--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আইআইএমৰ এজন শিক্ষাৰ্থীক এটা কোম্পানীয়ে প্লেচমেণ্ট প্ৰক্ৰিয়াৰ সময়ত ভাৰতত কাম কৰিবলৈ বাৰ্ষিক ৪৯ লাখ টকাৰ পেকেজ আগবঢ়াইছে। উল্লেখ্য যে, এয়া প্ৰতিষ্ঠানখনৰ চলিত অধিৱেশনৰ চূড়ান্ত প্লেচমেণ্টৰ সময়ত আগবঢ়োৱা সৰ্বাধিক বাৰ্ষিক পেকেজ। পূৰ্বৰ তুলনাত এই বাৰ্ষিক পেকেজৰ মূল্য ১৮ শতাংশলৈ বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৱে দুবছৰীয়া ফ্লেগশ্বিপ স্নাতকোত্তৰ কাৰ্যসূচী (পিজিপি) আৰু ৫বছৰীয়া ইণ্টিগ্ৰেটেড প্ৰ’গ্ৰাম ইন মেনেজমেণ্ট (আইপিএম)ৰ পৰা ৫৭২ জন অংশগ্ৰহণকাৰী প্ৰাৰ্থীৰ চূড়ান্ত নিযুক্তি সফলতাৰে সম্পূৰ্ণ কৰা বুলি চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পাইছে।
১৮০ জনতকৈও অধিক নিয়োগকৰ্তাৰ ভিতৰত ৩০ টাতকৈও অধিক নতুন নিয়োগকাৰী আছে।

আইআইএম ইন্দোৰৰ ২০২২ বেটচৰ শিক্ষাৰ্থীসকলক সন্মানীয় ভূমিকা আগবঢ়োৱা হৈছে।আইআইএম-এ প্ৰদান কৰা গড় পেকেজটোৰ মূল্য ২৫.০১ লাখ টকা। পূৰ্বৰ বছৰৰ তুলনাত ইয়াৰ মূল্য ৬ শতাংশলৈ বৃদ্ধি পোৱা বুলিও প্ৰকাশ পাইছে বিজ্ঞপ্তিত। শীৰ্ষ ১০০জন শিক্ষাৰ্থীয়ে গড়ে ৩৭.৯৫ লাখ টকাৰ পেকেজ লাভ কৰাৰ লগতে আন ২০০জন শিক্ষাৰ্থীৰ ক্ষতিপূৰণৰ গড় হৈছে ৩২.৭৫ লাখ টকা। প্ৰতিষ্ঠানটোৰ মধ্যমীয়া পেকেজটোও ৬.৬ শতাংশ বৃদ্ধিৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইফালে আইআইএম ইন্দোৰৰ সঞ্চালক অধ্যাপক হিমাংশু ৰায়ে কয় যে, ‘আইআইএম ইন্দোৰত আমাৰ প্ৰয়াস হৈছে বিশ্বমানৰ শৈক্ষিক মানৰ সৈতে এক প্ৰাসংগিক ব্যৱসায়িক বিদ্যালয় স্থাপন কৰা। চলিত বৰ্ষত আমি প্ৰত্যক্ষ কৰা ব্যতিক্ৰমী প্লেচমেণ্ট ড্ৰাইভটো আমাৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰে ফল।’ প্ৰণিধানযোগ্য যে, প্লেচমেণ্টৰ সময়ত শিক্ষাৰ্থীসকলক সৰ্বাধিক ৩১ শতাংশ চাকৰিৰ প্ৰস্তাৱ আগবঢ়োৱা নিয়োগকৰ্তাসকল পৰামৰ্শ খণ্ডৰ। ইয়াৰোপৰি, বিত্ত খণ্ডত ২০ শতাংশ, বিক্ৰী আৰু বিপণনত ১৮ শতাংশ, সাধাৰণ ব্যৱস্থাপনাত ১৬ শতাংশ আৰু তথ্য প্ৰযুক্তি আৰু বিশ্লেষণ খণ্ডত ১৫ শতাংশ চাকৰিৰ প্ৰস্তাৱ দিয়া হয় আইআইএমৰ পৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান