছবিখনৰ নিৰ্মাতাসকলে এতিয়ালৈকে দীপিকাৰ চৰিত্ৰ সম্পৰ্কে কোনো তথ্য প্ৰকাশ কৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক