--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপদে যেন লগ নেৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক৷শেহতীয়াকৈ ৪৫ কোটি টকাৰে চৰকাৰী গৃহ নিৰ্মাণৰ অভিযোগ কেজৰিৱালৰ বিৰুদ্ধে উত্থাপন কৰিছে শাসকীয় দল বিজেপিয়ে৷ এই খৰচৰ সবিশেষে হুলস্থুলৰ সৃষ্টি কৰিছিল যদিও আপে কয় যে ঘৰটোৰ অৱস্থা বেয়া আৰু সেয়া চৰকাৰী সম্পত্তি হৈয়েই আছে৷

২০২০ চনৰ পৰা ২০২২ চনৰ ভিতৰত দিল্লী চৰকাৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ চৰকাৰী বাসগৃহটো নতুনকৈ নিৰ্মাণ কৰিবলৈ প্ৰায় ৪৪.৭৮ কোটি টকা ব্যয় কৰিছিল, এই ধন আমদানিকৃত মাৰ্বল, প্লাছ ইণ্টেৰিয়ৰ, বৈদ্যুতিক ফিক্সচাৰ, আৰু হাই-এণ্ড পাকঘৰৰ সঁজুলিৰ বাবে ব্যয় কৰিছিল বুলি এইচ টিয়ে দেখা নথি-পত্ৰত প্ৰকাশ পাইছে।

এই খৰচৰ সবিশেষে হুলস্থুলৰ সৃষ্টি কৰিছে যদিও আম আদমী পাৰ্টিয়ে ঘৰটোৰ অৱস্থা বেয়া বুলি কয় আৰু ঘৰটো চৰকাৰী সম্পত্তি হৈয়েই আছে। ইয়াৰ উপৰিও নতুন চেণ্ট্ৰেল ভিষ্টাৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীৰ বাবে নিৰ্মাণ কৰা আৱাসিক কমপ্লেক্সটোকে ধৰি আন নেতাসকলৰ বাবে গৃহ নিৰ্মাণৰ বাবে ব্যয় কৰা ধনৰ সৈতে তুলনা কৰিবলৈ চেষ্টা কৰা হৈছিল।

কিন্তু স্থানীয় বিজেপি নেতাসকলে নিজৰ চৰকাৰী বাসগৃহ সংস্কাৰৰ বাবে বিপুল পৰিমাণৰ ৰাজহুৱা ধন খৰচ কৰি নিজৰ সাধাৰণ মানুহৰ মৰ্যাদাৰ কথা বাৰে বাৰে প্ৰচাৰ কৰা এজন মুখ্যমন্ত্ৰীৰ অসঙ্গতিৰ কথা আঙুলিয়াই দিলে। “২০২০ চনৰ পৰা ২০২২ চনলৈকে, যিটো ক’ভিড জৰ্জৰ সময় আছিল, সেই সময়ছোৱাত বহু উন্নয়নমূলক কাম চৰকাৰে ধনৰ অভাৱত পিছুৱাই দিছিল৷কিন্তু এতিয়া দিল্লীৰ জনসাধাৰণে স্তম্ভিত হৈ পৰিছে যে সেই ক’ভিডৰ সময়ত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সৌন্দৰ্য্যবৰ্ধনৰ বাবে ৪৪.৭৮ কোটি টকা ব্যৱহাৰ কৰিছিল নিজৰ ঘৰ আৰু কাৰ্যালয়ৰ বাবে,এইয়া অতি দুৰ্ভাগ্যজনক৷ এই মন্তব্য প্ৰদান কৰিছে দিল্লী বিজেপিৰ সভাপতি বীৰেন্দ্ৰ সাচদেৱে। তেওঁ মুখ্যমন্ত্ৰীৰ বাসগৃহটোক আড়ম্বৰপূৰ্ণ “কাঁচৰ ঘৰ” বুলি উল্লেখ কৰি জনসাধাৰণৰ দৰ্শনৰ বাবে মুকলি কৰাৰ দাবী জনায়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু