--°C
Loading...
Listen to Article
2 min read
80%
\ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিল- এতিয়া এই ঘটনাই লৈছে বহুকেইটা বাতৰিৰ শিৰোনাম৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সজোৰে আলোচিত হৈছে  শেহতীয়াকৈ অসমত অনুষ্ঠিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগই তোলপাৰ লগাই থকাৰ মাজতে আন এটা খৱৰ আহি পৰিছে মোদী ৰাজ্য
 গুজৰাটৰ পৰা৷

ঘটনাটো আছিল  জানুৱাৰীৰ শেষ দেওবাৰৰ দিনা। সেইদিনা গুজৰাটৰ ৯.৫ লাখ প্ৰাৰ্থীয়ে পঞ্চায়তৰ কনিষ্ঠ সহায়ক হোৱাৰ সপোন দেখি ১,১৮১ খন আসনৰ বাবে যুঁজ দিবলৈ সাজু হৈছিল৷ নিবনুৱা যুৱক-যুৱতীসকলৰ এই চাকৰিটো আছিল সপোন, যিয়ে তেওঁলোকক ১৯,৯৫০ টকাৰ দৰমহাৰ প্ৰতিশ্ৰুতি দিছিল।

সেই প্ৰাৰ্থীসকলৰ ভিতৰত এজন আছিল ৰাজকোটৰ ২২ বছৰীয়া মানৱ চোলাংকী। তেওঁ দেওবাৰে পুৱা ১১ বজাত পৰীক্ষা দিবলৈ সাজু আছিল। কিন্তু পুৱা প্ৰায় ৭ বজাত, তেওঁ পৰীক্ষা বাতিল কৰা হৈছে বুলি অৱগত কৰি এটা ফোন পাইছিল। পৰীক্ষা বাতিল হোৱাৰ কাৰণ হ’ল হ’বলগীয়া পঞ্চায়তৰ কনিষ্ঠ সহায়কৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল।

তেতিয়াৰ পৰা, প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দায়বদ্ধ গুজৰাট পঞ্চায়ত সেৱা বাছনি ব'ৰ্ডে (জিপিএছএছবি) পুনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰি আহিছে। উল্লেখ্য যে সেই পৰীক্ষাটো ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি বিভাগৰ দ্বাৰা পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

এইটো কথা মন কৰিবলগীয়া যে পঞ্চায়ত বিভাগৰ কনিষ্ঠ সহায়কৰ পৰীক্ষাই কেৱল প্ৰশ্নকাকত ফাদিল হোৱাৰ দ্বাৰা প্ৰভাৱিত নহয়। বৰঞ্চ গুজৰাটত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল এক মহামাৰী হৈ পৰিছে৷

যোৱা ১১বছৰত ১১ টা বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু হাজাৰ হাজাৰ যুৱ চাকৰি প্ৰাৰ্থীক এই কথাই যথেষ্ট নিৰুৎসাহিত কৰিছে। বিভিন্ন অনানুষ্ঠানিক সংখ্যাই দাবী কৰে যে এই প্ৰশ্নকাকত ফাদিলৰ সংখ্যাটো আৰু বেছি। এইটোৱে ব্যক্তিগত খণ্ডৰ বিকাশৰ বাবে জনাজাত এখন ৰাজ্যত চৰকাৰী চাকৰিৰ প্ৰতি থকা যুৱপ্ৰজন্মৰ আসক্তিক অধিক প্ৰবল আৰু স্পষ্ট কৰি তুলিছে৷

পঞ্চায়ত বৰ্ডে আশা কৰে যে দ্বিতীয় পৰীক্ষা অনুষ্ঠিত হোৱালৈকে, তেওঁলোক এক সম্পূৰ্ণ নতুন আইনৰ সৈতে সজ্জিত হ'ব যিয়ে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা সকলক সৰ্বাধিক ১০বছৰৰ কাৰাদণ্ড আৰু ১ কোটি টকাৰ জৰিমনা বিহিব৷

ইতিমধ্যেই সেই কথা আগত ৰাখি গুজৰাট ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক, ২০২৩ যোৱা মাহত গুজৰাট ৰাজ্যিক বিধানসভাত দ্ৰুতগতিত গৃহীত হৈছিল আৰু ৰাজ্যখনৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ৮ মাৰ্চত এই বিধেয়কত সন্মতি প্ৰদান কৰিছিল।

অৱশ্যে, নতুন আইনখনে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ সংগ্ৰাম কৰি থকা মানৱ চোলাংকীক সুখী কৰিব পৰা নাই।
তেওঁ কয় যে কিছুমান চৰকাৰী সেৱাৰ পৰীক্ষাই কেনেকৈ আন পৰীক্ষাতকৈ অধিক মনোযোগ লাভ কৰে আৰু তেওঁলোকৰ পৱিত্ৰতা অটুট থাকে সেইয়া চৰকাৰৰ পক্ষপাতদুষ্ট ব্যৱহাৰ,এই কথাই চোলাংকীৰ দৰে বহুতকে নিৰুৎসাহিত কৰে।

লগতে তেওঁ প্ৰশ্ন কৰে যে গুজৰাট লোক সেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাবোৰ কেনেকৈ প্ৰশ্নকাকত ফাদিলৰ পৰা মুক্ত কিন্তু গুজৰাট অধীনস্থ সেৱা বাছনি ব'ৰ্ডৰ (জিএছএছএছবি) ক্ষেত্ৰত একেই নীতি-নিয়ম কিয় প্ৰযোজ্য নহয়!

মানৱ চোলাংকীৰ পিতৃ আনন্দ ভাইয়ে প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাবোৰক চৰকাৰী পৰ্যবেক্ষণৰ পৰিণামৰ পৰিৱৰ্তে এক "ষড়যন্ত্ৰ" বুলি অভিহিত কৰিছে। তেওঁৰো নতুনকৈ বলবৎ হোৱা আইনৰ পৰা ক্ষীণ প্ৰত্যাশা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement