--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ উদ্বোধনী অনুষ্ঠানত আজি পৰিবেশ মধুময় কৰি তোলে কেইবাগৰাকীও শিল্পী তথা তাৰকাই। দক্ষিণৰ অভিনেত্ৰী তামন্না ভাটিয়াই আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত আইপিএলৰ উদ্বোধনী অনুষ্ঠানত উদ্দাম নৃত্য কৰে। 

তামান্নাই তেলেগু, গুজৰাটীকে ধৰি কেইবাটাও ভাষাৰ চুপাৰহিট গীত প্ৰাণ ঢালি  নৃত্য কৰে। ষোড়শ আই পি এলৰ উদ্বোধনী অনুষ্ঠানত  অৰিজিত সিঙৰ সুৰে মায়াজাল ৰচনা কৰে। অৰিজিতে এটা গুজৰাটী গানেৰে অনুষ্ঠান আৰম্ভ কৰে। তেওঁ  ইটোৰ  পিছত আনটো হিট গান গাই গৈছিল। কিন্তু যেতিয়া আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম তেওঁৰ গানৰ ছন্দত নাচি  আছিল, তেতিয়াই টেলিভিছনত তেওঁৰ ছন্দ পতন  হৈছিল।

হাৰ্ডিক পাণ্ডিয়া হঠাতে টিভিৰ পৰ্দাত উপস্থিত হৈছিল। হাৰ্দিক গুজৰাট টাইটানছৰ অধিনায়ক হিচাবে নহয় বিজ্ঞাপনৰ মুখ হিচাবেহে টিভিত ওলাল।। আই পি এলৰ উদ্বোধনী অনুষ্ঠানৰ মাজতে বিজ্ঞাপনৰ বাবে অৰিজিতৰ অনুষ্ঠান  হঠাতে বাধাপ্ৰাপ্ত হয়।

 উল্লেখ্য সম্প্ৰচাৰৰ দায়িত্ব লাভ কৰা চেনেলটোৱে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ পৰা  (বিচিচিআই) ২৩,০০০ কোটি টকাৰে সম্প্ৰচাৰৰ অধিকাৰ ক্ৰয় কৰিছে। গতিকে এই বৃহৎ পৰিমাণৰ ধন উলিয়াবলৈ বিজ্ঞাপন দেখুৱাবলগীয়া হৈছে।খেলৰ সম্প্ৰচাৰৰ সময়তো সেয়ে খেলত  ব্যাঘাত নঘটাকৈ বিজ্ঞাপন সম্প্ৰচাৰ কৰা হ’ব।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে