--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ নৱজোৎ সিং সিদ্ধুক দহ মাহৰ অন্তত শনিবাৰে পাটিয়ালাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয়। ১৯৮৮ চনৰ ‘ইচ্ছাকৃতভাৱে আঘাত কৰা’ এটা গোচৰত শাস্তি প্ৰদান কৰা হৈছিল সিদ্ধুক। ৫৯ বছৰীয়া কংগ্ৰেছ নেতা সিদ্ধুক এবছৰৰ কাৰাদণ্ড বিহা হৈছিল। বিগত বৰ্ষৰ ২০ মে’ত উচ্চতম ন্যায়ালয়ে তেওঁক এবছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। কাৰাদণ্ডৰ সময়সীমা আছিল এবছৰ। অৱশ্যে জে’লত কৰা ভাল আচৰণৰ বাবে দহ মাহৰ পাছতে মুকলি কৰি দিয়া হয় প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাজনীতিবিদ নৱজোৎ সিং সিদ্ধুক।

এই সময়ত জে’লৰ বাহিৰত তেওঁৰ সমৰ্থকৰ ভিৰ দেখা গ’ল। ঢোল-ঢাকৰ সৈতে তেওঁক আদৰণি জনোৱা হয়। 

জে’লৰ পৰা ওলাই আহি নৱজোৎ সিং সিদ্ধুৱে কয় যে “বৰ্তমান গণতন্ত্ৰ বুলি একো নাই। পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন অনাৰ ষড়যন্ত্ৰত সংখ্যালঘু লোকক লক্ষ্য কৰি লোৱা হৈছে। পঞ্জাৱক দুৰ্বল কৰিবলৈ চেষ্টা কৰিলে নিজে দুৰ্বল হৈ পৰিব।”

ৰাজ্যৰ ৰাজনীতিত সক্ৰিয় হোৱাৰ ইংগিত দিছে সিদ্ধুৱে। তেওঁ কয় যে তেওঁ ৰাজনীতিত সক্ৰিয় হ’ব বিচাৰে। একে সময়তে সিদ্ধুৱে বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে।

তেওঁ লগতে কয় “দেশৰ গণতন্ত্ৰ আজি শিকলিৰে বন্ধা।” ৰাহুল গান্ধীৰ সমৰ্থনত সিদ্ধুৱে লগতে কয়, ‘পাঞ্জাব এই দেশৰ সুৰক্ষা কবচ। কিন্তু দেশত চলি আছে একনায়কত্ববাদী শাসন। ইয়াক ৰোধ কৰিবলৈ ৰাহুলৰ নেতৃত্বত এক বিপ্লৱ আহিব।”

ইয়াৰ সমান্তৰালকৈ পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানকো কেৱল কাগজে-পত্ৰইহে মুখ্যমন্ত্রী হৈ আছে বুলি কয় নৱজোৎ সিং সিদ্ধুৱে।

ইতিমধ্যে খালিস্তানী নেতা অমৃতপল সিঙক লৈ উত্তাল হৈ পৰিছে পঞ্জাৱৰ ৰাজনীতি। এই সন্দৰ্ভত সিদ্ধুৱে কয় যে পঞ্জাৱত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে। কংগ্ৰেছক উদ্দ্যেশি সিদ্ধুৱে কয়, “ৰাহুল, প্ৰিয়ংকা আৰু প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ সৈতে কান্ধত কান্ধ মিলাই যুঁজ দিম।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ