--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাইছে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। অব্যাহত ৰাখিছে চমকপ্ৰদ প্ৰদৰ্শন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইন্দোৰত আজিৰ পৰা আৰম্ভ হৈছে তৃতীয়খন টেষ্ট। তাত জাদেজাই আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।

তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে আজি টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়ান অপেনাৰ ট্ৰেভিছ হেডৰ উইকেট দখল কৰি আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৫০০ উইকেট সম্পূৰ্ণ কৰে। ইতিপূৰ্বে ভাৰতৰ হৈ কেৰিয়াৰত ৫০০০ ৰানৰ সংখ্যাও অতিক্ৰম কৰিছে জাদেজাই।

তাৰকাগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ উইকেট আৰু ৫০০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হয়। জাদেজাৰ পূৰ্বে কেৱল কিংবদন্তী তাৰকা কপিল দেৱেহে এই ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শ কৰিছিল।

ভাৰতৰ হৈ বৰ্তমানলৈকে মুঠ ৬৩ খন টেষ্ট, ১৭১ খন এদিনীয়া আৰু ৬৪ খন টি-২০ত ভাগ জাদেজাই। টেষ্ট, এদিনীয়া আৰু টি-২০ত জাদেজাৰ সংগ্ৰহিত ৰান হৈছে ক্ৰমে ২৬২৩, ২৪৪৭ আৰু ৪৫৭ ৰান। আনহাতে টেষ্টত ২৬৩, এদিনীয়াত ১৮৯ আৰু টি-২০ত ৫১ টা উইকেট লাভ কৰিছে তাৰকাগৰাকীয়ে।

অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰালৈকে ৪ উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰিছে। হাতত ৬ টা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই এইপৰ্যন্ত ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

এই মুহূৰ্তলৈকে ইন্দোৰৰ টাৰ্নিং উইকেটত ভাৰতীয় বলাৰকেইগৰাকীৰ ভিতৰত জাদেজাইহে সপলতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পতন ঘটা আটাইকেইটা উইকেটেই দখল কৰিছে জাদেজাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই