--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহুজাতিক তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান (IT Company)ত কাম কৰাৰ হেঁপাহ আছে নেকি আপোনাৰ? যদি আছে, তেনেহ’লে এই বাতৰিটো আপোনাৰ বাবে হ’ব পাৰে আশাৰ বতৰা। 'স্নাতক নিয়োগ' কাৰ্যসূচীৰ অংশস্বৰূপে বিশ্বৰ নামজ্বলা প্ৰতিষ্ঠানত কাম কৰাৰ সৌভাগ্য উদয় হ’ব পাৰে আপোনাৰো।


তৃতীয় কোৱাটাৰত ৫,৮০৯ কোটি টকাৰ লাভ ঘোষণাৰ পাছত ভাৰতবৰ্ষৰ দ্বিতীয় বৃহৎ তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠান ইনফ’চিছে মুকলি কৰিছে বৃহৎ নিযুক্তি প্ৰক্ৰিয়া। বুধবাৰে এই কথা আনুষ্ঠানিকভাৱে সদৰি কৰিছে বহুজাতিক কোম্পানীটোৱে। বিশ্বজোৰা 'স্নাতক নিয়োগ' কাৰ্যসূচীৰ এটা অংশ হিচাপে ২০২২ বিত্তীয়বৰ্ষৰ বাবে বহুসংখ্যক নতুন ব্যক্তি (Fresher)ক নিযুক্তি দিয়া হ’ব কোম্পানীটোত।


কোম্পানীটোৰ মুখ্য বিত্তীয় বিষয়া নীলাঞ্জন ৰয়ে সদৰি কৰিছে এই কথা। তেওঁ কয় যে ইনফ’চিছে প্ৰতিভা আহৰণ আৰু বিকাশত অগ্ৰাধিকাৰ দিয়ে। এই উদ্দেশ্যে বিত্তীয় বৰ্ষ ২২ৰ বাবে বিশ্বজোৰা স্নাতক নিয়োগ কাৰ্যসূচীত ৫৫,০০০তকৈ অধিক লোকক নিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে। এই ঘোষণাই তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত নিযুক্তিৰ সুযোগ বিচাৰি থকা নতুনসকলৰ বাবে এটা ভাল খবৰ দিছে।


ইনফোচিছে বুধবাৰে ৩১ ডিচেম্বৰত সমাপ্ত হোৱা ২২ বিত্তীয় বৰ্ষৰ তৃতীয় কোৱাটাৰৰ ফলাফল ঘোষণা কৰে। ফলাফল অনুসৰি মুঠ লাভ বাৰ্ষিক ১১.৮ শতাংশ বৃদ্ধি হৈ ৫,৮০৯ কোটি টকালৈ বৃদ্ধি হৈছে। তদুপৰি, তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে বিত্তীয় বৰ্ষ ২২-ৰ বাবে ইয়াৰ ৰাজহ বৃদ্ধিৰ লক্ষ্য ১৯.৫ৰ পৰা ২০ শতাংশলৈ বৃদ্ধি কৰিছে। ২০২১ চনৰ ডিচেম্বৰত সমাপ্ত হোৱা তিনিমাহত ইনফোচিছৰ ৰাজহ ২২.৯ শতাংশ বৃদ্ধি হৈ ৩১,৮৬৭ কোটি টকা হৈছে যি এবছৰ আগতে ২২,৯২৭ কোটি টকা আছিল।


কোম্পানীটোৰ এই ঘোষণাই এতিয়া আশাৰ সঞ্চাৰ কৰিছে বহু নিবনুৱা যুৱক-যুৱতীৰ মনত। কিয়নো ইনফ’চিছৰ গুৰুত্ব আৰু বিশ্বব্যাপী প্ৰৱল জনপ্ৰিয়তাৰ বাবে বহু যুৱক-যুৱতীৰ মনত ইয়াৰ কৰ্মচাৰী হোৱাৰ এটা বাসনা স্বাভাৱিকতেই থাকে। তেনে সময়তে ২০২২ বৰ্ষৰ বাবে ৫৫,০০০ নতুন ব্যক্তি (Fresher)ক নিযুক্তিৰ ঘোষণা এটা উল্লেখনীয় ঘোষণাত বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক