--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেটিঙৰ আৰম্ভণিতে যি ধুমুহা সৃষ্টি কৰিছিল, সেই ধুমুহাই সৃষ্টি কৰিছিল জয়ৰ ভেটি। ইনিংছৰ আৰম্ভণিতেই তেওঁৰ বিস্ফোৰক ৩৭ ৰাণেৰে চেন্নাইৰ বিৰুদ্ধে হায়দৰাবাদে জয়লাভ কৰে। হায়দৰাবাদৰ অভিষেক শৰ্মাই খেলৰ অন্তত তিনিজন ব্যক্তিক ক্ৰেডিট দিয়ে। তেওঁ কয় যে এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ যুৱৰাজ সিং আৰু ব্রায়ান লাৰা৷

শুকুৰবাৰে অভিষেকে মাত্ৰ ১২টা বলত ৩৭ ৰান সংগ্ৰহ কৰে। এটা অভাৰৰ পৰা ২৭ ৰান সংগ্ৰহ কৰে মুকেশ চৌধুৰীৰ বলত। তাতেই বিজয়ৰ ভেটি সৃষ্টি হয়। সেই অভিষেক মেচখনৰ পিছত তেওঁ কয়, ‘ডাঙৰ ৰান সংগ্ৰহ কৰিলে ভাল লাগে। কিন্তু এই মেচখনত মই পৰিস্থিতিৰ কথা ভাবি খেলিলোঁ। আশাকৰোঁ পৰৱৰ্তী মেচত আৰু সময় খেলিব পাৰিম। কঠোৰ পৰিশ্ৰমৰ বাবেই সফলতা পালোঁ। ক্ৰেডিট মোৰ দেউতা, ইউভি পাজি আৰু ব্রায়ান লাৰাৰ।”

অভিষেকে কয় যে পাৱাৰ প্লে’ত ৰান অধিক গুৰুত্বপূৰ্ণ। লেহেমীয়া পিটচ হোৱাৰ বাবেই সহায় হোৱা বুলিও তেওঁ স্বীকাৰ কৰে। অভিষেকে কয়, ‘মই অনুভৱ কৰিছিলো যে উইকেটটো যথেষ্ট লেহেমীয়া হৈছে। গতিকে আমি পাৱাৰ প্লে’ৰ সদ্ব্যৱহাৰ কৰিব বিচাৰিছিলো। আই পি এলৰ ভালদৰে প্ৰস্তুতি। মই জানিছিলোঁ উইকেটটো লেহেমীয়া হ’ব। গতিকে বলাৰজনৰ ওপৰত হেঁচা দিয়াৰ বাহিৰে আন কোনো বিকল্প নাছিল।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ