--°C
Loading...
Listen to Article
2 min read
80%
\ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিল- এতিয়া এই ঘটনাই লৈছে বহুকেইটা বাতৰিৰ শিৰোনাম৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত সজোৰে আলোচিত হৈছে৷  শেহতীয়াকৈ অসমত অনুষ্ঠিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগই তোলপাৰ লগাই থকাৰ মাজতে আন এটা খৱৰ আহি পৰিছে মোদী ৰাজ্য
 গুজৰাটৰ পৰা৷

ঘটনাটো আছিল  জানুৱাৰীৰ শেষ দেওবাৰৰ দিনা। সেইদিনা গুজৰাটৰ ৯.৫ লাখ প্ৰাৰ্থীয়ে পঞ্চায়তৰ কনিষ্ঠ সহায়ক হোৱাৰ সপোন দেখি ১,১৮১ খন আসনৰ বাবে যুঁজ দিবলৈ সাজু হৈছিল৷ নিবনুৱা যুৱক-যুৱতীসকলৰ এই চাকৰিটো আছিল সপোন, যিয়ে তেওঁলোকক ১৯,৯৫০ টকাৰ দৰমহাৰ প্ৰতিশ্ৰুতি দিছিল।

সেই প্ৰাৰ্থীসকলৰ ভিতৰত এজন আছিল ৰাজকোটৰ ২২ বছৰীয়া মানৱ চোলাংকী। তেওঁ দেওবাৰে পুৱা ১১ বজাত পৰীক্ষা দিবলৈ সাজু আছিল। কিন্তু পুৱা প্ৰায় ৭ বজাত, তেওঁ পৰীক্ষা বাতিল কৰা হৈছে বুলি অৱগত কৰি এটা ফোন পাইছিল। পৰীক্ষা বাতিল হোৱাৰ কাৰণ হ’ল হ’বলগীয়া পঞ্চায়তৰ কনিষ্ঠ সহায়কৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছিল।

তেতিয়াৰ পৰা, প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে দায়বদ্ধ গুজৰাট পঞ্চায়ত সেৱা বাছনি ব'ৰ্ডে (জিপিএছএছবি) পুনৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰি আহিছে। উল্লেখ্য যে সেই পৰীক্ষাটো ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব বুলি বিভাগৰ দ্বাৰা পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

এইটো কথা মন কৰিবলগীয়া যে পঞ্চায়ত বিভাগৰ কনিষ্ঠ সহায়কৰ পৰীক্ষাই কেৱল প্ৰশ্নকাকত ফাদিল হোৱাৰ দ্বাৰা প্ৰভাৱিত নহয়। বৰঞ্চ গুজৰাটত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল এক মহামাৰী হৈ পৰিছে৷

যোৱা ১১বছৰত ১১ টা বিভিন্ন পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে আৰু হাজাৰ হাজাৰ যুৱ চাকৰি প্ৰাৰ্থীক এই কথাই যথেষ্ট নিৰুৎসাহিত কৰিছে। বিভিন্ন অনানুষ্ঠানিক সংখ্যাই দাবী কৰে যে এই প্ৰশ্নকাকত ফাদিলৰ সংখ্যাটো আৰু বেছি। এইটোৱে ব্যক্তিগত খণ্ডৰ বিকাশৰ বাবে জনাজাত এখন ৰাজ্যত চৰকাৰী চাকৰিৰ প্ৰতি থকা যুৱপ্ৰজন্মৰ আসক্তিক অধিক প্ৰবল আৰু স্পষ্ট কৰি তুলিছে৷

পঞ্চায়ত বৰ্ডে আশা কৰে যে দ্বিতীয় পৰীক্ষা অনুষ্ঠিত হোৱালৈকে, তেওঁলোক এক সম্পূৰ্ণ নতুন আইনৰ সৈতে সজ্জিত হ'ব যিয়ে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা সকলক সৰ্বাধিক ১০বছৰৰ কাৰাদণ্ড আৰু ১ কোটি টকাৰ জৰিমনা বিহিব৷

ইতিমধ্যেই সেই কথা আগত ৰাখি গুজৰাট ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক, ২০২৩ যোৱা মাহত গুজৰাট ৰাজ্যিক বিধানসভাত দ্ৰুতগতিত গৃহীত হৈছিল আৰু ৰাজ্যখনৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে ৮ মাৰ্চত এই বিধেয়কত সন্মতি প্ৰদান কৰিছিল।

অৱশ্যে, নতুন আইনখনে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ সংগ্ৰাম কৰি থকা মানৱ চোলাংকীক সুখী কৰিব পৰা নাই।
তেওঁ কয় যে কিছুমান চৰকাৰী সেৱাৰ পৰীক্ষাই কেনেকৈ আন পৰীক্ষাতকৈ অধিক মনোযোগ লাভ কৰে আৰু তেওঁলোকৰ পৱিত্ৰতা অটুট থাকে সেইয়া চৰকাৰৰ পক্ষপাতদুষ্ট ব্যৱহাৰ,এই কথাই চোলাংকীৰ দৰে বহুতকে নিৰুৎসাহিত কৰে।

লগতে তেওঁ প্ৰশ্ন কৰে যে গুজৰাট লোক সেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত পৰীক্ষাবোৰ কেনেকৈ প্ৰশ্নকাকত ফাদিলৰ পৰা মুক্ত কিন্তু গুজৰাট অধীনস্থ সেৱা বাছনি ব'ৰ্ডৰ (জিএছএছএছবি) ক্ষেত্ৰত একেই নীতি-নিয়ম কিয় প্ৰযোজ্য নহয়!

মানৱ চোলাংকীৰ পিতৃ আনন্দ ভাইয়ে প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাবোৰক চৰকাৰী পৰ্যবেক্ষণৰ পৰিণামৰ পৰিৱৰ্তে এক "ষড়যন্ত্ৰ" বুলি অভিহিত কৰিছে। তেওঁৰো নতুনকৈ বলবৎ হোৱা আইনৰ পৰা ক্ষীণ প্ৰত্যাশা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু