--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰয়াত ইংলেণ্ডৰ প্ৰাক্তন স্পিনাৰ ডেৰেক আণ্ডাৰউড। বয়স আছিল ৭৮ বছৰ। টেষ্ট ক্ৰিকেটত ইংলেণ্ডৰ সফল বলাৰ। ইংলেণ্ডৰ কাউন্টি ক্লাব কেণ্টে ছ’চিয়েল মিডিয়াত তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে। বৃদ্ধাৱস্থাৰ বাবেই তেওঁৰ মৃত্যু হোৱা বুলি কোৱা হয়।

ইংলেণ্ডৰ হৈ ৮৬খন টেষ্ট খেলি ২৯৭টা উইকেট দখল কৰে। ১৯৬৬ চনত আণ্ডাৰউডে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। ১৯৮২ চনত অৱসৰ গ্ৰহণ কৰে। গোটেই ক্ৰিকেট কেৰিয়াৰত তেওঁ কেণ্টৰ হৈ প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলিছিল। ১৯৬৩ চনত ১৭ বছৰ বয়সত তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। 

১৯৬৩ চনৰ পৰা ১৯৮৭ চনলৈ তেওঁ ৯০০ৰো অধিক মেচ খেলি ২৫২৩ টা উইকেট দখল কৰে। বাওঁহাতৰ স্পিনাৰগৰাকীক উইকেট লোৱাৰ দক্ষতাৰ বাবে সতীৰ্থসকলে ‘ডেডলী’ বুলি ডাকনাম দিছিল। স্পিনাৰ হোৱাৰ পিছতো তেওঁৰ বলৰ গতি যথেষ্ট ভাল আছিল। মুঠতে তেওঁ আছিল ইংলেণ্ডৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট দখলকাৰী।

আণ্ডাৰউডে দেশৰ হৈ এদিনীয়া খেলো খেলিছিল। ১৯৭৫ চনত প্ৰথম বিশ্বকাপতো খেলিছিল। ২৬ খন এদিনীয়া মেচ খেলি ৩২ টা উইকেট দখল কৰে। ১৯৬৯ চনৰ ছেপ্টেম্বৰৰ পৰা ১৯৭৩ চনৰ আগষ্টলৈকে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আইচিচি) ৰেট্ৰ’স্পেকটিভ টেষ্ট বলাৰৰ ৰেংকিঙত আণ্ডাৰউডে শীৰ্ষস্থান দখল কৰে। কেৰী পেকাৰৰ ৱৰ্ল্ড ছিৰিজত যোগদান নকৰা হ’লে আণ্ডাৰউডৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰু দীঘলীয়া হ’ব পাৰিলেহেঁতেন।

সমসাময়িক সময়ৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ স্পিনাৰৰ বেট বেয়া নাছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে কেইবাখনো গুৰুত্বপূৰ্ণ মেচত ইংলেণ্ডৰ জয়ৰ নায়ক আছিল তেওঁ। খেলৰ পৰা অৱসৰ লোৱাৰ পিছত আণ্ডাৰউড এমচিচিৰ সভাপতি হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ