--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোৱাত কংগ্ৰেছে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। আজি ৰাজ্যৰ ৮ জন বিধায়কে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে। মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ উপস্থিতিত প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামত আৰু বিধানসভাৰ বিৰোধী নেতা মাইকেল লোবোকে ধৰি ৮জন কংগ্ৰেছ বিধায়কক বিজেপিত অন্তৰ্ভুক্ত কৰা হয়। বিজেপিত যোগদান কৰা কংগ্ৰেছ বিধায়কসকল হ’ল দিগম্বৰ কামত, মাইকেল লোবো, ডেলিলা লোবো, ৰাজেশ ফালদেছাই, কেদাৰ নায়ক, সংকল্প আমোংকাৰ, আলেক্সিঅ’ চেকুৱেৰা আৰু ৰুডলফ ফাৰ্নাণ্ডেছ। এই উপলক্ষে মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তই কয় যে কংগ্ৰেছৰ ত্যাগৰ যাত্ৰা আৰম্ভ হৈছে। 

আনহাতে, বিধায়কসকল যোৱাৰ পাছত কংগ্ৰেছ নেতাসকলে ভাৰতীয় জনতা পাৰ্টীক তীব্ৰ আক্ৰমণ চলায়। সুপ্ৰিয়া শ্ৰীনেটে কয় যে তেওঁ লোভত নে ভয়ত বিজেপিলৈ গৈছে মই নাজানো। 'ভাৰত জোড়ো যাত্ৰা'ৰ বাবে বিজেপিৰ ভূমি পিছলি পৰিছে। তেওঁ প্ৰশ্ন কৰে যে বিজেপিৰ বিৰুদ্ধে ভোট বিচৰাসকলে কি মুখেৰে বিজেপিত যোগদান কৰিছে?

আচলতে গোৱাত ৪০ খন বিধানসভা আসন আছে আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৰাজ্যত বিজেপিৰ মিত্ৰজোঁটৰ ২৫ জন বিধায়ক থকাৰ বিপৰীতে কংগ্ৰেছৰ ১১ জন বিধায়ক আছে। ইয়াৰ পূৰ্বে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে দাবী কৰিছিল যে তেওঁৰ দলত ৮জন কংগ্ৰেছ বিধায়কে যোগদান কৰিব।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ফেব্ৰুৱাৰী মাহত গোৱা কংগ্ৰেছে এটা টুইট কৰিছিল য’ত তেওঁলোকে কৈছিল যে, গোৱা ফৰৱাৰ্ড পাৰ্টিৰ মিত্ৰতাৰ ৪০ জন প্ৰাৰ্থীয়েও ঐক্যবদ্ধ আৰু আনুগত্যশীল হৈ থাকিবলৈ #PledgeOfLoyalty গ্ৰহণ কৰে। গোৱাৰ পৰিচয় বিক্ৰী কৰা কোনো কামত কেতিয়াও সমৰ্থন বা অংশগ্ৰহণ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে।

উল্লেখযোগ্য যে এই খবৰ  কংগ্ৰেছে সমগ্ৰ দেশতে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰাৰ সময়তে আহিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত সমগ্ৰ দেশজুৰি ১৫০ দিনীয়া ৩৭৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰা আৰম্ভ কৰা হৈছে। দেশৰ ১২খন ৰাজ্যৰ মাজেৰে পাৰ হ’ব এই যাত্ৰা। ভাৰতৰ জোড়ো যাত্ৰাৰ আজি ৮ম দিন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু