--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কাৰ ভুল? কিয় জ্বলি ছাই হ'ল ২৬০ জন লোক ?১৫ পৃষ্ঠাৰ প্ৰতিবেদন অনুসৰি বিমানখনৰ উৰণৰ মাত্ৰ কিছু মুহূৰ্তৰ পাছতে দুয়োটা ইঞ্জিন হৈ পৰিছিল স্থবিৰ।

ডিজিটেল ডেস্ক: ১২ জুনত সংঘটিত হোৱা আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাই সমগ্ৰ বিশ্বকে জোঁকাৰি গ'ল।  ২৬০ জন লোক‌ৰ জীৱন নাই বোলোতে নোহোৱা হৈছিল আহমেদাবাদৰ ভয়াৱহ বিমান দুৰ্ঘটনাত। এই ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন প্ৰকাশ পালে শনিবাৰে নিশা। আহমেদাবাদৰ অভিশপ্ত ড্ৰীমলাইনাৰত কি হৈছিল সেইদিনা?  কাৰ ভুল? কিয় জ্বলি ছাই হ'ল ২৬০ জন লোক ?১৫ পৃষ্ঠাৰ প্ৰতিবেদন অনুসৰি বিমানখনৰ উৰণৰ মাত্ৰ কিছু মুহূৰ্তৰ পাছতে দুয়োটা ইঞ্জিন হৈ পৰিছিল স্থবিৰ।


মিড এয়াৰ ফিউৱেল কাটঅফক লৈ দুই পাইলটৰ মাজত হৈছিল নেকি বিভ্ৰান্তি? ১৫ পৃষ্ঠাৰ প্ৰতিবেদনে দিছে বহু প্ৰশ্নৰ উত্তৰ। বিমানখন ছাঁই হৈ যোৱাৰ আগ মুহূৰ্তত এজন পাইলটে আনজনক কৰিছিল প্ৰশ্ন।  এএআইবিৰ ১৫ পৃষ্ঠাৰ প্ৰতিবেদন অনুসৰি, বিমানখনে পুৱা প্ৰায় ০৮:০৮ বজাত সৰ্বোচ্চ নিৰ্ধাৰিত বিমান গতি (আইএএছ) ১৮০ নটত উপনীত হৈছিল, যেতিয়া ইঞ্জিন-১ আৰু ইঞ্জিন-২ৰ ইন্ধন কাট অফ চুইচ (যি ইঞ্জিনলৈ ইন্ধন প্ৰেৰণ কৰে) ‘RUN’ৰ পৰা ‘CUTOFF’ অৱস্থালৈ গতি কৰিছিল। এই দুটা চুইচৰ মাজৰ পাৰ্থক্য আছিল মাত্ৰ এটা চেকেণ্ড, যাৰ বাবে ইন্ধন অহা বন্ধ হৈ গ’ল আৰু দুয়োটা ইঞ্জিনৰ N1 আৰু N2 ঘূৰ্ণনৰ গতি কমিবলৈ ধৰিলে।


প্ৰতিবেদনত এই কথাও প্ৰকাশ পাইছে যে ককপিটৰ ভইচ ৰেকৰ্ডাৰত এজন পাইলটে আনজনক সুধি থকা শুনা গৈছিল, ‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ উত্তৰত আনজন পাইলটে ক’লে, ‘মই একো কৰা নাই।’ এই কথা-বতৰাই দুৰ্ঘটনাটোৰ ৰহস্যময় স্বৰূপটো আৰু অধিক বৃদ্ধি কৰিলে কাৰণ দুয়োজন পাইলটে ইঞ্জিন বন্ধ কৰাৰ কথা অস্বীকাৰ কৰে।


এয়াই আছিল দুৰ্ঘটনাৰ আগ মূহুৰ্তৰ কথা-বতৰা। ৰিপ’ৰ্টত কোৱা হৈছে যে দুয়োটা ইঞ্জিন স্থানৰ পৰা উদ্ধাৰ কৰি আহমেদাবাদ বিমানবন্দৰৰ নিৰাপদ হেংগাৰত কোৱাৰেণ্টাইন কৰা হৈছে।  দুৰ্ঘটনাটোত বিমানখনৰ ফ্লাইট ৰেকৰ্ডাৰ (EAFR)ৰ পিছফালৰ অংশ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে গতানুগতিক পদ্ধতিৰে ডাউনলোড কৰিব পৰা নগ’ল।


তদন্ত এতিয়াও চলি আছে। এএআইবিৰ এই প্ৰাৰম্ভিক প্ৰতিবেদনৰ পাছত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কয় যে অধিক বিশদ বিশ্লেষণৰ অন্তত চূড়ান্ত প্ৰতিবেদন প্ৰকাশ কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক