--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেক্সঃ টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলটো আই পি এলৰ প্ৰথম মাহ চোৱাৰ পিছত নিৰ্বাচন কৰা হ’ব। ইয়াৰ প্ৰধান কাৰণ হ’ল টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ অন্তিমখন টি-২০ শৃংখলা আছে জানুৱাৰীকত। ইয়াৰ পিছত টি-২০ ক্ৰিকেটৰ কথা ক’বলৈ গ’লে মাত্ৰ আই পি এল আছে।

নিউজ এজেন্সী পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি জানুৱাৰী মাহত আফগানিস্তানৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে বহু ক্ৰিকেটাৰ উপলব্ধ নহ’বও পাৰে। তেওঁলোকৰ আঘাত হৈছে। তাৰ বাবে খেলিব নোৱাৰে। গতিকে দেখা যাব বিশ্বকাপৰ দল বাছনি কৰিবলৈ আই পি এলৰ প্ৰথম মাহত ক্ৰিকেটাৰগৰাকীয়ে কেনে প্ৰদৰ্শন আগবঢ়ায়।

মাৰ্চ মাহত আৰম্ভ হ’ব পাৰে আই পি এল। এই প্ৰতিযোগিতা দুমাহ ধৰি চলি থাকিব। টি-২০ বিশ্বকাপৰ দুসপ্তাহ পূৰ্বে আইপিএলৰ অন্ত পৰিব পাৰে। গতিকে এই প্ৰতিযোগিতা চাই ভাৰতীয় দলটো নিৰ্বাচন কৰা হ'ব।

জানুৱাৰীত আফগানিস্তানৰ বিৰুদ্ধে খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱে। তেওঁলোকৰ আঘাত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ হৈ টেষ্ট খেলি থকা দলটোৰ ক্ৰিকেটাৰসকলেও আফগানিস্তানৰ বিৰুদ্ধে খেলিব পাৰে। 

টি-২০ বিশ্বকাপত খেলিব পাৰিব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। কিন্তু তেওঁলোকে শেষবাৰৰ বাবে ২০২২ চনৰ বিশ্বকাপত দেশৰ হৈ টি-২০ খেলিছিল। বিশ্বাস কৰা হয় যে টি-২০ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰ দুগৰাকীক এইবাৰো বিশ্বকাপত দেখা যাব। যোৱা এবছৰত কেইবাগৰাকীও ক্ৰিকেটাৰক ভাৰতৰ হৈ টি-২০ খেলা দেখা গৈছে। আই পি এলৰ সময়তো তেওঁলোকৰ ফৰ্ম নিৰীক্ষণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক