--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত চলা পৰিৱৰ্তনৰ পছোৱা বতাহজাকে স্পৰ্শ কৰিছে ভাৰতীয়ৰ মন-মগজু৷মুল্যবৃদ্ধি,দুৰ্নীতি আৰু সামাজিক অস্থিৰতাৰ কলীয়া ডাৱৰৰ মাজত আশাৰ চাকি হিচাপে প্ৰস্ফুটিত হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী৷

ভাৰত জোড়ো যাত্ৰাৰ পাছত দেশৰ বহু প্ৰান্তত বৃদ্ধি পাইছে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা৷সাংসদ পদ ঘূৰাই পোৱাৰ পাছত গান্ধীৰ সামাজিক মাধ্যমতো যথেষ্ট জনপ্ৰিয়তা বৃদ্ধি পায়৷গত সময়চোৱাত দেশৰ শোষিত জনগণৰ কাষত ৰাহুলৰ সমান্তৰালভাৱে দেখা পোৱা গৈছিল প্ৰিয়ংকা গান্ধীক৷উল্লেখ্য যে প্ৰিয়ংকা গান্ধী আৰু ৰাহুলে শৈশৱৰ পৰাই যথেষ্ট আবেগিক পৰিবেশৰ সন্মুখীন হৈছিল৷আইতাক আৰু পিতৃৰ নিধনৰ পাছত মাতৃৰ অকাল বৈধব্য স্বচক্ষে প্ৰত্যক্ষ কৰিছিল৷

শেহতীয়াকৈ ছোনিয়া দুহিতা আৰু তনয়ৰ প্ৰসংগই দেশত তুমুল ৰাজনৈতিক দ্বন্দ্বৰ অৱতাৰণা কৰিছে৷টুইটাৰযোগে শাসিত ভাৰতীয় জনতা পাৰ্টীয়ে ৰাহুল-প্ৰিয়ংকাৰ মধুৰ সম্পৰ্কত তিক্ততা অহা বুলি দাবী কৰিছিল৷কিন্তু ইয়াকে লৈ দেশত সৃষ্টি হৈছে বহু প্ৰতিক্ৰিয়াৰ৷কাৰণ ৰাহুল-প্ৰিয়ংকা দুয়োৱে এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছে,খাদ্য জুতি লোৱাৰ পৰা ৰাজহুৱা সভালৈকে দুয়োৱে হাস্যবদনে সময় কটায়,তাৰ পাছত কোনোৱে বিজেপিৰ এই প্ৰপাগেণ্ডা সহজভাবে ল’ব পৰা নাই৷

বিজেপিৰ যে এই প্ৰচাৰ ভুৱা সেয়া শেহতীয়াকৈ প্ৰিয়ংকা গান্ধীৰ এক ভিডিঅ’ই প্ৰতিপন্ন কৰিছে৷য’ত প্ৰিয়ংকা গান্ধীয়ে ৰাহুলৰ বাবে নিজ প্ৰাণ দিয়াৰ ক্ষেত্ৰতো ভ্ৰূক্ষেপ নকৰাৰ কথা প্ৰকাশ কৰিছে৷তদুপৰি প্ৰিয়ংকাৰ ওপৰত বিপদ আহিলেও ৰাহুল যে সদাসষ্টম সেই কথা প্ৰকাশ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক