--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছৰ সমৰ্থকৰ সন্ধানত আজি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা "নিয়া"ই দেশৰ তিনিখন ৰাজ্যত অভিযান চলায়৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোৱে  কৰ্ণাটক, তামিলনাডু আৰু কেৰালাৰ প্ৰায় ৬০ টা স্থানত পুৱাৰে পৰা  তালাচী আৰম্ভ কৰিছে। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ সৈতে জড়িত সন্দেহজনক লোকসকলৰ বিৰুদ্ধে এই অভিযান চলোৱা হৈছে বুলি জানিব পৰা গৈছে। 

যোৱা বছৰ তামিলনাডুৰ কইম্বাটুৰ আৰু কৰ্ণাটকৰ মাংগালুৰুত হোৱা বিস্ফোৰণৰ তদন্তও সংস্থাটোৱে কৰি  আছে। কোয়েম্বাটুৰত হোৱা বিস্ফোৰণত জামেজা মুবিন নামৰ এজন সন্দেহযুক্ত সন্ত্ৰাসবাদী  নিহত হৈছিল। ২০১৯ চনত তদন্তকাৰী সংস্থাটোৱে  তেওঁক আইএছআইএছৰ সৈতে জড়িত থকাৰ সন্দেহত সোধা-পোছা কৰিছিল। তেওঁ এজন অভিযান্ত্ৰিক শাখাৰ স্নাতক আছিল। বিস্ফোৰণৰ পিছত তামিলনাডু আৰক্ষীয়ে  সন্ত্ৰাসবাদীজনৰ ঘৰৰ পৰা প্ৰায় ৭৫  কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰিছিল। কইম্বাটুৰৰ কোট্টাই ইশ্বৰণ মন্দিৰৰ ওচৰত সংঘটিত বিস্ফোৰণৰ গোচৰটোত আন কেইবাজনো লোকৰ নাম সাঙোৰ খাই পৰিছিল।  কইম্বাটুৰৰ বিস্ফোৰণত গ্ৰেপ্তাৰ হোৱা সকলৰ এজনে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে শ্ৰীলংকাত ইষ্টাৰৰ সময়ত সংঘটিত আক্ৰমণৰ সৈতে জড়িত আইছিছ সন্ত্ৰাসবাদী উক্ত বিস্ফোৰণত জড়িত আছিল। অভিযুক্ত ফিৰোজ ইছমাইলে জেৰাৰ সময়ত স্বীকাৰ কৰিছিল যে তেওঁ কেৰালাৰ কাৰাগাৰত থকাৰ সময়তে  আজহাৰুদ্দিন আৰু ৰছিদ আলী নামৰ দুজন সন্ত্ৰাসবাদীক  লগ পাইছিল।

ইফালে, যোৱা বছৰৰ নৱেম্বৰ মাহত  মাংগালুৰুত এখন চলন্ত অটোত বিস্ফোৰণ সংঘটিত হয়। ঘটনাটোত অটো চালক আৰু অটো খনত থকা  যাত্ৰী আঘাতপ্ৰাপ্ত হৈছিল। পিছত অনুসন্ধানত প্ৰকাশ পাইছিল যে অটো-ৰিক্সা বিস্ফোৰণৰ মূল অভিযুক্তজন আইছিছৰ সৈতে জড়িত আছিল।    দেশৰ তিনি খন ৰাজ্য কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত আইছিছ সন্ত্ৰাসবাদীৰ অৱস্থিতিৰ বিভিন্ন প্ৰমাণ আৰক্ষীয়ে লাভ কৰাৰ পিছতে আজিৰ তালাচী অভিযান চলোৱা হয়৷ তালাচীৰ সময়ত কাৰোবাক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই অথবা কিবা আপত্তিজনক সামগ্ৰী উদ্ধাৰ হৈছে নেকি সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই