--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডাৰবানত চলি থকা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ আই চি চি বাৰ্ষিক সন্মিলনত মহিলা আৰু পুৰুষৰ আই চি চি ইভেণ্টৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। মহিলা ক্ৰিকেটক নতুন গতি প্ৰদানৰ স্বাৰ্থত আইচিচিয়ে এতিয়া মহিলাৰ ইভেণ্টতো পুৰুষৰ ইভেণ্টত পোৱা পুৰস্কাৰৰ ধনৰ দৰেই পুৰস্কাৰ ধন দিয়াৰ সিদ্ধান্ত লৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক জয় শ্বাহে আইচিচিৰ এই সিদ্ধান্তক লৈ টুইট কৰি সুখ প্ৰকাশ কৰিছে।

এতিয়ালৈকে আইচিচিৰ ইভেণ্টত পুৰুষৰ তুলনাত মহিলাসকলে একেধৰণৰ পুৰস্কাৰৰ ধন লাভ কৰা নাছিল। এতিয়া ২০৩০ চনৰ ভিতৰত এই ধাৰণাটো্ ইউনিফৰ্ম কৰা হ’ব। এতিয়া এদিনীয়া, টি-২০ আৰু অন্যান্য আইচিচি প্ৰতিযোগিতা যিবোৰ পুৰুষ আৰু মহিলাৰ মাজত খেলা হয়, সেইবোৰত একে পুৰস্কাৰৰ ধনৰ পৰিমাণ দেখা যাব।

এই ঐতিহাসিক সিদ্ধান্ত সন্দৰ্ভত বি চি চি আইৰ সম্পাদক জয় শ্বাহে টুইট কৰি সুখ প্ৰকাশ কৰি কয় যে “এই সিদ্ধান্তক লৈ মই অতি সুখী, এতিয়া পুৰুষ-মহিলাৰ দলৰ মাজত থকা বৈষম্য সম্পূৰ্ণৰূপে বিলুপ্ত হৈছে। দুয়োসমূহ দলে এতিয়া একেলগে আগবাঢ়ি যাব পাৰিব। এই সিদ্ধান্ত সন্দৰ্ভত ব’ৰ্ডৰ লগত জড়িত সকলো সদস্যকে ধন্যবাদ জনাইছো।”


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক