--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ নৱজোৎ সিং সিদ্ধুক দহ মাহৰ অন্তত শনিবাৰে পাটিয়ালাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। ১৯৮৮ চনৰ ‘ইচ্ছাকৃতভাৱে আঘাত কৰা’ এটা গোচৰত শাস্তি প্ৰদান কৰা হৈছিল সিদ্ধুক। ৫৯ বছৰীয়া কংগ্ৰেছ নেতা সিদ্ধুক এবছৰৰ কাৰাদণ্ড বিহা হৈছিল। বিগত বৰ্ষৰ ২০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। কাৰাদণ্ডৰ সময়সীমা আছিল এবছৰ। অৱশ্যে জে’লত কৰা ভাল আচৰণৰ বাবে দহ মাহৰ পাছতে মুকলি কৰি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ নৱজোৎ সিং সিদ্ধুক।

এই সময়ত জে’লৰ বাহিৰত তেওঁৰ সমৰ্থকৰ ভিৰ দেখা গ’ল। ঢোল-ঢাকৰ সৈতে তেওঁক আদৰণি জনোৱা হয়। 

জে’লৰ পৰা ওলাই আহি নৱজোৎ সিং সিদ্ধুৱে কয় যে “বৰ্তমান গণতন্ত্ৰ বুলি একো নাই। পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন অনাৰ ষড়যন্ত্ৰত সংখ্যালঘু লোকক লক্ষ্য কৰি লোৱা হৈছে। পঞ্জাৱক দুৰ্বল কৰিবলৈ চেষ্টা কৰিলে নিজে দুৰ্বল হৈ পৰিব।”

ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হোৱাৰ ইংগিত দিছে সিদ্ধুৱে। তেওঁ কয় যে তেওঁ ৰাজনীতিত সক্ৰিয় হ’ব বিচাৰে। একে সময়তে সিদ্ধুৱে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

তেওঁ লগতে কয় “দেশৰ গণতন্ত্ৰ আজি শিকলিৰে বন্ধা।” ৰাহুল গান্ধীৰ সমৰ্থনত সিদ্ধুৱে লগতে কয়, ‘পাঞ্জাব এই দেশৰ সুৰক্ষা কবচ। কিন্তু দেশত চলি আছে একনায়কত্ববাদী শাসন। ইয়াক ৰোধ কৰিবলৈ ৰাহুলৰ নেতৃত্বত এক বিপ্লৱ আহিব।”

ইয়াৰ সমান্তৰালকৈ পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানকো কেৱল কাগজে-পত্ৰইহে মুখ্যমন্ত্রী হৈ আছে বুলি কয় নৱজোৎ সিং সিদ্ধুৱে।

ইতিমধ্যে খালিস্তানী নেতা অমৃতপল সিঙক লৈ উত্তাল হৈ পৰিছে পঞ্জাৱৰ ৰাজনীতি। এই সন্দৰ্ভত সিদ্ধুৱে কয় যে পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে। কংগ্ৰেছক উদ্দ্যেশি সিদ্ধুৱে কয়, “ৰাহুল, প্ৰিয়ংকা আৰু প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ দিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল