--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মেটাৰ মালিকাধীন হোৱাটছএপ ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে গুৰুত্বপূৰ্ণ তথ্য। তথ্য প্ৰযুক্তি নিয়ম ২০২১ অনুসৰি নৱেম্বৰ মাহত ভাৰতত ১,৭৫৯,০০০ একাউণ্ট নিষিদ্ধ কৰিছে হোৱাটছএপ-এ। জানিবলৈ পোৱা মতে, দেশখনৰ পৰা একেটা মাহত ৬০২ টা অভিযোগ প্ৰতিবেদন লাভ কৰিছিল হোৱাটছএপে। এই অভিযোগৰ ৩৬টাৰ ওপৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা বুলিও জানিবলৈ পোৱা গৈছে। তথ্য প্ৰযুক্তি নিয়ম ২০২১ অনুসৰি, আমি নৱেম্বৰ মাহৰ বাবে আমাৰ ষষ্ঠ মাহিলী প্ৰতিবেদন প্ৰকাশ কৰিছো। এই প্ৰতিবেদনত অভিযোগ আৰু হোৱাটছএপৰ দ্বাৰা লোৱা সংশ্লিষ্ট পদক্ষেপৰ বিৱৰণ আছে। লগতে আমাৰ প্লেটফৰ্মৰ অপব্যৱহাৰকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ হোৱাটছএপৰ নিজা প্ৰতিৰোধমূলক পদক্ষেপ আছে বুলি এক বিবৃতি যোগে জনাইছে হোৱাটছএপৰ এগৰাকী মুখপাত্ৰই। শেহতীয়া মাহেকীয়া প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, হোৱাটছএপে নৱেম্বৰ মাহত ১.৭৫ নিযুতৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছে বুলি মুখপাত্ৰজনে সদৰি কৰিছে।

কেৱল অক্টোবৰ মাহতে ভাৰতত ২ নিযুতৰো অধিক একাউণ্ট নিষিদ্ধ কৰিছিল হোৱাটছএপে। ইফালে কোম্পানীটোৱে কয়, ‘বিগত বৰ্ষসমূহত আমি আমাৰ ব্যৱহাৰকাৰী সকলক আমাৰ প্লেটফৰ্ম সুৰক্ষিত ৰখাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তি, তথ্য বিজ্ঞানী ,বিশেষজ্ঞ আৰু প্ৰক্ৰিয়াত নিৰন্তৰ বিনিয়োগ কৰি আহিছো।’ আনহাতে, মেটাৰ মতে, ফটো শ্বেয়াৰিং প্লেটফৰ্ম ইনষ্টাগ্ৰামে একেটা সময়তে সক্ৰিয়ভাৱে ১২ টা শ্ৰেণীৰ ৩.২ নিযুততকৈও অধিক একাউণ্টৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। বিগত বৰ্ষৰ মে’ মাহত কাৰ্যকৰী হোৱা নতুন তথ্য প্ৰযুক্তি নিয়ম অনুসৰি প্ৰতিমাহে প্ৰতিবেদন প্ৰকাশ কৰিবলৈ বৃহৎ ডিজিটেল প্লেটফৰ্মৰ প্ৰয়োজন, প্ৰাপ্ত অভিযোগৰ বিৱৰণ আৰু লোৱা পদক্ষেপৰ বিষয়ে উল্লেখ কৰাৰ উপৰি নিজৰ কামত অধিক স্বচ্ছতা আনিবলৈ ব্যৱস্থা অব্যাহত ৰাখিম আৰু ভৱিষ্যতৰ প্ৰতিবেদনত আমাৰ প্ৰচেষ্টাৰ বিষয়ে অধিক তথ্য অন্তৰ্ভুক্ত কৰিম বুলিও হোৱাটছএপে সদৰি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক