--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইচিচি টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত শীৰ্ষস্থান আৰোহণ কৰিছে তাৰকা অফস্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে। ইংলেণ্ডৰ তাৰকা পেচাৰ জেমছ এণ্ডাৰছনক আঁতৰ কৰি শীৰ্ষস্থানত উপনীত হৈছে অশ্বিন।

চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল অশ্বিনে। মেচখনত ৬টা উইকেট দখল কৰিছিল তেওঁ। এই প্ৰদৰ্শনৰ সুবাদত অশ্বিন ৰেংকিঙৰ শীৰ্ষস্থানীয় বলাৰ হিচাপে পৰিগণিত হয়। আনহাতে ৱেলিংটনত নিউজিলেণ্ডৰ বিপক্ষে ইংলেণ্ডৰ পৰাজয়ৰ পিছত এণ্ডাৰছন দ্বিতীয় স্থানলৈ অৱনমিত হয়।

উল্লেখ্য যে, টেষ্ট কেৰিয়াৰত অশ্বিনে প্ৰথমবাৰৰ বাবে ২০১৫ চনত ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। ৩৬ বৰ্ষীয় স্পিন তাৰকাগৰাকীয়ে চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাকী দুখন টেষ্টত দ্বিতীয় স্থানত থকা এণ্ডাৰছনতৈ পইণ্ট ব্যৱধান বৃদ্ধি কৰি শীৰ্ষ স্থান অক্ষুণ্ণ ৰখাৰ সুযোগ পাব।

তালিকাত অশ্বিন, এণ্ডাৰছনৰ পিছতে তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্স। ইফালে, ২০২২ চনৰ আগষ্ট মাহৰ পৰা আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি থকা ভাৰতৰ তাৰকা পেচাৰ জছপ্ৰিত বুমৰাহ চতুৰ্থ স্থানলৈ উন্নীত হৈছে।

টেষ্ট ৰেংকিঙৰ বলাৰৰ তালিকাত ভাৰতীয় খেলুৱৈৰ উত্থানৰ বিপৰীতে বেটিং ৰেংকিঙত ভাৰতৰ খেলুৱৈৰ অৱনমন ঘটিছে। ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা শেহতীয়া ৰেংকিঙত নৱম স্থানলৈ অৱনমিত হৈছে। দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত খেলপথাৰৰ বাহিৰত থকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্ট দুটা স্থান পিছুৱাই অষ্টম স্থানলৈ অৱনমিত হয়।

আনহাতে প্রাক্তন অধিনায়ক তথা তাৰকা বেটাৰ বিৰাট কোহলীও ষষ্ঠদশ স্থানলৈ পিছুৱাই আহিছে৷ সীমিত অভাৰৰ ফৰ্মেটত ফৰ্মলৈ ঘূৰিলেও টেষ্ট ক্ৰিকেটত নিজৰ স্বভাৱসিদ্ধ প্ৰদৰ্শন দাঙি ধৰাত ধাৰবাহিকভাৱে ব্যৰ্থ হোৱা কোহলীয়ে ২০১৯ চনৰ নৱেম্বৰতে খেলিছিল টেষ্টৰ অন্তিমটো শতকীয় ইনিংছ। চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীতো ৫ ইনিংছত মাত্ৰ ৯৮ ৰান সংগ্ৰহ কৰিছে কোহলীয়ে।

আজি ঘোষিত আইচিচিৰ ৰেংকিঙত বেটাৰ তালিকাত অষ্ট্ৰেলিয়ান তাৰকাদ্বয় মাৰ্নাছ লাবুশ্বেন আৰু ষ্টিভ স্মিথে ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক