--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ আইআইএমৰ এজন শিক্ষাৰ্থীক এটা কোম্পানীয়ে প্লেচমেণ্ট প্ৰক্ৰিয়াৰ সময়ত ভাৰতত কাম কৰিবলৈ বাৰ্ষিক ৪৯ লাখ টকাৰ পেকেজ আগবঢ়াইছে। উল্লেখ্য যে, এয়া প্ৰতিষ্ঠানখনৰ চলিত অধিৱেশনৰ চূড়ান্ত প্লেচমেণ্টৰ সময়ত আগবঢ়োৱা সৰ্বাধিক বাৰ্ষিক পেকেজ। পূৰ্বৰ তুলনাত এই বাৰ্ষিক পেকেজৰ মূল্য ১৮ শতাংশলৈ বৃদ্ধি পাইছে। প্ৰতিষ্ঠানটোৱে দুবছৰীয়া ফ্লেগশ্বিপ স্নাতকোত্তৰ কাৰ্যসূচী (পিজিপি) আৰু ৫বছৰীয়া ইণ্টিগ্ৰেটেড প্ৰ’গ্ৰাম ইন মেনেজমেণ্ট (আইপিএম)ৰ পৰা ৫৭২ জন অংশগ্ৰহণকাৰী প্ৰাৰ্থীৰ চূড়ান্ত নিযুক্তি সফলতাৰে সম্পূৰ্ণ কৰা বুলি চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ পাইছে।
১৮০ জনতকৈও অধিক নিয়োগকৰ্তাৰ ভিতৰত ৩০ টাতকৈও অধিক নতুন নিয়োগকাৰী আছে।

আইআইএম ইন্দোৰৰ ২০২২ বেটচৰ শিক্ষাৰ্থীসকলক সন্মানীয় ভূমিকা আগবঢ়োৱা হৈছে।আইআইএম-এ প্ৰদান কৰা গড় পেকেজটোৰ মূল্য ২৫.০১ লাখ টকা। পূৰ্বৰ বছৰৰ তুলনাত ইয়াৰ মূল্য ৬ শতাংশলৈ বৃদ্ধি পোৱা বুলিও প্ৰকাশ পাইছে বিজ্ঞপ্তিত। শীৰ্ষ ১০০জন শিক্ষাৰ্থীয়ে গড়ে ৩৭.৯৫ লাখ টকাৰ পেকেজ লাভ কৰাৰ লগতে আন ২০০জন শিক্ষাৰ্থীৰ ক্ষতিপূৰণৰ গড় হৈছে ৩২.৭৫ লাখ টকা। প্ৰতিষ্ঠানটোৰ মধ্যমীয়া পেকেজটোও ৬.৬ শতাংশ বৃদ্ধিৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ইফালে আইআইএম ইন্দোৰৰ সঞ্চালক অধ্যাপক হিমাংশু ৰায়ে কয় যে, ‘আইআইএম ইন্দোৰত আমাৰ প্ৰয়াস হৈছে বিশ্বমানৰ শৈক্ষিক মানৰ সৈতে এক প্ৰাসংগিক ব্যৱসায়িক বিদ্যালয় স্থাপন কৰা। চলিত বৰ্ষত আমি প্ৰত্যক্ষ কৰা ব্যতিক্ৰমী প্লেচমেণ্ট ড্ৰাইভটো আমাৰ নিৰন্তৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰে ফল।’ প্ৰণিধানযোগ্য যে, প্লেচমেণ্টৰ সময়ত শিক্ষাৰ্থীসকলক সৰ্বাধিক ৩১ শতাংশ চাকৰিৰ প্ৰস্তাৱ আগবঢ়োৱা নিয়োগকৰ্তাসকল পৰামৰ্শ খণ্ডৰ। ইয়াৰোপৰি, বিত্ত খণ্ডত ২০ শতাংশ, বিক্ৰী আৰু বিপণনত ১৮ শতাংশ, সাধাৰণ ব্যৱস্থাপনাত ১৬ শতাংশ আৰু তথ্য প্ৰযুক্তি আৰু বিশ্লেষণ খণ্ডত ১৫ শতাংশ চাকৰিৰ প্ৰস্তাৱ দিয়া হয় আইআইএমৰ পৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক