--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে কৰ্ণাটক। কংগ্ৰেছৰ শক্তিশালী ভোটবেংক থকা কৰ্ণাটকত এইবাৰ পুনৰ কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে কঁকালত টঙালি বান্ধিছে। কৰ্ণাটকৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ ফলাফলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ বাবে  দুৱাৰ মুকলি কৰিব বুলি ইতিমধ্যে  দলটোৰ ৰাজ্যিক গোটৰ মুৰব্বী ডি কে শিৱকুমাৰে মন্তব্য কৰিছে।

শেহতীয়াকৈ সংবাদ সংস্থাৰ সৈতে  হোৱা এক সাক্ষাৎকাৰত তেওঁ ২২৪ জনীয়া বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে  ১৪১ খন আসনত জিকিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে শাসকীয় বিজেপিয়ে ১০ মে'ৰ নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়তে নিৰ্বাচনী প্ৰচাৰ  কেন্দ্ৰীয় নেতাসকলক নিয়োজিত কৰিছে। তেওঁ লগতে  দৃঢ়তাৰে কয় যে দক্ষিণৰ ৰাজ্যখনত 'মোদী কাৰক'টোৱে কাম নকৰিব। তেওঁ কয় যে কৰ্ণাটকত মানুহে সম্পূৰ্ণৰূপে স্থানীয় আৰু উন্নয়নমূলক বিষয়সমূহতে মনোনিৱেশ কৰিছে। 

শিৱকুমাৰে কয় যে মুখ্যমন্ত্ৰী পদক লৈ তেওঁৰ আৰু  সিদ্ধাৰামাইয়াৰ মাজত কোনো কাজিয়া নাই। তেওঁ কয় ’’ আমাৰ  এতিয়া একমাত্ৰ লক্ষ্য হৈছে নিৰ্বাচনত বিজেপিক পৰাস্ত কৰা আৰু কংগ্ৰেছ শাসনলৈ অহাটো নিশ্চিত কৰা। দলটো জয়ী হ'লে, হাইকমাণ্ডে  মুখ্যমন্ত্ৰী কোন হ’ব সেই বিষয়ত সিদ্ধান্ত ল’ব।  সিদ্দাৰামাইয়ো যোৱা সপ্তাহত  দিয়া এক সাক্ষাৎকাৰত একে ধৰণৰ মন্তব্যই কৰিছিল। ৬০ বছৰীয়া কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ এতিয়া কংগ্ৰেছে  ঘোষণা কৰা নিৰ্বাচনৰ "গেৰাণ্টি"ৰ সমূহৰ বাবে  "বিচলিত" হৈছে।  কিয়নো বিজেপিয়ে  যি প্ৰতিশ্ৰুতি দিছিল সেয়া তেওঁলোকে পূৰণ কৰিব পৰা নাই"।  

তেওঁ লগতে কয় যে  কৰ্ণাটকৰ লোকসকল যথেষ্ট পৰিপক্ক। কৰ্ণাটক  দেশৰ অৰ্থনৈতিক বিকাশৰ প্ৰৱেশদ্বাৰ। তেওঁলোকে (বিজেপি) আৱেগিক বিষয় উত্থাপন কৰিছে, আমি উন্নয়নৰ বিষয়ত মনোনিবেশ কৰিব বিচাৰো। মূল্যবৃদ্ধিয়ে প্ৰতিজন সাধাৰণ মানুহক প্ৰভাৱান্বিত কৰিছে, আমি তেওঁলোকক সহায় কৰিব বিচাৰো। চাৰে তিনি বছৰ ধৰি বিজেপিৰ "ডাবল ইঞ্জিন" চৰকাৰ আছে, কিন্তু সেয়া সম্পূৰ্ণৰূপে বিফল হৈছে। গ্লোবেল ইনভেষ্টৰ্ছ মিটত চৰকাৰে দাবী কৰিছিল যে ১০  লাখ কোটি টকা বিনিয়োগ কৰা হ’ব। কিন্তু  বিজেপিয়ে কৰ্ণাটকৰ মালনাদ বা উপকূলীয় অঞ্চলৰ দৰে  অঞ্চলত চাকৰি সৃষ্টি কৰিবলৈ যোৱা নাই; নিবনুৱাৰ সংখ্যা সেয়ে  অধিক হৈছে। কৰ্ণাটক হৈছে জ্ঞানৰ ৰাজধানী আৰু হিজাব আৰু হালালৰ দৰে অবাঞ্ছিত আবেগিক বিষয়বোৰ মানুহে ঘিণ কৰে। 

এনে ধৰণৰ বিষয়বোৰে  সমস্যাৰ সৃষ্টি কৰিছে । শিৱকুমাৰে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত একতাৰ আৰম্ভণি হ'ব, আৰু ২০২৪  চনৰ নিৰ্বাচন  কংগ্ৰেছ দলৰ বাবে হ’ব। কৰ্ণাটকৰ মানুহে দেশক এটা বাৰ্তা দিব। ইয়াৰ আগতেও দেৱৰাজ উৰ্ছৰ (প্ৰাক্তন মুখ্যমন্ত্ৰী) সময়ত যেতিয়া জনতা পাৰ্টি ৰাষ্ট্ৰীয় পৰ্যায়ত শাসনত আছিল, কৰ্ণাটকে কংগ্ৰেছৰ বাবে দুৱাৰ মুকলি কৰিছিল, এতিয়া পুনৰ কৰ্ণাটকে সেই  ভূমিকা পালন কৰিব।তেওঁ কয়  -  মই যোৱা ৩৫ বছৰ ধৰি বিধানসভাত আছো, মই আঠটা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো, এটাত পৰাজিত হৈছো, সাতটাত জিকিছো - মই ৰাজনৈতিক গাণিতিক আৰু সামাজিক বিন্যাস ভালদৰেই বুজি পাওঁ। আমি এটা ডাঙৰ সংখ্যাৰ সৈতে জয়ী  হ'ম। ’’

শিৱকুমাে লগতে কয় যে বিজেপিয়ে কৰ্ণাটকত কৃষকসকলক এক লাখ টকাৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে খেতিয়কৰ উপাৰ্জন দুগুণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে সেইবোৰৰ একোৱেই কৰিব নোৱাৰিলে।  কংগ্ৰেছে  যি প্ৰতিশ্ৰুতি দিছে  তাৰ সৈতে একাত্ম হৈ আছে, আমি বাসৱন্নাৰ দেশত আছোঁ (দ্বাদশ শতিকাৰ সমাজ সংস্কাৰক), আমি যি কৈছো সেয়া প্ৰদান কৰিম। তেওঁলোক ভয়ত আছে, তেওঁলোকৰ মুখ শুকাই গৈছে । তেওঁলোকৰ অধীনত কৰ্ণাটক দেশৰ দুৰ্নীতিৰ ৰাজধানী হৈ পৰিছে।  এচিপি, চাৰ্কেল ইন্সপেক্টৰ, তহচিলদাৰআদি বিভিন্ন চৰকাৰী পদত নিযুক্তিৰ বাবে পৰিশোধ কৰিব লগা ধন সন্দৰ্ভত মিডিয়াই হোটেলৰ মেনু কাৰ্ডৰ দৰে ৰেট কাৰ্ড এখন লৈ ওলাই আহিছে। সকলোবোৰ বিক্ৰীৰ বাবে সাজু কৰা হৈছে।  












FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement