--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সমৰ্থকৰ সন্ধানত আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা "নিয়া"ই দেশৰ তিনিখন ৰাজ্যত অভিযান চলায়৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে  কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ প্ৰায় ৬০ টা স্থানত পুৱাৰে পৰা  তালাচী আৰম্ভ কৰিছে। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ সৈতে জড়িত সন্দেহজনক লোকসকলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে। 

যোৱা বছৰ তামিলনাডুৰ কইম্বাটুৰ আৰু কৰ্ণাটকৰ মাংগালুৰুত হোৱা বিস্ফোৰণৰ তদন্তও সংস্থাটোৱে কৰি  আছে। কোয়েম্বাটুৰত হোৱা বিস্ফোৰণত জামেজা মুবিন নামৰ এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী  নিহত হৈছিল। ২০১৯ চনত তদন্তকাৰী সংস্থাটোৱে  তেওঁক আইএছআইএছৰ সৈতে জড়িত থকাৰ সন্দেহত সোধা-পোছা কৰিছিল। তেওঁ এজন অভিযান্ত্ৰিক শাখাৰ স্নাতক আছিল। বিস্ফোৰণৰ পিছত তামিলনাডু আৰক্ষীয়ে  সন্ত্ৰাসবাদীজনৰ ঘৰৰ পৰা প্ৰায় ৭৫  কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল। কইম্বাটুৰৰ কোট্টাই ইশ্বৰণ মন্দিৰৰ ওচৰত সংঘটিত বিস্ফোৰণৰ গোচৰটোত আন কেইবাজনো লোকৰ নাম সাঙোৰ খাই পৰিছিল।  কইম্বাটুৰৰ বিস্ফোৰণত গ্ৰেপ্তাৰ হোৱা সকলৰ এজনে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে শ্ৰীলংকাত ইষ্টাৰৰ সময়ত সংঘটিত আক্ৰমণৰ সৈতে জড়িত আইছিছ সন্ত্ৰাসবাদী উক্ত বিস্ফোৰণত জড়িত আছিল। অভিযুক্ত ফিৰোজ ইছমাইলে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে তেওঁ কেৰালাৰ কাৰাগাৰত থকাৰ সময়তে  আজহাৰুদ্দিন আৰু ৰছিদ আলী নামৰ দুজন সন্ত্ৰাসবাদীক  লগ পাইছিল।

ইফালে, যোৱা বছৰৰ নৱেম্বৰ মাহত  মাংগালুৰুত এখন চলন্ত অটোত বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোত অটো চালক আৰু অটো খনত থকা  যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল। পিছত অনুসন্ধানত প্ৰকাশ পাইছিল যে অটো-ৰিক্সা বিস্ফোৰণৰ মূল অভিযুক্তজন আইছিছৰ সৈতে জড়িত আছিল।    দেশৰ তিনি খন ৰাজ্য কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত আইছিছ সন্ত্ৰাসবাদীৰ অৱস্থিতিৰ বিভিন্ন প্ৰমাণ আৰক্ষীয়ে লাভ কৰাৰ পিছতে আজিৰ তালাচী অভিযান চলোৱা হয়৷ তালাচীৰ সময়ত কাৰোবাক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই অথবা কিবা আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছে নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement