--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটাইছে তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। অব্যাহত ৰাখিছে চমকপ্ৰদ প্ৰদৰ্শন। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ ইন্দোৰত আজিৰ পৰা আৰম্ভ হৈছে তৃতীয়খন টেষ্ট। তাত জাদেজাই আন এক ঈৰ্ষণীয় কৃতিত্ব অৰ্জন কৰিছে।

তাৰকা অলৰাউণ্ডাৰ গৰাকীয়ে আজি টেষ্টৰ প্ৰথম দিনা অষ্ট্ৰেলিয়ান অপেনাৰ ট্ৰেভিছ হেডৰ উইকেট দখল কৰি আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ৫০০ উইকেট সম্পূৰ্ণ কৰে। ইতিপূৰ্বে ভাৰতৰ হৈ কেৰিয়াৰত ৫০০০ ৰানৰ সংখ্যাও অতিক্ৰম কৰিছে জাদেজাই।

তাৰকাগৰাকীয়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০০ উইকেট আৰু ৫০০০ ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈত পৰিণত হয়। জাদেজাৰ পূৰ্বে কেৱল কিংবদন্তী তাৰকা কপিল দেৱেহে এই ঈৰ্ষণীয় মাইলষ্ট’ন স্পৰ্শ কৰিছিল।

ভাৰতৰ হৈ বৰ্তমানলৈকে মুঠ ৬৩ খন টেষ্ট, ১৭১ খন এদিনীয়া আৰু ৬৪ খন টি-২০ত ভাগ জাদেজাই। টেষ্ট, এদিনীয়া আৰু টি-২০ত জাদেজাৰ সংগ্ৰহিত ৰান হৈছে ক্ৰমে ২৬২৩, ২৪৪৭ আৰু ৪৫৭ ৰান। আনহাতে টেষ্টত ২৬৩, এদিনীয়াত ১৮৯ আৰু টি-২০ত ৫১ টা উইকেট লাভ কৰিছে তাৰকাগৰাকীয়ে।

অষ্ট্ৰেলিয়াই দিনটোৰ খেল সামৰণি পৰালৈকে ৪ উইকেটত ১৫৬ ৰান সংগ্ৰহ কৰিছে। হাতত ৬ টা উইকেট বাকী থকা অৱস্থাত অষ্ট্ৰেলিয়াই এইপৰ্যন্ত ৪৭ ৰানৰ অগ্ৰগতি লাভ কৰিছে।

এই মুহূৰ্তলৈকে ইন্দোৰৰ টাৰ্নিং উইকেটত ভাৰতীয় বলাৰকেইগৰাকীৰ ভিতৰত জাদেজাইহে সপলতা লাভ কৰিছে। অষ্ট্ৰেলিয়াৰ পতন ঘটা আটাইকেইটা উইকেটেই দখল কৰিছে জাদেজাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক