--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাৰবানত চলি থকা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ আই চি চি বাৰ্ষিক সন্মিলনত মহিলা আৰু পুৰুষৰ আই চি চি ইভেণ্টৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। মহিলা ক্ৰিকেটক নতুন গতি প্ৰদানৰ স্বাৰ্থত আইচিচিয়ে এতিয়া মহিলাৰ ইভেণ্টতো পুৰুষৰ ইভেণ্টত পোৱা পুৰস্কাৰৰ ধনৰ দৰেই পুৰস্কাৰ ধন দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে আইচিচিৰ এই সিদ্ধান্তক লৈ টুইট কৰি সুখ প্ৰকাশ কৰিছে।

এতিয়ালৈকে আইচিচিৰ ইভেণ্টত পুৰুষৰ তুলনাত মহিলাসকলে একেধৰণৰ পুৰস্কাৰৰ ধন লাভ কৰা নাছিল। এতিয়া ২০৩০ চনৰ ভিতৰত এই ধাৰণাটো্ ইউনিফৰ্ম কৰা হ’ব। এতিয়া এদিনীয়া, টি-২০ আৰু অন্যান্য আইচিচি প্ৰতিযোগিতা যিবোৰ পুৰুষ আৰু মহিলাৰ মাজত খেলা হয়, সেইবোৰত একে পুৰস্কাৰৰ ধনৰ পৰিমাণ দেখা যাব।

এই ঐতিহাসিক সিদ্ধান্ত সন্দৰ্ভত বি চি চি আইৰ সম্পাদক জয় শ্বাহে টুইট কৰি সুখ প্ৰকাশ কৰি কয় যে “এই সিদ্ধান্তক লৈ মই অতি সুখী, এতিয়া পুৰুষ-মহিলাৰ দলৰ মাজত থকা বৈষম্য সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে। দুয়োসমূহ দলে এতিয়া একেলগে আগবাঢ়ি যাব পাৰিব। এই সিদ্ধান্ত সন্দৰ্ভত ব’ৰ্ডৰ লগত জড়িত সকলো সদস্যকে ধন্যবাদ জনাইছো।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ