--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অধিনায়ক ফাফ ডু প্লেছিছে টছত জয়ী হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেটিং কৰাৰ সুযোগৰ যথেষ্ট ব্যৱহাৰ কৰিছিল। ট্ৰেভিছ হেড হেনৰিক ক্লাচেনৰ বেটিঙৰ বাবে হায়দৰাবাদে ৩ উইকেটত ২৮৭ ৰান সংগ্ৰহ কৰে। 

আই পি এলৰ ইতিহাসত এয়া সৰ্বাধিক ৰান ইনিংছ। ১৯ দিনৰ অন্তত হায়দৰাবাদে নিজৰ অভিলেখ ভংগ কৰিলে। বিৰাট কোহলীৰ জয়ৰ লক্ষ্য হৈছে ২৮৮ ৰান।

হায়দৰাবাদৰ অ’পেনাৰ দুটাই বেংগালুৰুৰ ২২ গজত আক্ৰমণাত্মক মুডত আৰম্ভ কৰিছিল। অভিষেক শৰ্মাই ২২টা বলত ৩৪ ৰান কৰি আউট হয়। তেওঁ ২টা চাৰি আৰু এটা ছয় মাৰে। উইকেটৰ আনটো মূৰত লক্ষ্যত থাকিল হেড। শেষ দিনটোৰ বিশ্বকাপৰ ফাইনেলৰ নায়ক অষ্ট্ৰেলিয়ান বেটছমেনগৰাকীয়ে ৩৯টা বলত শতক সম্পূৰ্ণ কৰে। শেষত তেওঁ ৯টা চাৰি আৰু ৮টা ছয়ৰ সহায়ত ৪১টা বলত ১০২ ৰান সংগ্ৰহ কৰে।

তিনি নম্বৰ স্থানত নামি অহা ক্লাচেনে বিপক্ষৰ বলাৰক ৰেহাই নিদিলে। তেওঁৰ ৩১টা বলত ৬৭ ৰান সংগ্ৰহ কৰা ইনিংছত ২টা চাৰি আৰু ৭টা ছয় অন্তৰ্ভুক্ত কৰা হয়। পিছত এডেন মাৰ্কৰাম আৰু আব্দুল ছামাদেও দলৰ ৰানৰ গতি অক্ষুণ্ণ ৰাখিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ