--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ কৰাৰ ১২দিনৰ অন্তত সিদ্ধান্তত উপনিত হ’ল কোন হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী৷ আৱশেষত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব বিজেপিৰ দেৱেন্দ্ৰ ফাড়নবিছে৷ 

ভাৰতীয় জনতা পাৰ্টিৰ বিধায়িনী দলৰ বৈঠকত দেৱেন্দ্ৰ ফাড়নবিছক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়। চন্দ্ৰকান্ত পাটিল আৰু সুধিৰ মুংগনতিৱাৰে ফাড়নবিছৰ নামটো বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰিছিল আৰু পংকজা মুণ্ডে সমৰ্থন আগবঢ়াইছিল।

শিৱসেনাৰ নেতা একনাথ সিন্দে আৰু এন চি পি নেতা অজিত পাৱাৰৰ সৈতে দেৱেন্দ্ৰ ফাড়নবিছে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ সন্মুখত চৰকাৰ গঠনৰ প্ৰস্তাৱ কৰে। ৫ ডিচেম্বৰ বৃহস্পতিবাৰে আজাদ ময়দানত সন্ধিয়া ৫:৩০ বজাত শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। কাইলৈ ​​মুখ্যমন্ত্ৰীৰ লগতে দুই উপ মুখ্যমন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব বুলি সদৰি কৰিছে৷

একনাথ সিন্দে কয় যে কি পাইছো তাক লৈ কোনো প্ৰশ্নই নাছিল। মনত মাথোঁ এটাই অনুভৱ আছিল যে মহাৰাষ্ট্ৰই কি পালে। সেয়াই কৰা হ’ল। লগতে কয় মহাযুঁটিত কোনো উচ্চ-নীচ নাই সকলো ঠিকেই আছে বুলি বক্তব্য দাঙি ধৰে৷ 

অৱশেষত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিৱেশত অন্ত পৰিল পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ জল্পনা কল্পনা৷ লক্ষণীয় হ’ব বিজেপি মিত্রজোঁটৰ চৰকাৰ খনে মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰ্ণ কৰিবলৈ কিমানদূৰ সক্ষম হয়! 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ