--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালি গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰৰ পৰিয়ালটোৰ বাবে আছিল এক সুখৰ অনুষ্ঠান। ৰাধিকাই নিজৰ স্বাস্থ্যৰ যত্ন লৈ পুৱাৰে পৰা পাকঘৰত মাকৰ জন্মদিনৰ বাবে প্ৰস্তুতি চলাই আছিল

ডিজিটেল ডেস্কঃ ১০ জুলাই, ৰাধিকা যাদৱৰ মাতৃ মঞ্জুৰ জন্মদিন। যিগৰাকী ৰাধিকাই ৰাজ্যিক পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত পদক লাভ কৰি পিতৃ দীপক যাদৱক গৌৰৱান্বিত কৰিছিল। কিন্তু তেওঁ কেতিয়াও ভবা নাছিল যে ২৫ বছৰ ধৰি ডাঙৰ-দীঘল কৰা একেখন হাতে তেওঁৰ জীৱন কাঢ়ি নিব।


কালি গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰৰ পৰিয়ালটোৰ বাবে আছিল এক সুখৰ অনুষ্ঠান। ৰাধিকাই নিজৰ স্বাস্থ্যৰ যত্ন লৈ পুৱাৰে পৰা পাকঘৰত মাকৰ জন্মদিনৰ বাবে প্ৰস্তুতি চলাই আছিল। কিন্তু দুপৰীয়ালৈকে সকলো সলনি হৈ গ’ল যেতিয়া পিতৃ দীপক যাদৱে নিজৰ ছোৱালীজনীক অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে তিনিবাৰকৈ গুলীচালনা কৰিলে।



কাৰণ জানিলে আপুনিও স্তম্ভিত হৈ পৰিব ৷ ৰাধিকাই নিজে টেনিছ খেলাৰ উপৰিও তেওঁৰ আছিল নিজৰ এখন টেনিছ একাডেমীও ৷ আৰক্ষীৰ আগত ৰাধিকাৰ হত্যাকাৰী পিতৃ দীপক যাদৱে দিয়া স্বীকাৰোক্তি অনুসৰি ৰাধিকাই সেই টেনিছ একাডেমীখন চলাই থকাৰ উপৰি বিভিন্ন ৰীলছ বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি আহিছিল ৷ ইয়েই আছিল পিতৃক ক্ষুন্ন কৰি তোলাৰ মূল কাৰণ ৷ পিতৃ দীপক যাদৱৰ মতে কন্যাৰ এই দুটা কাৰ্যই হেনো তেওঁলোকৰ পৰিয়ালৰ মৰ্যাদাত আঘাত কৰিছিল ৷ পিতৃয়ে কেবাবাৰো ৰাধিকাক কৈছিল ৰীলছ বনোৱা আৰু একাডেমী বন্ধ কৰিবলৈ ৷ কিন্তু ৰাধিকাই শুনা নাছিল পিতৃৰ কথা ৷


ঘটনাস্থলীৰ পৰাই দীপক যাদৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাৰ গোচৰ ৰুজু হৈছে। হত্যাকাণ্ডত ব্যৱহৃত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো জব্দ কৰা হৈছে। দীপকৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছে গোচৰ। আৰক্ষীয়ে এতিয়া ৰিভলভাৰৰ অনুজ্ঞাপত্ৰ, ৰাধিকাৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ আৰু একাডেমীৰ পৰিচালনাৰ সৈতে জড়িত নথি-পত্ৰৰ তদন্তও অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ