--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেক্সঃ টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ দলটো আই পি এলৰ প্ৰথম মাহ চোৱাৰ পিছত নিৰ্বাচন কৰা হ’ব। ইয়াৰ প্ৰধান কাৰণ হ’ল টি-২০ বিশ্বকাপৰ পূৰ্বে ভাৰতৰ অন্তিমখন টি-২০ শৃংখলা আছে জানুৱাৰীকত। ইয়াৰ পিছত টি-২০ ক্ৰিকেটৰ কথা ক’বলৈ গ’লে মাত্ৰ আই পি এল আছে।

নিউজ এজেন্সী পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি জানুৱাৰী মাহত আফগানিস্তানৰ বিৰুদ্ধে খেলা শৃংখলাৰ বাবে বহু ক্ৰিকেটাৰ উপলব্ধ নহ’বও পাৰে। তেওঁলোকৰ আঘাত হৈছে। তাৰ বাবে খেলিব নোৱাৰে। গতিকে দেখা যাব বিশ্বকাপৰ দল বাছনি কৰিবলৈ আই পি এলৰ প্ৰথম মাহত ক্ৰিকেটাৰগৰাকীয়ে কেনে প্ৰদৰ্শন আগবঢ়ায়।

মাৰ্চ মাহত আৰম্ভ হ’ব পাৰে আই পি এল। এই প্ৰতিযোগিতা দুমাহ ধৰি চলি থাকিব। টি-২০ বিশ্বকাপৰ দুসপ্তাহ পূৰ্বে আইপিএলৰ অন্ত পৰিব পাৰে। গতিকে এই প্ৰতিযোগিতা চাই ভাৰতীয় দলটো নিৰ্বাচন কৰা হ'ব।

জানুৱাৰীত আফগানিস্তানৰ বিৰুদ্ধে খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱে। তেওঁলোকৰ আঘাত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ হৈ টেষ্ট খেলি থকা দলটোৰ ক্ৰিকেটাৰসকলেও আফগানিস্তানৰ বিৰুদ্ধে খেলিব পাৰে। 

টি-২০ বিশ্বকাপত খেলিব পাৰিব ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে। কিন্তু তেওঁলোকে শেষবাৰৰ বাবে ২০২২ চনৰ বিশ্বকাপত দেশৰ হৈ টি-২০ খেলিছিল। বিশ্বাস কৰা হয় যে টি-২০ত ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ক্ৰিকেটাৰ দুগৰাকীক এইবাৰো বিশ্বকাপত দেখা যাব। যোৱা এবছৰত কেইবাগৰাকীও ক্ৰিকেটাৰক ভাৰতৰ হৈ টি-২০ খেলা দেখা গৈছে। আই পি এলৰ সময়তো তেওঁলোকৰ ফৰ্ম নিৰীক্ষণ কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু