--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশ লৈছিল হাৰিয়ানাৰ মহিলা মল্লযুজাঁৰু নেনা কানৱাল। ৰাহুল গান্ধীৰ স’তে নেইনাই হাতত ধৰি খোজকঢ়াৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল৷

উল্লেখ্য যে ৰাজস্থান আৰক্ষীত ক্ৰীড়াৰ সংৰক্ষণ কোটাত আৰক্ষী উপ পৰিদৰ্শক হিচাপে নিযুক্তি লাভ কৰিছিল নেইনা কানৱালে। কিন্তু ভাৰত জোড়ো যাত্ৰাত অংশ লোৱাৰ বাবে আৰক্ষী সঞ্চালকালয়ে নিলম্বন কৰিছে মল্লযুঁজাৰুগৰাকীক৷ উপ আৰক্ষী সঞ্চালক এছ সেঙ্গত্থিৰে জনোৱা অনুসৰি নেইনাৰ বিৰুদ্ধে তদন্ত চলি আছে, তদন্ত শেষ নোহোৱালৈকে আৰক্ষীয়ে একো প্ৰকাশ নকৰে৷

ইতিমধ্যে ৰাজস্থান আৰক্ষীৰ সঞ্চালকালয়ে নেইনাক নিলম্বিত কৰিছে৷  তাৰপাছতে নেইনাক লৈ সামাজিক মাধ্যমত চৰ্চা চলি আছে৷ নেনাৰ প্ৰকৃত ঘৰ হাৰিয়ানৰৰ সৌনিপতত হ’লেও নেইনাক লৈ বহুকেইখন ৰাজ্যৰ আৰক্ষীৰ দৃষ্টি নিবদ্ধ হৈ আছে৷

উল্লেখযোগ্য যে, নেইনা কানৱালে মল্লযুদ্ধত এছিয়া চেম্পিয়নশ্বিপত  ভাৰতৰ হৈ স্বৰ্ণপদক জয় কৰিছিল৷ ৬বাৰ ভাৰত কেশৰী আৰু ৭ বাৰ হাৰিয়ানা কেশৰীৰ সন্মানো লাভ কৰিছে মল্লযুঁজাৰুগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু