--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰ বহুতো খনিজ পদাৰ্থৰে গঠিত। আইৰন সেই খনিজ পদাৰ্থবোৰৰ ভিতৰত এটা যিটো আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই আমাৰ শৰীৰত হিম’গ্লবিন তৈয়াৰ কৰে যি শৰীৰত ৰক্ত উৎপাদনৰ বাবে প্ৰয়োজন। ই শৰীৰৰ অক্সিজেনৰ জৰিয়তে হাওঁফাওঁ আৰু কলালৈ তেজ স্থানান্তৰ কৰে। শৰীৰত আইৰনৰ অভাৱ হ’লে এই পৰিবহণ প্ৰক্ৰিয়াটো বন্ধ হৈ পৰে আৰু শৰীৰত বহুতো ৰোগে আগুৰি ধৰিব পাৰে। শৰীৰত আইৰনৰ অভাৱত হোৱা ৰোগৰ ভিতৰত ৰক্তহীনতা অন্যতম।

শৰীৰত আইৰনৰ পৰিমাণ কম হোৱা ব্যক্তিয়ে ভাগৰুৱা, দুৰ্বল, উশাহ-নিশাহ লোৱাত কষ্ট, ভৰি ঝিনঝিন কৰা, জিভাৰ বিষ বা ফুলা, ই নিয়মিত হৃদস্পন্দন বা মূৰৰ বিষ অনুভৱ কৰিব পাৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে আইৰনৰ দৰব আৰু আইৰনসমৃদ্ধ খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু কিছুমান ঘৰুৱা ঔষধৰ সহায় লৈও শৰীৰত থকা আইৰনৰ অভাৱ পূৰণ কৰিব পাৰি। গতিকে হিম’গ্লবিন বৃদ্ধি কৰিব পৰা খাদ্য সামগ্ৰী কি কি জানো আহক।

 ১. বীট আৰু গাজৰঃ-বীট আৰু গাজৰত আইৰন প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবোৰত বহুতো পুষ্টিকৰ উপাদানো থাকে, যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে। বীজ আৰু গাজৰৰ দ্বাৰা শৰীৰত আইৰনৰ অভাৱ পূৰণ কৰিব পাৰি।

২. চজিনাৰ পাতঃ-চজিনাৰ পাতত আইৰন, ভিটামিন-এ, চি আৰু মেগনেছিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায়। যদি আপুনি আপোনাৰ শৰীৰত আইৰনৰ অভাৱ সম্পূৰ্ণ কৰিব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা খালী পেটত এচামুচ চজিনা পাতৰ গুড়ি খাব পাৰে। ইয়াৰ নিয়মীয়া সেৱনৰ দ্বাৰা আপুনি আপোনাৰ শৰীৰত আইৰনৰ অভাৱ পূৰণ কৰিব পাৰে।

৩. খেজুৰ, ডুমুৰ আৰু কিচমিচঃ-শুকান ফলৰ এই সংমিশ্ৰণত আইৰন, মেগনেছিয়াম, তাম আৰু ভিটামিন-এ আৰু চি প্ৰচুৰ পৰিমাণে থাকে। ব্ৰেকফাষ্ট হিচাপে ল’ব পাৰি। ব্ৰেকফাষ্ট হিচাপে দৈনিক ২-৩টা তিয়াই থোৱা খেজুৰ, ২টা ডুমুৰ আৰু কিচমিচ খালে শৰীৰত আইৰনৰ অভাৱ দূৰ হয়।

৪. ডুবা ঘাঁহঃ-বহুতো ভিটামিনৰ ভিতৰত বিটা-কেৰটিন, ভিটামিন-কে, ফলিক এচিড, কেলচিয়াম, আইৰন, প্ৰটিন আৰু আঁহ, ভিটামিন-চিৰ এক উৎকৃষ্ট উৎস। দৈনিক পুৱা এচামুচ ইয়াৰ ৰস খালে আপোনাৰ Hb আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

৫. ক’লা তিলঃ-ইয়াত আইৰন, কপাৰ, চেলেনিয়াম আৰু ভিটামিন-বি৬, ফলেটেৰে ভৰপূৰ। সেৱন কৰিবলৈ এচামুচ ক’লা তিল লৈ শুকানকৈ ৰোষ্ট কৰি এচামুচ মৌ আৰু ঘিউৰ লগত মিহলাই নিয়মিতভাৱে সেৱন কৰিলে আইৰনৰ মাত্ৰা বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু