--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ নেতা তথা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ পুত্ৰ প্ৰিয়াংক খৰ্গেই বিজেপি আই টি চেলৰ লোকসকলৰ মিছা আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত তেওঁ থানাতো এজাহাৰ দাখিল কৰিছে। তদুপৰি খৰ্গেই  আই টি চেলৰ পৰিচালনাত জড়িত বিজেপি নেতা অমিত মালব্যই কৰা টুইটত আপত্তি কৰে।

অমিতে এটা টুইট কৰিছিল, য’ত তেওঁ লিখিছিল- ‘সৰলভাৱে ক’বলৈ গ’লে ৰাহুল গান্ধী ইমানেই ধূৰ্ত যে তেওঁৰ প্ৰতিটো ভিডিঅ’ কোৰিঅ’গ্ৰাফী কৰিলেহে তেওঁক শুদ্ধ যেন দেখা যায়। আমেৰিকাত ট্ৰাক চলোৱাটোও আছিল এক চলনা, য’ত আমেৰিকাৰ ভাৰতীয় বহিঃৰাষ্ট্ৰৰ যুৱ কংগ্ৰেছৰ সভাপতি তালজিন্দৰ সিং ভিকি গিলে ট্ৰাক চালকৰ অভিনয় কৰিছিল। আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ এন এছ ইউ আইৰ উপ-সভাপতি হিচাপে কাম কৰিছিল আৰু ৰাহুল গান্ধীৰ ভাৰত জোডো যাত্ৰাৰো অংশ আছিল।"

অমিত মাল্যবৰ এই টুইটত অগ্নিশৰ্মা হৈ পৰিল প্ৰিয়ংক খৰ্গে। মালব্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে বহুদিনৰ পৰা বিজেপিৰ আই টি হেণ্ডেলে ভুল খবৰ উলিয়াই আৰু উৰাবাতৰি বিয়পাই আহিছে। খৰ্গেই ক’লে- "এতিয়া সময় আহি পৰিছে বিজেপিৰ আই টি চেলৰ মুৰব্বীকে ধৰি এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ। ১৭ জুনত তেওঁ যি ক’লে সেয়া দুৰ্ভাগ্যজনক। ইয়াৰ বিৰুদ্ধে আজি আমি এজাহাৰ দাখিল কৰিছো। আমি এই বিষয়টোক যুক্তিসংগত সমাপ্তিৰ দিশে লৈ যাম।"







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু