--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালি গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰৰ পৰিয়ালটোৰ বাবে আছিল এক সুখৰ অনুষ্ঠান। ৰাধিকাই নিজৰ স্বাস্থ্যৰ যত্ন লৈ পুৱাৰে পৰা পাকঘৰত মাকৰ জন্মদিনৰ বাবে প্ৰস্তুতি চলাই আছিল

ডিজিটেল ডেস্কঃ ১০ জুলাই, ৰাধিকা যাদৱৰ মাতৃ মঞ্জুৰ জন্মদিন। যিগৰাকী ৰাধিকাই ৰাজ্যিক পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত পদক লাভ কৰি পিতৃ দীপক যাদৱক গৌৰৱান্বিত কৰিছিল। কিন্তু তেওঁ কেতিয়াও ভবা নাছিল যে ২৫ বছৰ ধৰি ডাঙৰ-দীঘল কৰা একেখন হাতে তেওঁৰ জীৱন কাঢ়ি নিব।


কালি গুৰুগ্ৰামৰ ৫৭ নং ছেক্টৰৰ পৰিয়ালটোৰ বাবে আছিল এক সুখৰ অনুষ্ঠান। ৰাধিকাই নিজৰ স্বাস্থ্যৰ যত্ন লৈ পুৱাৰে পৰা পাকঘৰত মাকৰ জন্মদিনৰ বাবে প্ৰস্তুতি চলাই আছিল। কিন্তু দুপৰীয়ালৈকে সকলো সলনি হৈ গ’ল যেতিয়া পিতৃ দীপক যাদৱে নিজৰ ছোৱালীজনীক অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰেৰে তিনিবাৰকৈ গুলীচালনা কৰিলে।



কাৰণ জানিলে আপুনিও স্তম্ভিত হৈ পৰিব ৷ ৰাধিকাই নিজে টেনিছ খেলাৰ উপৰিও তেওঁৰ আছিল নিজৰ এখন টেনিছ একাডেমীও ৷ আৰক্ষীৰ আগত ৰাধিকাৰ হত্যাকাৰী পিতৃ দীপক যাদৱে দিয়া স্বীকাৰোক্তি অনুসৰি ৰাধিকাই সেই টেনিছ একাডেমীখন চলাই থকাৰ উপৰি বিভিন্ন ৰীলছ বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰি আহিছিল ৷ ইয়েই আছিল পিতৃক ক্ষুন্ন কৰি তোলাৰ মূল কাৰণ ৷ পিতৃ দীপক যাদৱৰ মতে কন্যাৰ এই দুটা কাৰ্যই হেনো তেওঁলোকৰ পৰিয়ালৰ মৰ্যাদাত আঘাত কৰিছিল ৷ পিতৃয়ে কেবাবাৰো ৰাধিকাক কৈছিল ৰীলছ বনোৱা আৰু একাডেমী বন্ধ কৰিবলৈ ৷ কিন্তু ৰাধিকাই শুনা নাছিল পিতৃৰ কথা ৷


ঘটনাস্থলীৰ পৰাই দীপক যাদৱক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাৰ গোচৰ ৰুজু হৈছে। হত্যাকাণ্ডত ব্যৱহৃত অনুজ্ঞাপত্ৰ থকা ৰিভলভাৰটো জব্দ কৰা হৈছে। দীপকৰ ভাতৃৰ এজাহাৰৰ ভিত্তিত ৰুজু হৈছে গোচৰ। আৰক্ষীয়ে এতিয়া ৰিভলভাৰৰ অনুজ্ঞাপত্ৰ, ৰাধিকাৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপ আৰু একাডেমীৰ পৰিচালনাৰ সৈতে জড়িত নথি-পত্ৰৰ তদন্তও অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ