--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃদ্ধ বয়সতো ঈশান্ত শৰ্মাক ভাল খেলা দেখা গৈছে। দিল্লী কেপিটেলছৰ হৈ যোৱা দুখন মেচত তেওঁ ভাল বলিং কৰিছে। তেওঁ বিৰাট কোহলী আৰু লোকেশ ৰাহুলক একেধৰণৰ বলত আউট কৰে। 

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে ৩৪ ৰানেৰে ৩টা উইকেট দখল কৰে। মেচখনৰ অন্তত ঈশান্তই নিজৰ নতুন বলিঙ ষ্টাইলৰ কথা মুকলিকৈ ক’লে। তেওঁ কয়, ‘যোৱা কেইখনমান মেচত মই নাকলবল খেলিবলৈ চেষ্টা কৰিছিলো। কিন্তু সেয়া হৈ উঠা নাছিল। ঋষভ (পন্থ) আৰু অক্ষৰে (পেটেল) মোক ঠাট্টা কৰি আছিল। নাকলবল খেলিবলৈ চেষ্টা নকৰিবলৈ কৈ আছিল। গতিকে নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰিলোঁ। ই কাম কৰিলে।"

দীৰ্ঘদিন ধৰি আঘাতপ্ৰাপ্ত ঈশান্ত। ফলত ৩৫ বছৰ বয়সতো তেওঁ জাতীয় দলত বিশেষ সুযোগ নাপায়। যদিও আই পি এলত খেলি আছে। তাৰ বাবে ইশান্তই টিম ফিজিঅ’ পেট্ৰিক ফাৰহাৰ্টক প্ৰশংসা কৰে। তেওঁ কয়, “মই ভৱিষ্যতৰ কথা বেছি নাভাবো। মই এটা এটাকৈ মেচত আগবাঢ়িব বিচাৰো। পেট্ৰিকলৈ বহুত বহুত ধন্যবাদ। মোৰ পিছফালে বহু সময় কটায়। সেইবাবেই মই ৯খন মেচ খেলিব পাৰিলোঁ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ