--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰিজিত সিং। এই মুহূৰ্তত তেওঁৰ নাম দেশৰ শ্ৰেষ্ঠ সংগীতজ্ঞসকলৰ তালিকাৰ শীৰ্ষত আছে। অনুৰাগীসকলে তেওঁৰ লাইভ কনচাৰ্ট উপভোগ কৰিবলৈ লাখ লাখ টকা খৰচ কৰিবলৈ ইচ্ছুক।  ইমান জনপ্ৰিয় হোৱাৰ পিছতো অৰিজিত সিঙৰ নাই কোনো অহংকাৰ।  আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত তেওঁ যি কৰিলে সেয়া সম্ভৱতঃ কেৱল তেওঁৰ বাবেহে সম্ভৱ।


আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত অৰিজিত সিঙে প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভৰি স্পৰ্শ কৰি প্ৰণাম জনায়। ধোনী যেন ইয়াৰ বাবে অলপ অপ্ৰস্তুত আছিল। তেওঁ হাতেৰে অৰিজিতক ৰখাবলৈ   চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে অৰিজিতে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক ধোনীৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়।  অনুষ্ঠানটোৰ শেষত বিচিচিআইৰ সভাপতি ৰজাৰ বিন্নী আৰু সচিব জয় শ্বাহে  দুয়োটা দলৰ অধিনায়কসকলক মঞ্চলৈ আমন্ত্ৰণ জনায়। 

 সেই সময়তে অৰিজিতে সুযোগটো লৈ ধোনীৰ চৰণ স্পৰ্শ কৰে।  ইয়াৰ পূৰ্বে আহমেদাবাদৰ  নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ লাখ লাখ দৰ্শকক সুৰৰ মায়াজালেৰে বিমোহিত কৰি ৰাখে।লাখ লাখ লোকে অৰিজিতৰ গীতত   নৃত্য কৰিবলৈ বাধ্য হয়। ৩৫ মিনিটৰ প্ৰদৰ্শনত তেওঁ দৰ্শকসকলক যেন আন এখন পৃথিৱীলৈ লৈ যায়। ধোনীক নিজেই তেওঁৰ গানত দোল খাই থকা দেখা গৈছিল। অৰিজিতৰ পিছত ৰশ্মিকা মান্দন্না আৰু তামান্না ভাটিয়ায়ো নৃ্য-গীত প্ৰদৰ্শন কৰে।

 ইফালে শুকুৰবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ছিজনৰ প্ৰথমখন খেলত  তুষাৰ দেশপাণ্ডে এগৰাকী শক্তিশালী খেলুৱৈ হৈ পৰিছে। মহেন্দ্ৰ সিং ধোনীয়ে তেওঁক প্ৰথমবাৰৰ বাবে খেলত নমাইছে ।তুষাৰ ৰায়াডুৰ সলনি খেল পথাৰলৈ  আহিছে।  গুজৰাট টাইটানছেও  চাই সুদৰ্শনক প্ৰক্ষেপ কৰিছে। তেওঁ উইলিয়ামছনৰ পৰিৱৰ্তে খেলপথাৰত নামিছিল।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু