--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ কালি সফল সামৰণি পৰে। 

ৰাজ্যৰ ৩৪ খন জিলাৰ জুনিয়ৰ পৰ্যায়ৰ ১৪,১৬,১৮ আৰু ২০বছৰ বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৫৫০গৰাকী এথলীটে অংশগ্ৰহন কৰে। প্ৰতিযোগিতাৰ দুয়োটা দিনতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই ১৫২ পইণ্টেৰে শিৱসাগৰ জিলা দলে শ্ৰেষ্ঠ দল আৰু ১৪৯ পইণ্টেৰে ডিব্ৰুগড় জিলা দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰে। 

আনহাতে প্ৰতিযোগিতাখনত ব্যক্তিগত শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ১৪বছৰ অনূৰ্ধ্ব ল'ৰাৰ শাখাত মহান বড়ো (ওদালগুৰি), ১৪ বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত দিশা নাথ (গুৱাহাটী), ১৬বছৰ ল'ৰাৰ শাখাত অংশুমান ভাগৱতী (নলবাৰী), ১৬বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত শিবাৰ্ছী মৰাণ(তিনিচুকীয়া), ১৮বছৰ অনুৰ্ধ্ব ল'ৰা শাখাত সন্দীপ টাই (যোৰহাট), ১৮বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত কাদম্বৰী মুদিয়াৰ (নলবাৰী), ২০বছৰ অনূৰ্ধ্ব ল'ৰা শাখাত পিন্টু বৰঠাকুৰ (শিৱসাগৰ) আৰু ২০বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত গুৱাহাটীৰ নিকুমনি পাঠকে শ্ৰেষ্ঠ এথলেটৰ বঁটা লাভ কৰে। 

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত পদক বিজয়ী খেলুৱৈসকলৰ লগতে বিজয়ী আৰু বিজেতা দলক প্ৰশিক্ষক অনিতা গুহৰয়, অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভৰালীৰ লগতে অসম এথলেটিকচ সন্থাৰ বাবুল খান, কৰুণাধৰ দত্ত, কৰুণজ্যোতি শইকীয়া, নিপন দাস, গোবিন্দ মালাকৰ আৰু অসম অলিম্পিক সন্থাৰ দেৱজিৎ গগৈয়ে বঁটা সমূহ প্ৰদান কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement