--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ আৰম্ভ নাম সলনিৰ প্ৰক্ৰিয়া৷পিছে এইবাৰ  কোনো স্থান বা ঐতিহাসিক কীৰ্তিচিহ্নৰ নাম নহয় বৰঞ্চ সলনি হ’ব এটা বিশেষ শব্দ-'ইণ্ডিয়া'৷

বিৰোধী ২৬ টা দলে লোকসভা '২৪ৰ প্ৰস্তুতিৰ মাজতে নিজৰ মিত্ৰজোঁটৰ নাম I.N.D.I.A- Indian National Democratic Inclusive Alliance হিচাপে নামকৰণ কৰে৷ইয়াৰ পাছতেই দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হয়৷শাসকীয় বিজেপিয়ে 'ইণ্ডিয়া' শব্দটো উপনিৱেশিক দাসত্বৰ চিহ্ন বুলি সমালোচনা কৰে৷কিন্তু ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়া যাত্ৰা আৰু মোদী উপাধি গোচৰৰ পাছত হেৰুৱা সাংসদ পদ লাভ কৰি এই ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্বত যথেষ্ট সক্ৰিয়তা দেখা যায়৷

ইণ্ডিয়া মিত্ৰজোঁটৰ এই উত্থানত শংকিত  হৈছে বিজেপি৷যাৰ বাবে ১৮-২২ ছেপ্তেম্বৰত অনুষ্ঠিতব্য সংসদৰ বিশেষ অধিবেশনত ইণ্ডিয়া নামটো সাংবিধানিকভাৱে আঁতৰাই 'ভাৰত' নামটো প্ৰণয়ন কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে৷কিন্তু ইণ্ডিয়া নামটোক লৈ কিয় শংকিত হৈ পৰিছে তাক লৈ নাগৰিক সমাজৰ মাজত নানান প্ৰশ্নৰ অৱতাৰণা হৈছে৷২০১৪ত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীয়ে 'ডিজিটেল ইণ্ডিয়া', 'মেক্ ইন ইণ্ডিয়া', 'স্কিল ইণ্ডিয়া' আদি বহু অভিলাষী আঁচনি অথবা কাৰ্যসূচীৰ কথা উল্লেখ কৰিছিল৷এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সেই সময়ত মোদীৰ দৃষ্টিত 'ইণ্ডিয়া' শব্দটি উপনিৱেশিক দাসত্বৰ চিহ্ন নাছিল নেকি? নে এই কথা উপলব্ধি কৰিবলৈ মোদীক ৯ বছৰৰ প্ৰয়োজন হ’ল সেই কথাও বহুতৰ মনত উদয় হৈছে৷

এইসমূহ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সমান্তৰালভাৱে এই কথাৰো আলোচনা হৈছে যে এতিয়া দেশত পুনৰ বিমুদ্ৰাকৰণ হ’ব নেকি?আকৌ জনতাই নোট বিচাৰি এটিএম আৰু বেংকত শাৰী পাতি যন্ত্ৰণা ভুগিবলগীয়া হ’ব নেকি সেই কথা আলোচিত হৈছে৷কাৰণ ভাৰতত প্ৰচলিত নোটসমূহত 'ৰিজাৰ্ভ বেংক অৱ্ ইণ্ডিয়া' নামটো উল্লেখ আছে৷যদি  ইণ্ডিয়া নামটিৰ ঠাইত ভাৰতৰ প্ৰয়োগ হয় তেন্তে পূৰ্বৰ নোটসমূহক নিষিদ্ধ ঘোষণা কৰি নতুন নোট প্ৰচলন কৰাবলৈ বিমুদ্ৰাকৰণৰ সহায় ল’বলগীয়া হ’ব৷এই আশংকাতে এতিয়া চিন্তা আৰু ত্ৰাসত দেশবাসীয়ে দিকবিদিক হেৰুৱাইছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক