--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰিজিত সিং। এই মুহূৰ্তত তেওঁৰ নাম দেশৰ শ্ৰেষ্ঠ সংগীতজ্ঞসকলৰ তালিকাৰ শীৰ্ষত আছে। অনুৰাগীসকলে তেওঁৰ লাইভ কনচাৰ্ট উপভোগ কৰিবলৈ লাখ লাখ টকা খৰচ কৰিবলৈ ইচ্ছুক।  ইমান জনপ্ৰিয় হোৱাৰ পিছতো অৰিজিত সিঙৰ নাই কোনো অহংকাৰ।  আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত তেওঁ যি কৰিলে সেয়া সম্ভৱতঃ কেৱল তেওঁৰ বাবেহে সম্ভৱ।


আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ মঞ্চত অৰিজিত সিঙে প্ৰাক্তন ভাৰতীয় অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ভৰি স্পৰ্শ কৰি প্ৰণাম জনায়। ধোনী যেন ইয়াৰ বাবে অলপ অপ্ৰস্তুত আছিল। তেওঁ হাতেৰে অৰিজিতক ৰখাবলৈ   চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে অৰিজিতে ভাৰতীয় ক্ৰিকেট দলটোৰ অধিনায়ক ধোনীৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লয়।  অনুষ্ঠানটোৰ শেষত বিচিচিআইৰ সভাপতি ৰজাৰ বিন্নী আৰু সচিব জয় শ্বাহে  দুয়োটা দলৰ অধিনায়কসকলক মঞ্চলৈ আমন্ত্ৰণ জনায়। 

 সেই সময়তে অৰিজিতে সুযোগটো লৈ ধোনীৰ চৰণ স্পৰ্শ কৰে।  ইয়াৰ পূৰ্বে আহমেদাবাদৰ  নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ লাখ লাখ দৰ্শকক সুৰৰ মায়াজালেৰে বিমোহিত কৰি ৰাখে।লাখ লাখ লোকে অৰিজিতৰ গীতত   নৃত্য কৰিবলৈ বাধ্য হয়। ৩৫ মিনিটৰ প্ৰদৰ্শনত তেওঁ দৰ্শকসকলক যেন আন এখন পৃথিৱীলৈ লৈ যায়। ধোনীক নিজেই তেওঁৰ গানত দোল খাই থকা দেখা গৈছিল। অৰিজিতৰ পিছত ৰশ্মিকা মান্দন্না আৰু তামান্না ভাটিয়ায়ো নৃ্য-গীত প্ৰদৰ্শন কৰে।

 ইফালে শুকুৰবাৰে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ছিজনৰ প্ৰথমখন খেলত  তুষাৰ দেশপাণ্ডে এগৰাকী শক্তিশালী খেলুৱৈ হৈ পৰিছে। মহেন্দ্ৰ সিং ধোনীয়ে তেওঁক প্ৰথমবাৰৰ বাবে খেলত নমাইছে ।তুষাৰ ৰায়াডুৰ সলনি খেল পথাৰলৈ  আহিছে।  গুজৰাট টাইটানছেও  চাই সুদৰ্শনক প্ৰক্ষেপ কৰিছে। তেওঁ উইলিয়ামছনৰ পৰিৱৰ্তে খেলপথাৰত নামিছিল।  









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে