--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলৰ নিলামত নতুন নজিৰ গঢ়ি তুলিলে ঋষভ পণ্টে। যোৱা বছৰৰ ২৫ ডিচেম্বৰত শেষবাৰৰ বাবে ক্ৰিকেট খেলপথাৰত দেখা গৈছিল পান্থক। ৩০ ডিচেম্বৰত ঘৰলৈ উভতি অহাৰ পথত গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয়। তাৰ পিছৰে পৰা যুৱ উইকেটকীপাৰগৰাকী ২২ গজৰ বাহিৰত। ঠিক ৩৬০ দিনৰ মূৰত তেওঁক নতুন চৰিত্ৰত দেখা গ’ল। আই পি এলত নতুন নজিৰ গঢ়ি তুলিলে পণ্টে।

দিল্লী কেপিটেলছৰ প্ৰশিক্ষক ক্ৰিকেট সঞ্চালক সৌৰভ গাংগুলীৰ সৈতে নিলামৰ টেবুলত উপস্থিত আছিল পণ্ট। ইয়াৰ পূৰ্বেও কেইবাজনো অধিনায়কে আই পি এলৰ নিলামত অংশগ্ৰহণ কৰা দেখা গৈছে। কিন্তু তেওঁ এনেকুৱা কাম কৰিলে যিটো আগতে কোনো ক্ৰিকেটাৰে কৰা নাছিল।

আজিৰ দিনটোতে পণ্টে প্ৰয়োজনীয় ক্ৰিকেটাৰৰ বাবে নিবিদা কৰা দেখা গ’ল। ইয়াৰ পূৰ্বে কোনো আই পি এল ক্ৰিকেটাৰে নিলামত অংশগ্ৰহণ কৰি পোনপটীয়াকৈ নিলাম কৰা দেখা পোৱা নগৈছিল। প্ৰথমজন ফ্ৰেঞ্চাইজি ক্ৰিকেটাৰ হিচাপে পন্থে নজিৰ গঢ়ি তুলিছিল। পণ্টিং সৌৰভৰ পৰামৰ্শ অনুসৰি পণ্টক নিবিদা কৰা দেখা গৈছিল। 

হাতত কেক লৈ নিলামত উপস্থিত হ’ল দিল্লীৰ অধিনায়কগৰাকী। বহুতে প্ৰথমতে আচৰিত হৈছিল। অলপ পিছত কেকটো অনাৰ কাৰণ বুজি পোৱা যায়। মঙলবাৰৰ দিনটো আছিল দিল্লীৰ প্ৰশিক্ষক পণ্টিঙৰ জন্মদিন। সেয়ে পন্থে কেকটো আনিলে। নিলাম আৰম্ভ হোৱাৰ পূৰ্বে দিল্লী শিবিৰত অষ্ট্ৰেলিয়াৰ প্ৰশিক্ষকগৰাকীৰ জন্মদিন উদযাপন কৰা হয়। পান্থৰ কেক পণ্টিঙে কাটিছে। দিল্লী কৰ্তৃপক্ষই এই অনুষ্ঠানৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীৰ সৈতে শ্বেয়াৰ কৰিছে।

পান্থে এতিয়াও মেচ-মেচৰ ফিটনেছ ঘূৰাই পোৱা নাই। যোৱা বছৰ আই পি এল খেলিব পৰা নাছিল। অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্নাৰে তেওঁৰ সলনি দিল্লীৰ নেতৃত্ব দিছিল। যদি খেলিব পাৰে তেন্তে পৰৱৰ্তী আই পি এলত দিল্লীক নেতৃত্ব দিয়াটো পুনৰ দেখা যাব। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ চিকিৎসা দলৰ মতে আই পি এল আৰম্ভ হোৱাৰ পূৰ্বে পান্থ মেচ ফিট হ’ব। কিন্তু তেওঁৰ উইকেট ৰক্ষাক লৈ কিছু সন্দেহৰ সৃষ্টি হৈছে। ব’ৰ্ডৰ চিকিৎসকে অনুমতি নিদিয়ালৈকে কেৱল বেটছমেন হিচাপেহে আই পি এল খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু