--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত পুনৰ আৰম্ভ নাম সলনিৰ প্ৰক্ৰিয়া৷পিছে এইবাৰ  কোনো স্থান বা ঐতিহাসিক কীৰ্তিচিহ্নৰ নাম নহয় বৰঞ্চ সলনি হ’ব এটা বিশেষ শব্দ-'ইণ্ডিয়া'৷

বিৰোধী ২৬ টা দলে লোকসভা '২৪ৰ প্ৰস্তুতিৰ মাজতে নিজৰ মিত্ৰজোঁটৰ নাম I.N.D.I.A- Indian National Democratic Inclusive Alliance হিচাপে নামকৰণ কৰে৷ইয়াৰ পাছতেই দেশৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হয়৷শাসকীয় বিজেপিয়ে 'ইণ্ডিয়া' শব্দটো উপনিৱেশিক দাসত্বৰ চিহ্ন বুলি সমালোচনা কৰে৷কিন্তু ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়া যাত্ৰা আৰু মোদী উপাধি গোচৰৰ পাছত হেৰুৱা সাংসদ পদ লাভ কৰি এই ইণ্ডিয়া মিত্ৰজোঁটৰ নেতৃত্বত যথেষ্ট সক্ৰিয়তা দেখা যায়৷

ইণ্ডিয়া মিত্ৰজোঁটৰ এই উত্থানত শংকিত  হৈছে বিজেপি৷যাৰ বাবে ১৮-২২ ছেপ্তেম্বৰত অনুষ্ঠিতব্য সংসদৰ বিশেষ অধিবেশনত ইণ্ডিয়া নামটো সাংবিধানিকভাৱে আঁতৰাই 'ভাৰত' নামটো প্ৰণয়ন কৰাৰ কথা চিন্তা-চৰ্চা কৰিছে৷কিন্তু ইণ্ডিয়া নামটোক লৈ কিয় শংকিত হৈ পৰিছে তাক লৈ নাগৰিক সমাজৰ মাজত নানান প্ৰশ্নৰ অৱতাৰণা হৈছে৷২০১৪ত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা প্ৰধানমন্ত্ৰীয়ে 'ডিজিটেল ইণ্ডিয়া', 'মেক্ ইন ইণ্ডিয়া', 'স্কিল ইণ্ডিয়া' আদি বহু অভিলাষী আঁচনি অথবা কাৰ্যসূচীৰ কথা উল্লেখ কৰিছিল৷এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে সেই সময়ত মোদীৰ দৃষ্টিত 'ইণ্ডিয়া' শব্দটি উপনিৱেশিক দাসত্বৰ চিহ্ন নাছিল নেকি? নে এই কথা উপলব্ধি কৰিবলৈ মোদীক ৯ বছৰৰ প্ৰয়োজন হ’ল সেই কথাও বহুতৰ মনত উদয় হৈছে৷

এইসমূহ প্ৰশ্নৰ অৱতাৰণা হোৱাৰ সমান্তৰালভাৱে এই কথাৰো আলোচনা হৈছে যে এতিয়া দেশত পুনৰ বিমুদ্ৰাকৰণ হ’ব নেকি?আকৌ জনতাই নোট বিচাৰি এটিএম আৰু বেংকত শাৰী পাতি যন্ত্ৰণা ভুগিবলগীয়া হ’ব নেকি সেই কথা আলোচিত হৈছে৷কাৰণ ভাৰতত প্ৰচলিত নোটসমূহত 'ৰিজাৰ্ভ বেংক অৱ্ ইণ্ডিয়া' নামটো উল্লেখ আছে৷যদি  ইণ্ডিয়া নামটিৰ ঠাইত ভাৰতৰ প্ৰয়োগ হয় তেন্তে পূৰ্বৰ নোটসমূহক নিষিদ্ধ ঘোষণা কৰি নতুন নোট প্ৰচলন কৰাবলৈ বিমুদ্ৰাকৰণৰ সহায় ল’বলগীয়া হ’ব৷এই আশংকাতে এতিয়া চিন্তা আৰু ত্ৰাসত দেশবাসীয়ে দিকবিদিক হেৰুৱাইছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু