--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰয়াত ইংলেণ্ডৰ প্ৰাক্তন স্পিনাৰ ডেৰেক আণ্ডাৰউড। বয়স আছিল ৭৮ বছৰ। টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ সফল বলাৰ। ইংলেণ্ডৰ কাউন্টি ক্লাব কেণ্টে ছ’চিয়েল মিডিয়াত তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে। বৃদ্ধাৱস্থাৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হয়।

ইংলেণ্ডৰ হৈ ৮৬খন টেষ্ট খেলি ২৯৭টা উইকেট দখল কৰে। ১৯৬৬ চনত আণ্ডাৰউডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। ১৯৮২ চনত অৱসৰ গ্ৰহণ কৰে। গোটেই ক্ৰিকেট কেৰিয়াৰত তেওঁ কেণ্টৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। ১৯৬৩ চনত ১৭ বছৰ বয়সত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। 

১৯৬৩ চনৰ পৰা ১৯৮৭ চনলৈ তেওঁ ৯০০ৰো অধিক মেচ খেলি ২৫২৩ টা উইকেট দখল কৰে। বাওঁহাতৰ স্পিনাৰগৰাকীক উইকেট লোৱাৰ দক্ষতাৰ বাবে সতীৰ্থসকলে ‘ডেডলী’ বুলি ডাকনাম দিছিল। স্পিনাৰ হোৱাৰ পিছতো তেওঁৰ বলৰ গতি যথেষ্ট ভাল আছিল। মুঠতে তেওঁ আছিল ইংলেণ্ডৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী।

আণ্ডাৰউডে দেশৰ হৈ এদিনীয়া খেলো খেলিছিল। ১৯৭৫ চনত প্ৰথম বিশ্বকাপতো খেলিছিল। ২৬ খন এদিনীয়া মেচ খেলি ৩২ টা উইকেট দখল কৰে। ১৯৬৯ চনৰ ছেপ্টেম্বৰৰ পৰা ১৯৭৩ চনৰ আগষ্টলৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) ৰেট্ৰ’স্পেকটিভ টেষ্ট বলাৰৰ ৰেংকিঙত আণ্ডাৰউডে শীৰ্ষস্থান দখল কৰে। কেৰী পেকাৰৰ ৱৰ্ল্ড ছিৰিজত যোগদান নকৰা হ’লে আণ্ডাৰউডৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰু দীঘলীয়া হ’ব পাৰিলেহেঁতেন।

সমসাময়িক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰৰ বেট বেয়া নাছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেইবাখনো গুৰুত্বপূৰ্ণ মেচত ইংলেণ্ডৰ জয়ৰ নায়ক আছিল তেওঁ। খেলৰ পৰা অৱসৰ লোৱাৰ পিছত আণ্ডাৰউড এমচিচিৰ সভাপতি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু