--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত শীৰ্ষস্থান আৰোহণ কৰিছে তাৰকা অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। ইংলেণ্ডৰ তাৰকা পেচাৰ জেমছ এণ্ডাৰছনক আঁতৰ কৰি শীৰ্ষস্থানত উপনীত হৈছে অশ্বিন।

চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল অশ্বিনে। মেচখনত ৬টা উইকেট দখল কৰিছিল তেওঁ। এই প্ৰদৰ্শনৰ সুবাদত অশ্বিন ৰেংকিঙৰ শীৰ্ষস্থানীয় বলাৰ হিচাপে পৰিগণিত হয়। আনহাতে ৱেলিংটনত নিউজিলেণ্ডৰ বিপক্ষে ইংলেণ্ডৰ পৰাজয়ৰ পিছত এণ্ডাৰছন দ্বিতীয় স্থানলৈ অৱনমিত হয়।

উল্লেখ্য যে, টেষ্ট কেৰিয়াৰত অশ্বিনে প্ৰথমবাৰৰ বাবে ২০১৫ চনত ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। ৩৬ বৰ্ষীয় স্পিন তাৰকাগৰাকীয়ে চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাকী দুখন টেষ্টত দ্বিতীয় স্থানত থকা এণ্ডাৰছনতৈ পইণ্ট ব্যৱধান বৃদ্ধি কৰি শীৰ্ষ স্থান অক্ষুণ্ণ ৰখাৰ সুযোগ পাব।

তালিকাত অশ্বিন, এণ্ডাৰছনৰ পিছতে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স। ইফালে, ২০২২ চনৰ আগষ্ট মাহৰ পৰা আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা ভাৰতৰ তাৰকা পেচাৰ জছপ্ৰিত বুমৰাহ চতুৰ্থ স্থানলৈ উন্নীত হৈছে।

টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত ভাৰতীয় খেলুৱৈৰ উত্থানৰ বিপৰীতে বেটিং ৰেংকিঙত ভাৰতৰ খেলুৱৈৰ অৱনমন ঘটিছে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা শেহতীয়া ৰেংকিঙত নৱম স্থানলৈ অৱনমিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত খেলপথাৰৰ বাহিৰত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট দুটা স্থান পিছুৱাই অষ্টম স্থানলৈ অৱনমিত হয়।

আনহাতে প্রাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীও ষষ্ঠদশ স্থানলৈ পিছুৱাই আহিছে৷ সীমিত অভাৰৰ ফৰ্মেটত ফৰ্মলৈ ঘূৰিলেও টেষ্ট ক্ৰিকেটত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰাত ধাৰবাহিকভাৱে ব্যৰ্থ হোৱা কোহলীয়ে ২০১৯ চনৰ নৱেম্বৰতে খেলিছিল টেষ্টৰ অন্তিমটো শতকীয় ইনিংছ। চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো ৫ ইনিংছত মাত্ৰ ৯৮ ৰান সংগ্ৰহ কৰিছে কোহলীয়ে।

আজি ঘোষিত আইচিচিৰ ৰেংকিঙত বেটাৰ তালিকাত অষ্ট্ৰেলিয়ান তাৰকাদ্বয় মাৰ্নাছ লাবুশ্বেন আৰু ষ্টিভ স্মিথে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল