--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নেতা তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেই বিজেপি আই টি চেলৰ লোকসকলৰ মিছা আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত তেওঁ থানাতো এজাহাৰ দাখিল কৰিছে। তদুপৰি খৰ্গেই  আই টি চেলৰ পৰিচালনাত জড়িত বিজেপি নেতা অমিত মালব্যই কৰা টুইটত আপত্তি কৰে।

অমিতে এটা টুইট কৰিছিল, য’ত তেওঁ লিখিছিল- ‘সৰলভাৱে ক’বলৈ গ’লে ৰাহুল গান্ধী ইমানেই ধূৰ্ত যে তেওঁৰ প্ৰতিটো ভিডিঅ’ কোৰিঅ’গ্ৰাফী কৰিলেহে তেওঁক শুদ্ধ যেন দেখা যায়। আমেৰিকাত ট্ৰাক চলোৱাটোও আছিল এক চলনা, য’ত আমেৰিকাৰ ভাৰতীয় বহিঃৰাষ্ট্ৰৰ যুৱ কংগ্ৰেছৰ সভাপতি তালজিন্দৰ সিং ভিকি গিলে ট্ৰাক চালকৰ অভিনয় কৰিছিল। আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ এন এছ ইউ আইৰ উপ-সভাপতি হিচাপে কাম কৰিছিল আৰু ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাৰো অংশ আছিল।"

অমিত মাল্যবৰ এই টুইটত অগ্নিশৰ্মা হৈ পৰিল প্ৰিয়ংক খৰ্গে। মালব্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বহুদিনৰ পৰা বিজেপিৰ আই টি হেণ্ডেলে ভুল খবৰ উলিয়াই আৰু উৰাবাতৰি বিয়পাই আহিছে। খৰ্গেই ক’লে- "এতিয়া সময় আহি পৰিছে বিজেপিৰ আই টি চেলৰ মুৰব্বীকে ধৰি এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ। ১৭ জুনত তেওঁ যি ক’লে সেয়া দুৰ্ভাগ্যজনক। ইয়াৰ বিৰুদ্ধে আজি আমি এজাহাৰ দাখিল কৰিছো। আমি এই বিষয়টোক যুক্তিসংগত সমাপ্তিৰ দিশে লৈ যাম।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে