--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীতকালত তেজ ঘন হোৱাৰ বাবে শৰীৰত তেজৰ যোগানত সমস্যাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত আমি ৪টা বস্তুৰ সেৱন সম্পূৰ্ণৰূপে বন্ধ বা হ্ৰাস কৰা উচিত। এনে নকৰিলে কলেষ্টেৰল বৃদ্ধি পায়, যাৰ ফলত হাৰ্ট এটেক হ’ব পাৰে।

ঠাণ্ডা বতৰত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে, যাৰ বাবে শৰীৰটো সহজেই বহু ৰোগৰ বলি হয়। এই ঋতুত আমি আমাৰ খাদ্যাভ্যাসৰ প্ৰতি বহুত গুৰুত্ব দিব লাগিব। এই ঋতুত আমি ভুলতেও ৪বিধ বস্তু খোৱা উচিত নহয়, নহলে হাৰ্ট এটেকৰ বাবে মৃত্যুক সাৱটি ল'ব পাৰে। শীতকালত হৃদৰোগীয়ে কি কি খাদ্য একেবাৰেই খাব নালাগে জানক-

১) শীতকালত ৰঙা মাংস খাব নালাগে: হৃদৰোগীয়ে শীতকালত ৰঙা মাংস খাব নালাগে, ইয়াত অধিক পৰিমাণৰ চেচুৰেটেড ফেট আৰু বেয়া কলেষ্টেৰল থাকে, যিয়ে আপোনাৰ বাবে সমস্যা বৃদ্ধি কৰিব পাৰে। ৰক্তবাহী নলী বন্ধ হোৱাৰ বাবে হাৰ্ট এটেকৰ আশংকা থাকিব পাৰে।

২) ফাষ্ট ফুড খোৱাৰ পৰা বিৰত থাকক: লগতে শীতকালত ৰাজপথত বিক্ৰী হোৱা ফাষ্ট ফুড সেৱন কৰাটোও পৰিহাৰ কৰিব লাগে। এইবোৰত তেল আৰু মছলা বেছি ব্যৱহাৰ কৰা হয়, যিয়ে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰাৰ কাম কৰে। এইবোৰ খালেও আপোনাৰ ডায়েবেটিছ বৃদ্ধি পাব পাৰে।

৩) ভজা বস্তু নাখাব: শীতকালত ব্ৰেড পকোৰা, চামোছা আদি ভজা বস্তু খাব নালাগে। এই সকলোবোৰ বস্তুৱে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰাৰ কাম কৰে। যাৰ বাবে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু আপুনি চিকিৎসালয়ত উপনীত হ’ব পাৰে।

৪) মিঠা বস্তু খোৱাৰ অসুবিধা: ঠাণ্ডাৰ বতৰত মিঠা বস্তু বেছিকৈ খাবলৈ মন যায়। কিন্তু কিছুমান বস্তু আছে যিয়ে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধিৰ কাম কৰে। গতিকে চাহ-কফি, আইচক্ৰীম আৰু পেষ্ট্ৰি কমকৈ সেৱন কৰিব লাগে। এইবোৰ সেৱন কৰিলে শৰীৰত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা বৃদ্ধি হোৱাৰ বাবে বিপদ বৃদ্ধি পায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক