--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অশান্ত হৈ পৰিছে মধ্যপ্ৰদেশৰ ৰাজনৈতিক পৰিবেশ৷নিত্যনতুন বিতৰ্কই লগ লৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ৷কাৰ্তিকেয় চৌহান আৰু কুনাল চৌহান। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দুজন পুত্ৰৰ। তেওঁলোকৰ নামেৰে উদ্যানৰ নামকৰণ কৰা হৈছে বুলি অভিযোগ উঠিছে মধ্যপ্ৰদেশত। এই উদ্যানখন বুধনীত অৱস্থিত, এই বুধনীৰ পৰাই মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান বিধায়ক। শিৱৰাজৰ জ্যেষ্ঠ পুত্ৰ কাৰ্তিকেয়ৰ নামেৰে নামাকৰণ কৰা উদ্যানখন কিছুদিন আগলৈকে নেহৰু পাৰ্ক নামেৰে জনাজাত আছিল বুলি খবৰ আহিছে। এই বিষয়ত কংগ্ৰেছে চৌহান চৰকাৰক আক্ৰমণ কৰিছে। বিজেপিয়েও এই ক্ষেত্ৰত উত্তৰ দিয়া বৰ্তমান পৰিলক্ষিত হৈছে৷

অজয় সিং মধ্যপ্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি অজয় ​​সিঙে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সমষ্টি বুধনীৰ নেহৰু পাৰ্কৰ নাম তেওঁৰ ডাঙৰ পুত্ৰৰ নামেৰে ৰখা হৈছে। ইয়াৰ উপৰিও শিৱৰাজৰ কনিষ্ঠ পুত্ৰ কুনালৰ নামেৰে এখন উদ্যানৰ নামো ৰখা হৈছে।তদুপৰি এই প্ৰসংগতে অজয় সিঙে বিজেপিয়ে স্বাধীনতা সংগ্ৰামত অৰিহণা যোগোৱা মহান ব্যক্তিসকলৰ নাম মচি পেলোৱাৰ অভিযোগ উত্থাপন কৰে।

তথ্য অনুসৰি কংগ্ৰেছৰ এই দাবীৰ প্ৰত্যুত্তৰ দিছে শাসকীয় বিজেপিয়ে। স্থানীয় ৰাইজে উদ্যানখনৰ নাম সলনি কৰিলে কংগ্ৰেছৰ কোনো আপত্তি নাথাকিব লাগে বুলি মন্তব্য কৰিছে বিজেপিয়ে। মধ্যপ্ৰদেশ বিজেপিৰ মুখপাত্ৰ পংকজ চতুৰ্বেদীয়ে অজয় ​​সিঙৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে ,এই বিষয়ত বিজেপিয়ে কংগ্ৰেছক প্ৰশ্ন উত্থাপন কৰিছে যে যদি স্থানীয় ৰাইজে নিজৰ চহৰৰ উদ্যানসমূহৰ নাম প্ৰিয় আৰু প্ৰিয়জনৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে কোনোবাই কিয় আপত্তি কৰিব? সেইয়া সুখৰ খবৰ হে৷

এতিয়া এই বিষয়টিয়ে যথেষ্ট উত্তপ্ত কৰি তুলিছে মধ্যপ্ৰদেশৰ ৰাজনীতি,অনাগত দিনত এই বিতৰ্কই কোন দিশে গতি কৰে সেয়া হ’ব লক্ষণীয়৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু