--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ নিলামত নতুন নজিৰ গঢ়ি তুলিলে ঋষভ পণ্টে। যোৱা বছৰৰ ২৫ ডিচেম্বৰত শেষবাৰৰ বাবে ক্ৰিকেট খেলপথাৰত দেখা গৈছিল পান্থক। ৩০ ডিচেম্বৰত ঘৰলৈ উভতি অহাৰ পথত গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। তাৰ পিছৰে পৰা যুৱ উইকেটকীপাৰগৰাকী ২২ গজৰ বাহিৰত। ঠিক ৩৬০ দিনৰ মূৰত তেওঁক নতুন চৰিত্ৰত দেখা গ’ল। আই পি এলত নতুন নজিৰ গঢ়ি তুলিলে পণ্টে।

দিল্লী কেপিটেলছৰ প্ৰশিক্ষক ক্ৰিকেট সঞ্চালক সৌৰভ গাংগুলীৰ সৈতে নিলামৰ টেবুলত উপস্থিত আছিল পণ্ট। ইয়াৰ পূৰ্বেও কেইবাজনো অধিনায়কে আই পি এলৰ নিলামত অংশগ্ৰহণ কৰা দেখা গৈছে। কিন্তু তেওঁ এনেকুৱা কাম কৰিলে যিটো আগতে কোনো ক্ৰিকেটাৰে কৰা নাছিল।

আজিৰ দিনটোতে পণ্টে প্ৰয়োজনীয় ক্ৰিকেটাৰৰ বাবে নিবিদা কৰা দেখা গ’ল। ইয়াৰ পূৰ্বে কোনো আই পি এল ক্ৰিকেটাৰে নিলামত অংশগ্ৰহণ কৰি পোনপটীয়াকৈ নিলাম কৰা দেখা পোৱা নগৈছিল। প্ৰথমজন ফ্ৰেঞ্চাইজি ক্ৰিকেটাৰ হিচাপে পন্থে নজিৰ গঢ়ি তুলিছিল। পণ্টিং সৌৰভৰ পৰামৰ্শ অনুসৰি পণ্টক নিবিদা কৰা দেখা গৈছিল। 

হাতত কেক লৈ নিলামত উপস্থিত হ’ল দিল্লীৰ অধিনায়কগৰাকী। বহুতে প্ৰথমতে আচৰিত হৈছিল। অলপ পিছত কেকটো অনাৰ কাৰণ বুজি পোৱা যায়। মঙলবাৰৰ দিনটো আছিল দিল্লীৰ প্ৰশিক্ষক পণ্টিঙৰ জন্মদিন। সেয়ে পন্থে কেকটো আনিলে। নিলাম আৰম্ভ হোৱাৰ পূৰ্বে দিল্লী শিবিৰত অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষকগৰাকীৰ জন্মদিন উদযাপন কৰা হয়। পান্থৰ কেক পণ্টিঙে কাটিছে। দিল্লী কৰ্তৃপক্ষই এই অনুষ্ঠানৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীৰ সৈতে শ্বেয়াৰ কৰিছে।

পান্থে এতিয়াও মেচ-মেচৰ ফিটনেছ ঘূৰাই পোৱা নাই। যোৱা বছৰ আই পি এল খেলিব পৰা নাছিল। অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰে তেওঁৰ সলনি দিল্লীৰ নেতৃত্ব দিছিল। যদি খেলিব পাৰে তেন্তে পৰৱৰ্তী আই পি এলত দিল্লীক নেতৃত্ব দিয়াটো পুনৰ দেখা যাব। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ চিকিৎসা দলৰ মতে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে পান্থ মেচ ফিট হ’ব। কিন্তু তেওঁৰ উইকেট ৰক্ষাক লৈ কিছু সন্দেহৰ সৃষ্টি হৈছে। ব’ৰ্ডৰ চিকিৎসকে অনুমতি নিদিয়ালৈকে কেৱল বেটছমেন হিচাপেহে আই পি এল খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক