--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ “আইৰ সমান হ’ব কোন… নৈৰ সমান ব’ব কোন”।আজি বিশ্ব মাতৃ দিৱস । সম্প্ৰতি বিশ্বৰ সৰ্বত্ৰে মাতৃ দিৱস উদযাপন কৰা হয়। আধুনিক বিশ্বত মে’ মাহৰ দ্বিতীয় দেওবাৰটো মাতৃ দিৱস (Mother’s Day) হিচাপে পালন কৰি অহা হৈছে। পৃথিৱীত মানৱীয় সম্পৰ্কৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ মাতৃ আৰু সন্তানৰ সম্পৰ্ক।৷ যাৰ বাবে আমি এই পৃথিৱীৰ পোহৰ দেখিলো তেৱেঁই হ'ল মা ৷ 

আৱেগ আৰু মমতাৰ আকৰ হ’ল ‘মাতৃ’। জীৱনৰ অলেখ ধুমুহাৰ মাজতো সন্তানৰ সুৰক্ষাৰ বাবে স্থিতপ্ৰজ্ঞ হৈ থকা প্ৰতিগৰাকী মাতৃ। মাতৃ দিৱসত এগৰাকী মাতৃৰ মৰম, ত্যাগ, শক্তি, ধৈৰ্যৰ বিভিন্ন দিশ প্ৰতিফলিত হয়। মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশ সমূহে বিভিন্ন সময়ত এই দিৱস উদযাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে মাহত এই দিৱস পালন কৰা হয়।

 
মাতৃ দিৱসৰ ইতিহাস-
 
বৰ্তমান আমি উদ্‌যাপন কৰা মাতৃ দিৱসৰ ইতিহাসৰ মূলতে ১৮৫৮ চনৰ এটা দিনত এন মেৰী ৰিভ্‌ছ জাৰ্ভিচ নামৰ এগৰাকী মহিলাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহযুদ্ধত মাতৃসকলৰ ভগ্ন স্বাস্থ্যৰ উন্নতিৰ বাবে সজাগতা আনিবলৈ কৰা প্ৰয়াস যাক তেওঁ ‘মাতৃৰ কৰ্ম দিৱস’ বুলিছিল। ১৮৭০ চনত জুলীয়া ৱাৰ্ড হো নামে সেই দেশৰ এগৰাকী কবি আৰু সমাজ সেৱিকাই মাতৃসকলক লৈ ‘মাতৃ দিৱস’ ঘোষণাৰে শান্তি আৰু নিৰস্ত্ৰীকৰণৰ বাবে সমদল উলিয়াইছিল যদিও এই কাৰ্যত তেওঁ বিশেষ কৃতকাৰ্য হ’ব নোৱাৰিলে।

এন মেৰী ৰিভ্‌ছ জাৰ্ভিচৰ ১৯০৫ চনৰ ৯ মে’ত মৃত্যু হয়। পিছত আনা মেৰী জাৰ্ভিছ নামে তেওঁৰ কন্যাই অনুভৱ কৰিলে যে জীৱিত কালত তেওঁৰ মাতৃৰ যথাযথ সেৱা কৰিব পৰা নাছিল আৰু সেয়েহে তেওঁ মাতৃসকলৰ বাবে এটি দিন স্মৰণীয় কৰাৰ কথা চিন্তা কৰে। ১৯০৭ চনৰ ১২ মে’ দেওবাৰে ঘৰতে এখন অনুষ্টুপীয়াকৈ তেওঁৰ মাতৃৰ সোঁৱৰণত এখনি সভা আয়োজন কৰে। সেই দিন আছিল মে’ মাহৰ দ্বিতীয় দেওবাৰ। 

তেওঁৰ উৎসাহত বহুতো বন্ধু-বান্ধৱী আৰু গীৰ্জা কৰ্তৃপক্ষৰ সহযোগেৰে ১৯০৮ চনৰ ১০ মে’ত ৪০৭ টি শিশু আৰু তেওঁলোকৰ মাতৃসহ পশ্চিম ভাৰ্জিনিয়াৰ গ্ৰাফটন নগৰৰ এন্দ্ৰো মেথ’দিষ্ট এপিচক’পল গীৰ্জাত ৰাজহুৱা ভাৱে মাতৃ দিৱস উদ্‌যাপিত হয় আৰু ক্ৰমে অন্যান্য ঠাইতো মাতৃ দিৱসে প্ৰসাৰ লভে। 

১৯১২ চনত এই দিৱসে আমেৰিকাত চৰকাৰী স্বীকৃতি লভে আৰু ১৯১৪ চনত ৰাষ্ট্ৰপতি উড্ৰ উইল্‌ছনে জাতীয় দিৱস হিচাপে ঘোষণা কৰে। গীৰ্জাত বিশেষ আয়োজনেৰে উপাসনাত মাতৃসকলক উপহাৰ, ফুল আৰু শুভেচ্ছা-পত্ৰ প্ৰদানেৰে সন্মান যচা হয়। ক্ৰমে ভাৰতসহ আন আন দেশতো মে’ মাহৰ দ্বিতীয় দেওবাৰে এই দিৱস পালন কৰিবলৈ ধৰে।

'মা' এনে এটা শব্দ য'ত বিছাৰি পোৱা যায় অফুৰন্ত সাহস,শক্তি আৰু অনাবিল মৰমৰ উৎস।সকলোৰে জীৱনত "মা"ৰ স্থান সদায়েই সুকীয়া। নিজ ঘৰখন সামৰি ৰখাৰ পৰা সন্তানক আৱৰি ৰখালৈকে মাতৃসকলে যি দায়িত্ব পালন কৰে, সেয়া সঁচাকৈয়ে অতুলনীয়। মা তুমি সঁচাকৈয়ে অনন্যা-- বিশ্বৰ প্ৰতিগৰাকী মাতৃৰ সুৰক্ষা আৰু সু স্বাস্থ্যৰ আমি কামনা কৰিছোঁ...কুশলে থাকক বিশ্বৰ প্ৰতিগৰাকী মাতৃ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস