--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৮ মে'ত সমগ্ৰ বিশ্বতে মাতৃ দিৱস( Mother's Day)উদযাপন কৰা হৈছে। মে' মাহৰ দ্বিতীয় দেওবাৰটোত মাতৃ দিৱস উদযাপন কৰা হয়। মাতুৰ প্ৰেমৰ সৈতে একোৰে তুলনা নহয়। আজিৰ দিনটো মাতৃসকলৰ বাবে উৎসৰ্গিত। আজিৰ দিনটোত যাতে আপোনাৰ মাতৃয়ে নিজকে স্পেচিয়েল অনুভৱ কৰিব পাৰে তাৰবাবে আমি কেইটামান কিটিপ আগবঢ়াইছোঁ। আহক জানো কি কি কৰিলে আপোনাৰ মাতৃ সুখী হ'ব পাৰে।

 কুকিং

মাতৃতকৈ এই পৃথিৱীত ভাল ৰান্ধনী আৰু কোনো নাই। মাতৃ দিৱসত সৰ্বশ্ৰেষ্ঠ ৰান্ধনীৰ পৰা কিবা শিকো আহক। এই বিশেষ দিনটোত আপোনাৰ মাতৃৰ সৈতে পাকঘৰলৈ যাওঁক। মাৰ সৈতে বাৰ্তালাপ কৰক আৰু তেওঁৰ পৰা তেওঁৰ প্ৰিয় ৰেচিপি শিকক বা মাৰ প্ৰিয় কোনো ব্যঞ্জন আপুনি ৰান্ধি খুৱাওক। এনে কৰিলে আপোনাৰ মাতৃয়ে মনতে লাভ কৰিব।

কথোপকথন

 মাতৃয়ে সন্তানৰ সৈতে বেছি সংযুক্ত হৈ থাকিবলৈ ভাল পায়। তেওঁৰ সৈতে মন খুলি কথা পাতক।মাতৃৰ পৰা তেওঁৰ জীৱনৰ বিষয়ে শিকিবলৈ চেষ্টা কৰক, তেওঁৰ শৈশৱ, তেওঁলোকৰ বন্ধুবৰ্গ, তেওঁলোকৰ প্ৰিয় ৰেচিপিৰ বিষয়ে কথা পাতক। মাতৃৰ সৈতে দিনটো সুন্দৰকৈ কটোৱাৰ এয়া এক সঠিক উপায়।

চিনেমা চাওক

 আপুনি হয়তো আপোনাৰ বন্ধুবৰ্গৰ সৈতে বহুবাৰ চিনেমা চাইছে কিন্তু আপুনি কেতিয়াবা আপোনাৰ মাতৃৰ সৈতে চিনেমা চায়নে নেকি? মাৰ সৈতে টিভিত তেওঁৰ প্ৰিয় জলপানৰ সৈতে মাৰ প্ৰিয় চিনেমাখন চাওক। এনেদৰে তেওঁ আপোনাৰ সৈতে সুখী হৈ পৰিব।

পৰামৰ্শ লওঁক

 শৈশৱতে, আমি সকলোৱে হয়তো আমাৰ পিতৃ-মাতৃৰ সৈতে অধিক সম্পৰ্কিত অনুভৱ কৰিছিলোঁ, কিন্তু ডাঙৰ হোৱাৰ লগে লগে তেওঁলোকৰ সৈতে যেন কিবা এক দূৰত্ব আহি পৰে। এইটো সঁচা যে কোনেও আমাক আমাৰ পিতৃ-মাতৃতকৈ ভাল পৰামৰ্শ দিব নোৱাৰে। যদি আপুনি যিকোনো ধৰণৰ  সমস্যাত আছে আৰু সহায়ৰ প্ৰয়োজন, তেনেহ'লে আপোনাৰ মাতৃৰ পৰা পৰামৰ্শ লওঁক। 

 অভ্যাস

 আমাৰ মাৰ অভ্যাসৰ বিষয়ে আমাৰ কিমানজনে জানে। আপোনাৰ মাতৃক সোধক যে তেওঁ  আজৰি সময়ত কি কৰিব বিচাৰে। যদি তেওঁ কবিতা পঢ়িবলৈ ভাল পায়, তেন্তে তেওঁক কবিতা পঢ়ি শুনাৱক। যদি তেওঁ গান শুনিবলৈ ভাল পায়,  তেওঁৰ সৈতে বহি গান শুনক বা গান গাই শুনাৱক। যদি তেওঁ বাগিচাত ফুৰি ভাল পায়, তেন্তে তেওঁৰ সৈতে বাগিচাখন ভ্ৰমণ কৰক আৰু মাক উদ্ভিদবোৰত পানী দিয়াত সহায় কৰক। এই এদিন আপোনাৰ মাতৃয়ে ভাল লগা সকলোবোৰ কৰক।

পাৰিবাৰিক এলবাম 

 স্মৃতিয়ে আমাক পুৰণি দিনবোৰ মনত পেলাই দিয়ে। এটা পাৰিবাৰিক এলবাম খুলি আপোনাৰ মাতৃৰ সৈতে পুৰণি দিনবোৰ সোঁৱৰক। মাতৃৰ সৈতে পুৰণি ফটোবোৰ চাওক। প্ৰতিখন ফটোৰ সৈতে কিছুমান স্মৃতি সংলগ্ন হৈ থাকক। তেওঁক প্ৰতিখন ছবিৰ আঁৰৰ কাহিনীটো ক'বলৈ কওঁক আৰু সেই আনন্দ অনুভৱ কৰক।

আৰু পঢ়কঃ আইৰ সমান হ’ব কোন…নৈৰ সমান ব’ব কোন ! আজি বিশ্ব মাতৃ দিৱস..জানো আহক ইয়াৰ ইতিহাস




FOLLOW US F
POPULAR
FEATURE
TRENDY
জামিন লাভ কৰিলে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত অমৃতপ্ৰভা মহন্তই; কি কি চৰ্ত আৰোপ কৰিলে আদালতে?
৩৮ টা চোৰাং গৰুসহ এখন টাটা আল্ট্ৰা বাহন জব্দ মায়ং আৰক্ষীৰ; পলাতক সৰবৰাহকাৰীৰ দল
লক্ষীপুৰত কাছাৰ আৰক্ষীৰ বৃহৎ সাফল্য: ১ কোটি টকাৰ নিষিদ্ধ টেবলেটসহ আটক দুই সৰবৰাহকাৰী
ধুন্দুলিৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
তামাৰহাটত ধুমুহা-বৰষুণৰ তাণ্ডৱ; ভাঙি পৰিল ১৫ খনতকৈ অধিক দুৰ্গাপূজাৰ গেট
মুদ্রাস্ফীতি, টকাৰ মূল্য হ্রাস; ৫.৫০ শতাংশলৈ বৃদ্ধি ৰেপ’ৰেট
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস