--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বেতে কো হাট লগানে ছে পহলেহ বাপ সে বাত কাৰ'। অসমীয়াত- ‘ল’ৰাৰ ওপৰত হাত দিয়াৰ আগতে বাপেকৰ লগত কথা পাত’। ৩১ আগষ্টত শ্বাহৰুখ খানে ‘জৱান’ৰ প্ৰচাৰমূলক স্নিক পিক মুক্তি পোৱাৰ পিছত এই সংলাপ শুনিছিল। তাৰ পাছতে দৰ্শকৰ মুখে মুখে৷

উল্লেখ্য যে ২০২১ চনত মুম্বাইৰ ড্ৰাগছ গোচৰত পুত্ৰ আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পিছত শ্বাহৰুখে কেতিয়াও ৰাজহুৱা স্থানত এই সন্দৰ্ভত মুখ মেলা নাছিল। সেয়ে বলীউডৰ ৰজাই নিজৰ ছবিৰ জৰিয়তেই কোনো বিশেষ ব্যক্তিক বাৰ্তা দিব বিচাৰে নেকি? দৰ্শক আৰু অনুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি হৈছিল।

এইবাৰ সংলাপ লেখক সুমিত অৰোৰাই সেই সংলাপৰ আঁৰৰ কাহিনী বৰ্ণনা কৰিলে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত সুমিতে কয় যে প্ৰথম অৱস্থাত সংলাপ চিত্ৰনাট্যত নাছিল। ছবিখনৰ সেই বিশেষ দৃশ্যটোৰ শ্বুটিঙৰ দিনা হঠাতে মনলৈ আহিল সংলাপৰ চিন্তা। সুমিতে কয়, ‘এই কাৰণেই চিনেমা নিৰ্মাণৰ প্ৰক্ৰিয়াটো ইমান আকৰ্ষণীয়। যি মুহূৰ্তত দৃশ্যটো শ্বুট কৰা হৈছিল, আমি সকলোৱে অনুভৱ কৰিছিলো যে শ্বাহৰুখৰ মুখত কিছু শক্তিশালী সংলাপ হ’ব লাগে।’’

তেওঁ কয়, "সেই দৃশ্যটোৰ শ্বুটিঙৰ সময়ত যেতিয়া মোক চেটলৈ মাতিছিল, তেতিয়া মোৰ মনলৈ এই সংলাপটো অতি সহজেই আহিছিল... 'বেটে কো হাট লগানে ছে পেহলে বাপ সে বাত কাৰ'। এটলী আৰু শ্বাহৰুখ, দুয়োজনে এই সংলাপটো ভাল পাইছিল।''

যোৱা ৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বৰ চিনেমাগৃহত মুক্তি পালে শ্বাহৰুখৰ প্ৰথমখন প্যান ইণ্ডিয়ান ছবি ‘জৱান’। আটলীয়ে পৰিচালনা কৰা এই ছবিখনে ইতিমধ্যে বিশ্ব জোৰাৰ বক্স অফিচত ৬৫০ কোটিৰো অধিক টকা উপাৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক