--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোৱাত কংগ্ৰেছে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আজি ৰাজ্যৰ ৮ জন বিধায়কে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ উপস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামত আৰু বিধানসভাৰ বিৰোধী নেতা মাইকেল লোবোকে ধৰি ৮জন কংগ্ৰেছ বিধায়কক বিজেপিত অন্তৰ্ভুক্ত কৰা হয়। বিজেপিত যোগদান কৰা কংগ্ৰেছ বিধায়কসকল হ’ল দিগম্বৰ কামত, মাইকেল লোবো, ডেলিলা লোবো, ৰাজেশ ফালদেছাই, কেদাৰ নায়ক, সংকল্প আমোংকাৰ, আলেক্সিঅ’ চেকুৱেৰা আৰু ৰুডলফ ফাৰ্নাণ্ডেছ। এই উপলক্ষে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই কয় যে কংগ্ৰেছৰ ত্যাগৰ যাত্ৰা আৰম্ভ হৈছে। 

আনহাতে, বিধায়কসকল যোৱাৰ পাছত কংগ্ৰেছ নেতাসকলে ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ আক্ৰমণ চলায়। সুপ্ৰিয়া শ্ৰীনেটে কয় যে তেওঁ লোভত নে ভয়ত বিজেপিলৈ গৈছে মই নাজানো। 'ভাৰত জোড়ো যাত্ৰা'ৰ বাবে বিজেপিৰ ভূমি পিছলি পৰিছে। তেওঁ প্ৰশ্ন কৰে যে বিজেপিৰ বিৰুদ্ধে ভোট বিচৰাসকলে কি মুখেৰে বিজেপিত যোগদান কৰিছে?

আচলতে গোৱাত ৪০ খন বিধানসভা আসন আছে আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৰাজ্যত বিজেপিৰ মিত্ৰজোঁটৰ ২৫ জন বিধায়ক থকাৰ বিপৰীতে কংগ্ৰেছৰ ১১ জন বিধায়ক আছে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰিছিল যে তেওঁৰ দলত ৮জন কংগ্ৰেছ বিধায়কে যোগদান কৰিব।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ফেব্ৰুৱাৰী মাহত গোৱা কংগ্ৰেছে এটা টুইট কৰিছিল য’ত তেওঁলোকে কৈছিল যে, গোৱা ফৰৱাৰ্ড পাৰ্টিৰ মিত্ৰতাৰ ৪০ জন প্ৰাৰ্থীয়েও ঐক্যবদ্ধ আৰু আনুগত্যশীল হৈ থাকিবলৈ #PledgeOfLoyalty গ্ৰহণ কৰে। গোৱাৰ পৰিচয় বিক্ৰী কৰা কোনো কামত কেতিয়াও সমৰ্থন বা অংশগ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে।

উল্লেখযোগ্য যে এই খবৰ  কংগ্ৰেছে সমগ্ৰ দেশতে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ সময়তে আহিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি ১৫০ দিনীয়া ৩৭৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰা আৰম্ভ কৰা হৈছে। দেশৰ ১২খন ৰাজ্যৰ মাজেৰে পাৰ হ’ব এই যাত্ৰা। ভাৰতৰ জোড়ো যাত্ৰাৰ আজি ৮ম দিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক