--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ শৰীৰ বহুতো খনিজ পদাৰ্থৰে গঠিত। আইৰন সেই খনিজ পদাৰ্থবোৰৰ ভিতৰত এটা যিটো আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই আমাৰ শৰীৰত হিম’গ্লবিন তৈয়াৰ কৰে যি শৰীৰত ৰক্ত উৎপাদনৰ বাবে প্ৰয়োজন। ই শৰীৰৰ অক্সিজেনৰ জৰিয়তে হাওঁফাওঁ আৰু কলালৈ তেজ স্থানান্তৰ কৰে। শৰীৰত আইৰনৰ অভাৱ হ’লে এই পৰিবহণ প্ৰক্ৰিয়াটো বন্ধ হৈ পৰে আৰু শৰীৰত বহুতো ৰোগে আগুৰি ধৰিব পাৰে। শৰীৰত আইৰনৰ অভাৱত হোৱা ৰোগৰ ভিতৰত ৰক্তহীনতা অন্যতম।

শৰীৰত আইৰনৰ পৰিমাণ কম হোৱা ব্যক্তিয়ে ভাগৰুৱা, দুৰ্বল, উশাহ-নিশাহ লোৱাত কষ্ট, ভৰি ঝিনঝিন কৰা, জিভাৰ বিষ বা ফুলা, ই নিয়মিত হৃদস্পন্দন বা মূৰৰ বিষ অনুভৱ কৰিব পাৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে আইৰনৰ দৰব আৰু আইৰনসমৃদ্ধ খাদ্য খোৱাৰ পৰামৰ্শ দিয়ে। কিন্তু কিছুমান ঘৰুৱা ঔষধৰ সহায় লৈও শৰীৰত থকা আইৰনৰ অভাৱ পূৰণ কৰিব পাৰি। গতিকে হিম’গ্লবিন বৃদ্ধি কৰিব পৰা খাদ্য সামগ্ৰী কি কি জানো আহক।

 ১. বীট আৰু গাজৰঃ-বীট আৰু গাজৰত আইৰন প্ৰচুৰ পৰিমাণে পোৱা যায়। এইবোৰত বহুতো পুষ্টিকৰ উপাদানো থাকে, যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে। বীজ আৰু গাজৰৰ দ্বাৰা শৰীৰত আইৰনৰ অভাৱ পূৰণ কৰিব পাৰি।

২. চজিনাৰ পাতঃ-চজিনাৰ পাতত আইৰন, ভিটামিন-এ, চি আৰু মেগনেছিয়াম পৰ্যাপ্ত পৰিমাণে পোৱা যায়। যদি আপুনি আপোনাৰ শৰীৰত আইৰনৰ অভাৱ সম্পূৰ্ণ কৰিব বিচাৰে তেন্তে প্ৰতিদিনে পুৱা খালী পেটত এচামুচ চজিনা পাতৰ গুড়ি খাব পাৰে। ইয়াৰ নিয়মীয়া সেৱনৰ দ্বাৰা আপুনি আপোনাৰ শৰীৰত আইৰনৰ অভাৱ পূৰণ কৰিব পাৰে।

৩. খেজুৰ, ডুমুৰ আৰু কিচমিচঃ-শুকান ফলৰ এই সংমিশ্ৰণত আইৰন, মেগনেছিয়াম, তাম আৰু ভিটামিন-এ আৰু চি প্ৰচুৰ পৰিমাণে থাকে। ব্ৰেকফাষ্ট হিচাপে ল’ব পাৰি। ব্ৰেকফাষ্ট হিচাপে দৈনিক ২-৩টা তিয়াই থোৱা খেজুৰ, ২টা ডুমুৰ আৰু কিচমিচ খালে শৰীৰত আইৰনৰ অভাৱ দূৰ হয়।

৪. ডুবা ঘাঁহঃ-বহুতো ভিটামিনৰ ভিতৰত বিটা-কেৰটিন, ভিটামিন-কে, ফলিক এচিড, কেলচিয়াম, আইৰন, প্ৰটিন আৰু আঁহ, ভিটামিন-চিৰ এক উৎকৃষ্ট উৎস। দৈনিক পুৱা এচামুচ ইয়াৰ ৰস খালে আপোনাৰ Hb আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

৫. ক’লা তিলঃ-ইয়াত আইৰন, কপাৰ, চেলেনিয়াম আৰু ভিটামিন-বি৬, ফলেটেৰে ভৰপূৰ। সেৱন কৰিবলৈ এচামুচ ক’লা তিল লৈ শুকানকৈ ৰোষ্ট কৰি এচামুচ মৌ আৰু ঘিউৰ লগত মিহলাই নিয়মিতভাৱে সেৱন কৰিলে আইৰনৰ মাত্ৰা বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক