--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবটাবাদ। সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ প্ৰাক্তন নেতা ওছামা বিন লাডেনে পশ্চিম পাকিস্তানৰ এই চহৰখনতে জীৱনৰ শেষৰ কেইটামান দিন কটাইছিল। পাকিস্তান ক্ৰিকেট দলে এতিয়া এবটাবাদৰ আৰ্মী স্কুলত অনুশীলন কৰি আছে। 

যোৱা বছৰ এছিয়া কাপ, ৱান ডে বিশ্বকাপত পাকিস্তানে সফলতা লাভ কৰা নাছিল। গতিকে পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ বছসকলে বাবৰ আজমক আগন্তুক টি-২০ বিশ্বকাপৰ পূৰ্বে সাজু কৰিবলৈ আৰ্মি স্কুললৈ প্ৰেৰণ কৰিছে। 

পাকিস্তানৰ ক্ৰিকেটাৰসকলক সেনাৰ শাৰীৰিক আৰু মানসিক ক্ষমতা বৃদ্ধিৰ বাবে দিয়া সকলো প্ৰশিক্ষণ দিয়া হৈছে। পাহাৰ বগাই, নিৰ্দিষ্ট দূৰত্বলৈ গধুৰ শিল কঢ়িয়াই নিয়া, ওখ প্লেটফৰ্ম বগাই - পাকিস্তানী ক্ৰিকেটাৰসকলৰ বাবে বিভিন্ন প্ৰশিক্ষণ চলি আছে। সেনাৰ প্ৰশিক্ষকসকলে সদায় তীক্ষ্ণ দৃষ্টি ৰাখিছে। কিছুদিন পূৰ্বে ক্ৰিকেটলৈ ঘূৰি অহা অৱসৰপ্ৰাপ্ত ক্ৰিকেটাৰ মহম্মদ আমিৰকো সেনা বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। পিচিবিয়ে এবটাবাদৰ আৰ্মী স্কুলত ক্ৰিকেট খেলুৱৈৰ প্ৰশিক্ষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ক্ৰিকেটপ্ৰেমীৰ সৈতে শ্বেয়াৰ কৰিছে।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত হেৰিছ ৰাউফে কয় যে তেওঁ দুসপ্তাহৰ পিছত বলিং অনুশীলন আৰম্ভ কৰিব। আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত তেওঁ পুনৰ অনুশীলনলৈ আহে। অলৰাউণ্ডাৰ সাদাব খানক সোধা হৈছিল, আৰ্মি স্কুলত প্ৰস্তুতি উপভোগ কৰি আছে নেকি? "একেবাৰে নহয়" হাঁহি এটা মাৰি সি উত্তৰ দিলে।

সেনা বিদ্যালয়ৰ প্ৰশিক্ষকসকলে ক্ৰিকেটাৰসকলৰ শাৰীৰিক আৰু মানসিক সামৰ্থ্য বৃদ্ধি কৰাৰ উপৰিও একতাৰ ভাব গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ