--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম এথলেটিকছ সন্থাৰ উদ্যোগত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দুদিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ৪৪ সংখ্যক জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ কালি সফল সামৰণি পৰে। 

ৰাজ্যৰ ৩৪ খন জিলাৰ জুনিয়ৰ পৰ্যায়ৰ ১৪,১৬,১৮ আৰু ২০বছৰ বয়সৰ লৰা-ছোৱালী উভয়ৰে মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত ৫৫০গৰাকী এথলীটে অংশগ্ৰহন কৰে। প্ৰতিযোগিতাৰ দুয়োটা দিনতে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন আগবঢ়াই ১৫২ পইণ্টেৰে শিৱসাগৰ জিলা দলে শ্ৰেষ্ঠ দল আৰু ১৪৯ পইণ্টেৰে ডিব্ৰুগড় জিলা দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰে। 

আনহাতে প্ৰতিযোগিতাখনত ব্যক্তিগত শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি ১৪বছৰ অনূৰ্ধ্ব ল'ৰাৰ শাখাত মহান বড়ো (ওদালগুৰি), ১৪ বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত দিশা নাথ (গুৱাহাটী), ১৬বছৰ ল'ৰাৰ শাখাত অংশুমান ভাগৱতী (নলবাৰী), ১৬বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত শিবাৰ্ছী মৰাণ(তিনিচুকীয়া), ১৮বছৰ অনুৰ্ধ্ব ল'ৰা শাখাত সন্দীপ টাই (যোৰহাট), ১৮বছৰ অনূৰ্ধ্ব ছোৱালী শাখাত কাদম্বৰী মুদিয়াৰ (নলবাৰী), ২০বছৰ অনূৰ্ধ্ব ল'ৰা শাখাত পিন্টু বৰঠাকুৰ (শিৱসাগৰ) আৰু ২০বছৰ অনুৰ্ধ্ব ছোৱালী শাখাত গুৱাহাটীৰ নিকুমনি পাঠকে শ্ৰেষ্ঠ এথলেটৰ বঁটা লাভ কৰে। 

প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত পদক বিজয়ী খেলুৱৈসকলৰ লগতে বিজয়ী আৰু বিজেতা দলক প্ৰশিক্ষক অনিতা গুহৰয়, অসম এথলেটিকচ সন্থাৰ সম্পাদক অশোক ভৰালীৰ লগতে অসম এথলেটিকচ সন্থাৰ বাবুল খান, কৰুণাধৰ দত্ত, কৰুণজ্যোতি শইকীয়া, নিপন দাস, গোবিন্দ মালাকৰ আৰু অসম অলিম্পিক সন্থাৰ দেৱজিৎ গগৈয়ে বঁটা সমূহ প্ৰদান কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল