--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী জাৰীন খান পুনৰ সোমাই পৰিছে বিতৰ্কত৷ খবৰ অনুসৰি কলকাতাৰ ছিয়ালদাহ আদালতে জাৰীন খানৰ নামত গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছে।ঘটনা অনুসৰি আদালতত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা কোম্পানীয়ে অভিযোগ দাখিল কৰিছিল।


২০১৮ চনত ৬টা অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ অভিযোগত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়। কলকাতা আৰু উত্তৰ ২৪ পৰগনাত ৬খন কালী পূজাৰ কাৰ্যসূচীত অংশ নোলোৱাৰ অভিযোগ উত্থাপন হৈছিল। এই অভিযোগ এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ হৈ নাৰকেলডাংগা থানাত দাখিল কৰা হৈছে। ইয়াৰ পাছতে নাৰকেলডাংগা আৰক্ষীয়ে ছিলদাহ আদালতত অভিযোগনামা দাখিল কৰে। বিষয়টো পোহৰলৈ অহাৰ পাছত এই বিষয়ত জাৰীন খানৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও কোনো সঁহাৰি লাভ কৰা নগ’ল ।


২০১০ চনত ছলমান খানৰ সৈতে ‘বীৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল জাৰীন খানে। অভিনেত্ৰীগৰাকীয়েও ছবিখনৰ জৰিয়তে বহু খ্যাতি লাভ কৰিছিল। কিন্তু কিছু সময়ৰ পাছত অভিনেত্ৰীগৰাকীৰ কামৰ শলাগ লোৱাৰ পৰিৱৰ্তে দৰ্শকে অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতে তেওঁৰ চেহেৰাৰ তুলনা কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পাছত ক্ৰমান্বয়ে এই উদ্যোগৰ পৰা নোহোৱা হৈ গ’ল অভিনেত্ৰীগৰাকী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ