--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাৰ ভুল? কিয় জ্বলি ছাই হ'ল ২৬০ জন লোক ?১৫ পৃষ্ঠাৰ প্ৰতিবেদন অনুসৰি বিমানখনৰ উৰণৰ মাত্ৰ কিছু মুহূৰ্তৰ পাছতে দুয়োটা ইঞ্জিন হৈ পৰিছিল স্থবিৰ।

ডিজিটেল ডেস্ক: ১২ জুনত সংঘটিত হোৱা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকে জোঁকাৰি গ'ল।  ২৬০ জন লোক‌ৰ জীৱন নাই বোলোতে নোহোৱা হৈছিল আহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনাত। এই ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন প্ৰকাশ পালে শনিবাৰে নিশা। আহমেদাবাদৰ অভিশপ্ত ড্ৰীমলাইনাৰত কি হৈছিল সেইদিনা?  কাৰ ভুল? কিয় জ্বলি ছাই হ'ল ২৬০ জন লোক ?১৫ পৃষ্ঠাৰ প্ৰতিবেদন অনুসৰি বিমানখনৰ উৰণৰ মাত্ৰ কিছু মুহূৰ্তৰ পাছতে দুয়োটা ইঞ্জিন হৈ পৰিছিল স্থবিৰ।


মিড এয়াৰ ফিউৱেল কাটঅফক লৈ দুই পাইলটৰ মাজত হৈছিল নেকি বিভ্ৰান্তি? ১৫ পৃষ্ঠাৰ প্ৰতিবেদনে দিছে বহু প্ৰশ্নৰ উত্তৰ। বিমানখন ছাঁই হৈ যোৱাৰ আগ মুহূৰ্তত এজন পাইলটে আনজনক কৰিছিল প্ৰশ্ন।  এএআইবিৰ ১৫ পৃষ্ঠাৰ প্ৰতিবেদন অনুসৰি, বিমানখনে পুৱা প্ৰায় ০৮:০৮ বজাত সৰ্বোচ্চ নিৰ্ধাৰিত বিমান গতি (আইএএছ) ১৮০ নটত উপনীত হৈছিল, যেতিয়া ইঞ্জিন-১ আৰু ইঞ্জিন-২ৰ ইন্ধন কাট অফ চুইচ (যি ইঞ্জিনলৈ ইন্ধন প্ৰেৰণ কৰে) ‘RUN’ৰ পৰা ‘CUTOFF’ অৱস্থালৈ গতি কৰিছিল। এই দুটা চুইচৰ মাজৰ পাৰ্থক্য আছিল মাত্ৰ এটা চেকেণ্ড, যাৰ বাবে ইন্ধন অহা বন্ধ হৈ গ’ল আৰু দুয়োটা ইঞ্জিনৰ N1 আৰু N2 ঘূৰ্ণনৰ গতি কমিবলৈ ধৰিলে।


প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে ককপিটৰ ভইচ ৰেকৰ্ডাৰত এজন পাইলটে আনজনক সুধি থকা শুনা গৈছিল, ‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ উত্তৰত আনজন পাইলটে ক’লে, ‘মই একো কৰা নাই।’ এই কথা-বতৰাই দুৰ্ঘটনাটোৰ ৰহস্যময় স্বৰূপটো আৰু অধিক বৃদ্ধি কৰিলে কাৰণ দুয়োজন পাইলটে ইঞ্জিন বন্ধ কৰাৰ কথা অস্বীকাৰ কৰে।


এয়াই আছিল দুৰ্ঘটনাৰ আগ মূহুৰ্তৰ কথা-বতৰা। ৰিপ’ৰ্টত কোৱা হৈছে যে দুয়োটা ইঞ্জিন স্থানৰ পৰা উদ্ধাৰ কৰি আহমেদাবাদ বিমানবন্দৰৰ নিৰাপদ হেংগাৰত কোৱাৰেণ্টাইন কৰা হৈছে।  দুৰ্ঘটনাটোত বিমানখনৰ ফ্লাইট ৰেকৰ্ডাৰ (EAFR)ৰ পিছফালৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে গতানুগতিক পদ্ধতিৰে ডাউনলোড কৰিব পৰা নগ’ল।


তদন্ত এতিয়াও চলি আছে। এএআইবিৰ এই প্ৰাৰম্ভিক প্ৰতিবেদনৰ পাছত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কয় যে অধিক বিশদ বিশ্লেষণৰ অন্তত চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক