--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী জাৰীন খান পুনৰ সোমাই পৰিছে বিতৰ্কত৷ খবৰ অনুসৰি কলকাতাৰ ছিয়ালদাহ আদালতে জাৰীন খানৰ নামত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।ঘটনা অনুসৰি আদালতত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা কোম্পানীয়ে অভিযোগ দাখিল কৰিছিল।


২০১৮ চনত ৬টা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ অভিযোগত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়। কলকাতা আৰু উত্তৰ ২৪ পৰগনাত ৬খন কালী পূজাৰ কাৰ্যসূচীত অংশ নোলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগ এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ হৈ নাৰকেলডাংগা থানাত দাখিল কৰা হৈছে। ইয়াৰ পাছতে নাৰকেলডাংগা আৰক্ষীয়ে ছিলদাহ আদালতত অভিযোগনামা দাখিল কৰে। বিষয়টো পোহৰলৈ অহাৰ পাছত এই বিষয়ত জাৰীন খানৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনো সঁহাৰি লাভ কৰা নগ’ল ।


২০১০ চনত ছলমান খানৰ সৈতে ‘বীৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল জাৰীন খানে। অভিনেত্ৰীগৰাকীয়েও ছবিখনৰ জৰিয়তে বহু খ্যাতি লাভ কৰিছিল। কিন্তু কিছু সময়ৰ পাছত অভিনেত্ৰীগৰাকীৰ কামৰ শলাগ লোৱাৰ পৰিৱৰ্তে দৰ্শকে অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে তেওঁৰ চেহেৰাৰ তুলনা কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পাছত ক্ৰমান্বয়ে এই উদ্যোগৰ পৰা নোহোৱা হৈ গ’ল অভিনেত্ৰীগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক