--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যখনতে সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। শাসকীয় বিজেপি দলৰ একাংশ কৰ্মকৰ্তাৰ হাতত প্ৰহৃত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মহিলা আয়োগৰ অধ্যক্ষই। লক্ষণীয়ভাৱে আক্ৰমণৰ সন্মুখীন হোৱা মহিলা আয়োগৰ অধ্যক্ষ গৰাকীও খোদ বিজেপি দলৰে সদস্য।

প্ৰকাশিত খবৰ অনুসৰি, ত্ৰিপুৰাৰ মহিলা আয়োগৰ অধ্যক্ষ বৰ্ণালী গোস্বামীক মঙলবাৰে ধমনগৰত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাই আক্ৰমণ কৰে। এই আক্রমণকাৰীসকলৰ ভিতৰত বিজেপিৰ নির্বাচিত কাউন্সিলাৰো আছে বুলি অভিযোগ উঠিছে৷

এই আক্ৰমণত হচকিত হৈ পৰা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা মহিলা আয়োগৰ অধ্যক্ষ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, তেওঁ চুবুৰীয়াক লগ কৰিবলৈ যোৱাৰ সময়ত প্ৰায় ২০০ মহিলা আৰু পুৰুষে তেওঁক আক্ৰমণ কৰিছিল।

এই সন্দৰ্ভত বৰ্ণালী গোস্বামীয়ে কয়, “এই আক্ৰমণত মই আহত হৈছিলো। আক্ৰমণকাৰীয়ে মোৰ শাৰী আৰু অন্যান্য কাপোৰ ফালি পেলাইছিল। কেইবাবাৰো ফোন কলৰ পিছতো আৰক্ষীয়ে মোক সহায় কৰা নাছিল।”

ঘটনা সন্দৰ্ভত মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে গোচৰ ৰুজু কৰাৰ লগতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাকো অৱগত কৰে। আনহাতে আৰক্ষীৰ ভাষ্য মতে, এই আক্ৰমণত গোস্বামীৰ এগৰাকী সহযোগী আৰু এজন দেহৰক্ষীও আহত হয়।

ইফালে এই আক্ৰমণৰ আঁৰত দলৰ ভিতৰচৰাত চলা নিৰ্বাচনকেন্দ্ৰিক অৰিয়াঅৰি জড়িত থকাৰ সন্দেহ কৰা হৈছে। দলৰ একাংশ কৰ্মীৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ বাবে গোস্বামীয়ে ধমনগৰৰ বিধায়ক তথা দলীয় সতীৰ্থ বিশ্ব বন্ধু সেনৰ বিৰুদ্ধে কাম আৰম্ভ কৰিছে।

এনে দলীয় বিসম্বাদত জড়িত থকাৰ বাবেই দলটোৰ জেষ্ঠ নেত্ৰীগৰাকী দলীয় কৰ্মীৰ দ্বাৰাই প্ৰহৃত হোৱা বুলি অভিযোগ উঠিছে। অৱশ্যে এনে বিষয়ৰ প্ৰত্যক্ষ কোনো ইংগিত দিয়া নাই বৰ্ণালী গোস্বামীয়ে।

উল্লেখ্য যে, কাইলৈ অনুষ্ঠিত হ’ব ৬০খন আসনৰ ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনত বিজেপিয়ে ৫৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰ দল ত্ৰিপুৰাৰ খিলঞ্জীয়া মৰ্চা (আইপিএফটি)ই ৫খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক