--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰমাৎ অশান্ত হৈ পৰিছে মধ্যপ্ৰদেশৰ ৰাজনৈতিক পৰিবেশ৷নিত্যনতুন বিতৰ্কই লগ লৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ৷কাৰ্তিকেয় চৌহান আৰু কুনাল চৌহান। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দুজন পুত্ৰৰ। তেওঁলোকৰ নামেৰে উদ্যানৰ নামকৰণ কৰা হৈছে বুলি অভিযোগ উঠিছে মধ্যপ্ৰদেশত। এই উদ্যানখন বুধনীত অৱস্থিত, এই বুধনীৰ পৰাই মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান বিধায়ক। শিৱৰাজৰ জ্যেষ্ঠ পুত্ৰ কাৰ্তিকেয়ৰ নামেৰে নামাকৰণ কৰা উদ্যানখন কিছুদিন আগলৈকে নেহৰু পাৰ্ক নামেৰে জনাজাত আছিল বুলি খবৰ আহিছে। এই বিষয়ত কংগ্ৰেছে চৌহান চৰকাৰক আক্ৰমণ কৰিছে। বিজেপিয়েও এই ক্ষেত্ৰত উত্তৰ দিয়া বৰ্তমান পৰিলক্ষিত হৈছে৷

অজয় সিং মধ্যপ্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি অনুসৰি অজয় ​​সিঙে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সমষ্টি বুধনীৰ নেহৰু পাৰ্কৰ নাম তেওঁৰ ডাঙৰ পুত্ৰৰ নামেৰে ৰখা হৈছে। ইয়াৰ উপৰিও শিৱৰাজৰ কনিষ্ঠ পুত্ৰ কুনালৰ নামেৰে এখন উদ্যানৰ নামো ৰখা হৈছে।তদুপৰি এই প্ৰসংগতে অজয় সিঙে বিজেপিয়ে স্বাধীনতা সংগ্ৰামত অৰিহণা যোগোৱা মহান ব্যক্তিসকলৰ নাম মচি পেলোৱাৰ অভিযোগ উত্থাপন কৰে।

তথ্য অনুসৰি কংগ্ৰেছৰ এই দাবীৰ প্ৰত্যুত্তৰ দিছে শাসকীয় বিজেপিয়ে। স্থানীয় ৰাইজে উদ্যানখনৰ নাম সলনি কৰিলে কংগ্ৰেছৰ কোনো আপত্তি নাথাকিব লাগে বুলি মন্তব্য কৰিছে বিজেপিয়ে। মধ্যপ্ৰদেশ বিজেপিৰ মুখপাত্ৰ পংকজ চতুৰ্বেদীয়ে অজয় ​​সিঙৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ উল্লেখ কৰে যে ,এই বিষয়ত বিজেপিয়ে কংগ্ৰেছক প্ৰশ্ন উত্থাপন কৰিছে যে যদি স্থানীয় ৰাইজে নিজৰ চহৰৰ উদ্যানসমূহৰ নাম প্ৰিয় আৰু প্ৰিয়জনৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে, তেন্তে কোনোবাই কিয় আপত্তি কৰিব? সেইয়া সুখৰ খবৰ হে৷

এতিয়া এই বিষয়টিয়ে যথেষ্ট উত্তপ্ত কৰি তুলিছে মধ্যপ্ৰদেশৰ ৰাজনীতি,অনাগত দিনত এই বিতৰ্কই কোন দিশে গতি কৰে সেয়া হ’ব লক্ষণীয়৷











FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ