--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে ৰাজ্যখনতে সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা। শাসকীয় বিজেপি দলৰ একাংশ কৰ্মকৰ্তাৰ হাতত প্ৰহৃত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মহিলা আয়োগৰ অধ্যক্ষই। লক্ষণীয়ভাৱে আক্ৰমণৰ সন্মুখীন হোৱা মহিলা আয়োগৰ অধ্যক্ষ গৰাকীও খোদ বিজেপি দলৰে সদস্য।

প্ৰকাশিত খবৰ অনুসৰি, ত্ৰিপুৰাৰ মহিলা আয়োগৰ অধ্যক্ষ বৰ্ণালী গোস্বামীক মঙলবাৰে ধমনগৰত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাই আক্ৰমণ কৰে। এই আক্রমণকাৰীসকলৰ ভিতৰত বিজেপিৰ নির্বাচিত কাউন্সিলাৰো আছে বুলি অভিযোগ উঠিছে৷

এই আক্ৰমণত হচকিত হৈ পৰা বিজেপিৰ জ্যেষ্ঠ নেত্ৰী তথা মহিলা আয়োগৰ অধ্যক্ষ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, তেওঁ চুবুৰীয়াক লগ কৰিবলৈ যোৱাৰ সময়ত প্ৰায় ২০০ মহিলা আৰু পুৰুষে তেওঁক আক্ৰমণ কৰিছিল।

এই সন্দৰ্ভত বৰ্ণালী গোস্বামীয়ে কয়, “এই আক্ৰমণত মই আহত হৈছিলো। আক্ৰমণকাৰীয়ে মোৰ শাৰী আৰু অন্যান্য কাপোৰ ফালি পেলাইছিল। কেইবাবাৰো ফোন কলৰ পিছতো আৰক্ষীয়ে মোক সহায় কৰা নাছিল।”

ঘটনা সন্দৰ্ভত মহিলা আয়োগৰ মুৰব্বীগৰাকীয়ে গোচৰ ৰুজু কৰাৰ লগতে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাকো অৱগত কৰে। আনহাতে আৰক্ষীৰ ভাষ্য মতে, এই আক্ৰমণত গোস্বামীৰ এগৰাকী সহযোগী আৰু এজন দেহৰক্ষীও আহত হয়।

ইফালে এই আক্ৰমণৰ আঁৰত দলৰ ভিতৰচৰাত চলা নিৰ্বাচনকেন্দ্ৰিক অৰিয়াঅৰি জড়িত থকাৰ সন্দেহ কৰা হৈছে। দলৰ একাংশ কৰ্মীৰ মতে, আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ বাবে গোস্বামীয়ে ধমনগৰৰ বিধায়ক তথা দলীয় সতীৰ্থ বিশ্ব বন্ধু সেনৰ বিৰুদ্ধে কাম আৰম্ভ কৰিছে।

এনে দলীয় বিসম্বাদত জড়িত থকাৰ বাবেই দলটোৰ জেষ্ঠ নেত্ৰীগৰাকী দলীয় কৰ্মীৰ দ্বাৰাই প্ৰহৃত হোৱা বুলি অভিযোগ উঠিছে। অৱশ্যে এনে বিষয়ৰ প্ৰত্যক্ষ কোনো ইংগিত দিয়া নাই বৰ্ণালী গোস্বামীয়ে।

উল্লেখ্য যে, কাইলৈ অনুষ্ঠিত হ’ব ৬০খন আসনৰ ত্ৰিপুৰা বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনত বিজেপিয়ে ৫৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰ দল ত্ৰিপুৰাৰ খিলঞ্জীয়া মৰ্চা (আইপিএফটি)ই ৫খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু